• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কিশোৰী ধৰ্ষণত অভিযুক্ত অধয় মালাকৰ গ্ৰেপ্তাৰ: শুকুৰবাৰে নিশা বাকসাৰ বৰমাৰ পৰা গ্ৰেপ্তাৰ কৰিলে আৰক্ষীয়ে

শশাংক তালুকদাৰ by শশাংক তালুকদাৰ
February 24, 2018 9:26 am
Rape-accused-Bajali-
195
VIEWS
Share on FacebookShare on Twitter

পাটাছাৰকুছি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিৰেন কলিতা আৰু পাঠশালা চকীৰ পাৰ্থ প্ৰতিম বিশ্বাসৰ নেতৃত্বত যোৱা বজালী আৰু বৰমা আৰক্ষীৰ এক যুটীয়া অভিযানকাৰী দলে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ধৰ্ষণত অভিযুক্ত এজন পাষণ্ডক।

গ্ৰেপ্তাৰ হোৱা অভিযুক্ত ধৰ্ষণকাৰীজনক অধয় মালাকৰ(৪৫) বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। লক্ষ্যণীয় যে ফাৰ্ণিচাৰৰ ব্যৱসায় চলোৱা মালাকৰে ওচৰৰে নিবাসী নাবালিকা কিশোৰী এজনীক বলপূৰ্বকভাবে বলাৎকাৰ কৰাৰ অভিযোগত অভিযুক্ত।

কিশোৰীজনীৰ পৰিয়ালৰ লোকে দাখিল কৰা এফ আই আৰৰ ভিত্তিতে কালি অভিযুক্ত অধয়ক বাকসা জিলাৰ বৰমাৰ পৰা আৰক্ষীৰ অভিযানকাৰী দলটোৱে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

ধৰ্ষণৰ বলি হোৱা কিশোৰীজনীৰ পৰিয়ালৰ সদস্যই জানিব দিয়ে যে যোৱা ১২ ফেব্ৰুৱাৰিৰ দিনা সন্ধিয়া প্ৰায় ৭ মান বজাত কিশোৰীজনীৰ দেউতাকক বিছাৰি বাহিৰলৈ ওলাই গৈছিল। আৰু তেতিয়াই অধয় মালাকৰে কিশোৰীজনীৰ অকলে পাই বলপূৰ্বকভাবে ফাৰ্ণিচাৰ দোকানৰ পিছফালে লৈ যায় ধৰ্ষণৰ দৰে কু-কৰ্ম সংঘটিত কৰে।

উল্লেখ্য যে পাষণ্ড অধয়ে কিশোৰীজনীক এই কু-কৰ্মৰ বিষয়ে কাৰোৰে আগত প্ৰকাশ নকৰিবলৈ কয়। যদিহে এই কথা কৰোবাৰ আগত প্ৰকাশ কৰে তেন্তে লম্পট মালাকৰে কিশোৰীজনীৰ নগ্ন ফটো ৰাজহুৱা কৰাৰো ভাবুকি প্ৰদান কৰে।

কিন্তু কিশোৰীজনী ঘৰলৈ আহি সকলো কথা পৰিয়ালৰ আগত প্ৰকাশ কৰাৰ পাছতে স্থানীয় ৰাইজে ঘটনাৰ উমান পায় উত্তেজিত হৈ পৰে। আৰু মালাকৰৰ ফাৰ্ণিচাৰৰ দোকান ভাঙি চূৰ্ণ বিচূৰ্ণ কৰে। পৰিস্থিতি ভয়ংকৰ হোৱা দেখি মালাকৰে ঘটনাস্থলীৰ পৰা পলায়ন কৰিবলৈ সক্ষম হয়।

এই অমানৱীয় কাণ্ড সংঘটিত কৰা অধয় মালাকৰক শীঘ্ৰে গ্ৰেপ্তাৰৰ দাবীত বিভিন্ন দল তথা ছাত্ৰ সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছিল।

লক্ষ্যণীয় যে ৰাইজৰ হেচাত আৰক্ষীয়ে অভিযুক্ত মালাকৰৰ সন্ধান তীব্ৰতৰ কৰি তোলে আৰু শুকুৰবাৰে নিশা বৰমাৰ পৰা অভিযুক্তকাৰীজনক গ্ৰেপ্তাৰ কৰে।

ধৰ্ষণৰ গোচৰত অভিযুক্ত মালাকৰক বৰ্তমান পাটাছাৰকুছি আৰক্ষী থানাত ৰখা হৈছে আৰু তদন্ত অব্যাহত ৰখা বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd