অসমৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলে কেঁচা চাহপাতৰ উচিত দাম পোৱাৰ পৰা সদায় বঞ্চিত হৈ আহিছে। কেঁচা চাহপাতৰ দৰ নিৰ্ণয়ৰ বাবে ভাৰতীয় চাহ ব’ৰ্ডে সময়ে সময়ে ব্যৱস্থা গ্ৰহণ কৰিলেও কেঁচা চাহপাত ক্ৰয় কৰা কলঘৰসমূহে তেনে ব্যৱস্থাসমূহ মানি লোৱা দেখা নাযায় আৰু চাহ ব’ৰ্ডৰ নিৰ্দেশাৱলী উলংঘা কৰে।
এই অভিযোগ উত্থাপন কৰি অসম ৰাজ্যিক কৃষক সভাই শনিবাৰে এক বিবৃতি যোগে কয় যে সম্প্ৰতি ক্ষুদ্ৰ চাহ খেতিয়কৰ বাগিচাত কাম কৰা শ্ৰমিকসকলৰ ন্যুনতম মজুৰি চৰকাৰে ২৪৪ টকাকৈ নিৰ্দ্ধাৰণ কৰি দিছে।শ্ৰমিকসকলে তেওঁলোকৰ প্ৰাপ্য মজুৰি লাভ কৰা উচিত। কিন্তু কেঁচা চাহপাতৰ মূল্য নিৰ্দ্ধাৰিত কৰি দিব নোৱাৰিলে কোনো ক্ষুদ্ৰ চাহ খেতিয়কে এই নিৰ্দ্ধাৰিত মজুৰি আদায় দিয়া সম্ভৱ নহয়।
বিবৃতিটোত লগতে কোৱা হৈছে যে যিসময়ত এক কিলোগ্ৰাম কেঁচা চাহপাতৰ উৎপাদন খৰচ ২৪ টকা পৰ্যন্ত হৈছে, তেনে সময়ত ক্ষুদ্ৰ চাহ খেতিয়কসকলে প্ৰতি কিলোগ্ৰাম কেঁচা চাহপাত ১২ টকাৰ পৰা ১৮ টকাৰ বিতৰত বিক্ৰী কৰিব লগা হৈছে।
কেঁচা চাহপাতৰ উচিত দাম আৰু শ্ৰমিকৰ মজুৰি নিৰ্দ্ধাৰণৰ ক্ষেত্ৰত সুস্পষ্ট নীতিৰ অভাৱত অসমৰ প্ৰায় এক লাখ ষাঠি হাজাৰ ক্ষুদ্ৰ চাহ খেতিয়ক সংকটত পৰিছে। সভাই কেঁচা চাহপাতৰ দাম ড০ এম এছ স্বামীনাথন কমিটিৰ পৰামৰ্শৰ ভিত্তিত নিৰ্দ্ধাৰণ কৰাৰ দাবী জনাইছে।





