• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

‘কিছুমান দিৱস পাতিয়েই সমাজৰ পৰা সমস্যা আঁতৰাব নোৱাৰি’

NE NOW NEWS অনিৰ্বাণ পাঠক
গুৱাহাটী , June 26, 2018 2:24 pm

2 min read

ATTACHMENT
152
VIEWS
Share on FacebookShare on Twitter

‘আমাৰ যুৱ চামৰ বহুতেই এতিয়া নিচাযুক্ত দ্ৰব্যৰ প্ৰতি অধিক আকৰ্ষিত হোৱা দেখা যায়। আগতে জনজাতীয় লোকসকলে দিনটোৰ পৰিশ্ৰমৰ অন্তত অৱসাদ গুচাবলৈ কিছু পৰম্পৰাগত পানীয় গ্ৰহণ কৰিছিল। কিন্তু এতিয়া সি কেৱল জনজাতিৰ মাজতে সীমাবদ্ধ নাথাকি সমাজত দূৰাৰোগ্য ব্যাধিৰ দৰে বিয়পিছে’।— এই মন্তব্য সমাজ কল্যান মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্মৰ।

মঙলবাৰে আন্তৰ্জাতিক নিচাযুক্ত দ্ৰব্য সেৱন আৰু সৰবৰাহ বিৰোধী দিৱস উপলক্ষে পাঞ্জাবাৰীস্থিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ মাধবদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত সমাজ কল্যান বিভাগৰ উদ্যোগত আয়োজিত এক আলোচনা চক্ৰত ভাগ লৈ মন্ত্ৰী গৰাকীয়ে লগতে অসমত মাদক দ্ৰব্যৰ ফলত সৃষ্টি হোৱা বিভিন্ন পৰিস্থিতি নিৰাময়ৰ বাবে উচিত ব্যবস্থা গ্ৰহণৰ পোষকতা কৰে।

মন্ত্ৰীগৰাকীয়ে লগতে পাঠ্যক্ৰমত নীতি শিক্ষাক অন্তৰ্ভুক্ত কৰাৰ প্ৰয়োজনীয়তাৰ বিষয়েও দোহাৰে। এই ক্ষেত্ৰত চৰকাৰী উদ্যোগত পদক্ষেপ গ্ৰহণৰ বাবে ব্যৱস্থা ল’ব বুলিও তেওঁ প্ৰকাশ কৰে।

অনুষ্ঠানটোত উপস্থিত থাকি মনোৰোগ বিশেষজ্ঞ ডাঃ জয়ন্ত দাসে কয়— ‘নিচাসক্ত কেইজনমান ৰোগীক মাজতে ধৰি নিচাবন্ধ কৰিব বিচাৰিলে নিচাযুক্ত দ্ৰব্য সেৱনৰ সমস্যাটো সমাধান কৰিব পৰা নাযাব। তাৰ বাবে লাগিব এক প্ৰনালীবদ্ধ ব্যৱস্থা। কিন্তু সেইটো আমাৰ সমাজত হোৱা নাই’। তেওঁ সমাজৰ পৰা এনেধৰনৰ সমস্যা দূৰ কৰিবলৈ ব্যক্তিৰ আৱেগিক আৰু মনস্তাত্বিক পৰিপক্কতাৰ প্ৰয়োজন আছে বুলি মত প্ৰকাশ কৰে। তেওঁ এই মনস্তাত্বিক আৰু আৱেগিক পৰিপক্কতা বিদ্যালয়সমূহৰ পৰাই ল’ৰা-ছোৱালীৰ মনত গঢ় দিব লাগিব বুলিও দোহাৰে।

আনহাতে আলোচনা চক্ৰত ভাগ লৈ সাংবাদিক নিতুমণি শইকীয়াই কিছুমান দিৱস পাতিয়েই সমস্যা সমূহ সমাজৰ পৰা আঁতৰাব পৰা নাযাব বুলি উল্লেখ কৰি তেওঁ কয় যে এই দিৱস সমূহৰ তাৎপৰ্য অন্তৰেৰে গ্ৰহণ কৰি আগবাঢ়িব লাগিব। তেওঁ লগতে সুৰাৰ বিপণীসমূহ আবেলি দুই বজাৰ পৰিৱৰ্তে পুৱা ১০ বজাত খোলাৰ অনুমতি দিয়া, দেশীয় সুৰা বিক্ৰীৰ অনুজ্ঞাপত্ৰ দিয়া আদি কাৰ্যৰ দ্বাৰা চৰকাৰে কিছুমান স্ব-বিৰোধী স্থিতি লোৱা বুলিও চৰকাৰক সমালোচনা কৰে।

আজিৰ এই আলোচনা চক্ৰত সমাজ কল্যান বিভাগৰ সঞ্চালক এছ এছ মীণাক্ষিসুন্দৰম, মনোৰোগ বিশেষজ্ঞ ডাঃ চিৰঞ্জীৱ কাকতিও উপস্থিত থাকে।

বিয়লিৰ ভাগত এই দিৱস উপলক্ষে অসম আৰক্ষী, চিআৰপিএফ আৰু কেইবাটাও সংস্থাৰ উদ্যোগত দ্বিতীয়লানি আলোচনা চক্ৰ অনুষ্ঠিত হয়।

Recent News

ঐতিহাসিক জেৰেঙা পথাৰত উপস্থিত প্ৰধান মন্ত্ৰী মোদী; ১ লাখ লোকক প্ৰদান কৰিব ভূমি পট্টা

ঐতিহাসিক জেৰেঙা পথাৰত উপস্থিত প্ৰধান মন্ত্ৰী মোদী; ১ লাখ লোকক প্ৰদান কৰিব ভূমি পট্টা

Calcutta-High-Court-Taxscan

মৃত ব্যক্তিৰ বীৰ্যৰ অধিকাৰ সন্দৰ্ভত কলকাতা উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়

Paresh-Baruah-1-750x375

প্ৰধান মন্ত্ৰীৰ শিৱসাগৰ ভ্ৰমণৰ পূৰ্বে ডিগবৈৰ সেনা শিবিৰত আলফা(স্বা)ৰ বোমা বিস্ফোৰণ

ভৈয়ামৰ মেটমৰা খাদ্য সম্ভাৰ লৈ উৰুকা উদযাপনৰ বাবে পুনৰ পাহাৰলৈ মামা-মামী, জোনবিল মেলাত জনসমূদ্ৰ

ভৈয়ামৰ মেটমৰা খাদ্য সম্ভাৰ লৈ উৰুকা উদযাপনৰ বাবে পুনৰ পাহাৰলৈ মামা-মামী, জোনবিল মেলাত জনসমূদ্ৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd