• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, April 18, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কেন্দ্ৰীয় বড়ো সাহিত্য সভাৰ অধিৱেশন : উপস্থিত থাকিব দেশ-বিদেশৰ ভালেমান বড়ো মূলীয় লোক

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , January 31, 2018 2:55 pm

2 min read

BoroSabha
112
VIEWS
Share on FacebookShare on Twitter

আগন্তুক কেন্দ্ৰীয় বড়ো সাহিত্য সভাৰ মুচলপুৰ অধিৱেশনত উপস্থিত থাকিব দেশ-বিদেশৰ ভালেমান বড়ো মূলীয় লোক। এই কথা জানিবলৈ দিছে আয়োজক সমিতিয়ে। ইয়াৰ ভিতৰত আছে- বাংলাদেশৰ বড়ো জনগোষ্ঠী, ত্ৰিপুৰী জনগোষ্ঠী, ভূটান ৰাষ্ট্ৰৰ বড়ো জনগোষ্ঠী, ভূটো জনগোষ্ঠী, নেপাল ৰাষ্ট্ৰৰ বড়ো জনগোষ্ঠী, মেছে জনগোষ্ঠী, ইণ্ডোনেছিয়া ৰাষ্ট্ৰৰ বড়ো জনগোষ্ঠী, বালি জনগোষ্ঠী, ত্ৰিপুৰাৰ বড়ো জনগোষ্ঠী, কোক-বৰক জনগোষ্ঠী, মেঘালয়ৰ বড়ো জনগোষ্ঠী, পশ্চিমবংগৰ বড়ো জনগোষ্ঠী, মেছে জনগোষ্ঠীৰ প্ৰতিনিধি। আয়োজকে জনোৱা মতে, এই জনগোষ্ঠীবোৰৰ প্ৰতিনিধিসকলক আমন্ত্ৰণ জনোৱা হৈছে। লগতে অসমৰ বিভিন্ন জিলাৰ পৰা বড়ো জনগোষ্ঠীৰ লোকসকলে অংশগ্ৰহণ কৰিব।

বাগচা জিলাৰ মুচলপুৰত অনুষ্ঠিত হ’বলগীয়া কেন্দ্ৰীয় বড়ো সাহিত্য সভাৰ ৫৭সংখ্যক এই অধিৱেশনৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হোৱাৰ পথত।

উল্লেখযোগ্য যে বড়ো সাহিত্য সভাৰ কেন্দ্ৰীয় অধিৱেশখন তিনি দিনীয়াকৈ অহা ৪, ৫ আৰু ৬ ফেব্ৰুৱাৰিত অনুষ্ঠিত হ’ব। অধিৱেশনখনৰ বাবে সময়ত সকলো সাজু কৰি তুলিবলৈ মূল আদৰণি সমিতিকে ধৰি বিভিন্ন উপসমিতিবোৰে যুদ্ধকালীন ক্ষিপ্ৰতাৰে কাম কৰি আছে বুলি সূত্ৰটোৱে জানিবলৈ দিছে।

আনহাতে অধিৱেশন উপলক্ষে প্ৰকাশ পাব লগীয়া বহুতো গ্ৰন্থৰ কামো ছপাশালবোৰত চলি আছে বুলি জানিব পৰা গৈছে। অনুষ্ঠানটোৰ স্মৃতি সংৰক্ষৰ বাবে এখন স্মৃতিগ্ৰন্থও প্ৰকাশৰ দিহা কৰা হৈছে, যিখনৰ সম্পাদনা কৰিছে দেওবৰ ৰামচিয়াৰীয়ে।
আনহাতে আয়োজ সমিতিয়ে জানিবলৈ দিয়া মতে, অধিৱেশনৰ মুকলি সভাত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, শিক্ষা আৰু স্বাস্থ্য মন্ত্ৰী ড০ হেমন্ত বিশ্ব শৰ্মা, বি টি চিৰ মুখ্য কাৰ্যবাহী হাগ্ৰামা মহিলাৰী, হায়দৰাবাদ বিশ্ববিদ্যালয়ৰ অধ্যাপক ফণীন্দ্ৰ গয়াৰী, ইংলেণ্ড নিবাসী ডাঃ প্ৰবীৰ ব্ৰহ্ম, ভালেকেইজন বড়ো মন্ত্ৰী তথা বিধায়কো উপস্থিত থাকিব।

Recent News

Golaghat1

গোলাঘাটৰ ধনশিৰি নদীত সন্ধানহীন এগৰাকী উদীয়মান ফুটবল খেলুৱৈ

index.jpg

অনন্য দৃষ্টান্ত ৰাহুল গান্ধীৰ : কোভিড পৰিস্থিতিৰ বাবে পশ্চিমবংগৰ সকলো নিৰ্বাচনী ৰেলী বাতিল

index.jpgz

দেশজুৰি পুনৰ কোভিড আতংক : এপ্ৰিলত অনুষ্ঠিতব্য JEEৰ মূল পৰীক্ষা স্থগিত

index

কোভিড আতংক! : ডিব্ৰুগড় বিশ্বিদ্যালয়ৰ স্নাতকোত্তৰ পৰীক্ষা স্থগিত

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd