DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, February 9, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কোকৰাঝাৰত ঘূৰ্ণি বতাহৰ ফলত ব্যাপক ক্ষতিসাধন : যোগাযোগ ব্যাহত

ৰিনয় বসুমতাৰী by ৰিনয় বসুমতাৰী
May 11, 2018 4:41 pm
93
VIEWS
Share on FacebookShare on Twitter

বৃহস্পতিবাৰে নিশা প্ৰায় ৯ বজাত অহা এজাক বিধ্বংসী ঘূৰ্ণি বতাহৰ ফলত কোকৰাঝাৰ জিলাৰ ভূটীয়াপাৰা গাঁৱকে ধৰি বালাজান তিনালী অঞ্চলত ব্যাপক ক্ষতিসাধন হয়।

উল্লেখযোগ্য যে এই বিধ্বংসী ধুমুহাৰ ফলত গাওঁখনত থকা প্ৰকাণ্ড প্ৰকাণ্ড গছ-গছনিসমূহ উভালি পৰাত ভূটীয়াপাৰা প্ৰাথমিক বিদ্যালয়কে ধৰি গাঁওখনত থকা প্ৰায় দুশটা পৰিয়ালৰ প্ৰতিটো পৰিয়ালৰে কম বেছি পৰিমাণে ক্ষতিসাধন হয়।

আনহাতে গাঁওখনৰে প্ৰতাপ নাথ আৰু সুষমা নাথৰ ঘৰত গছ বাগৰি পৰাত পকীঘৰ চুৰ্ণাকৃত হয় যদিও সেইসময়ত সৌভাগ্যক্ৰমে দুয়োজনে ঘৰৰ বাহিৰত থকাত দৈব্যক্ৰমে ৰক্ষা পৰে।

এই বিধ্বংসী ঘূৰ্ণি বতাহে গছ-গছনি ভাঙি-চিঙি একপ্ৰকাৰ ধ্বংস্থলীত পৰিণত কৰা ভূটীয়াপাৰা গাঁৱত এক আতংকময় পৰিৱেশৰ সৃষ্টি হয় যদিও সৌভাগ্যক্ৰমে কোনো লোক হতাহত হোৱা নাই বুলি জানিব পৰা গৈছে।

তাৰোপৰি বৃহৎ বৃহৎ গছ বাগৰি পৰাত বৈদ্যুতিক খুঁটাসমূহ ভাঙি পৰে আৰু যাৰ পৰিণতিত অঞ্চলটোত পথ যোগাযোগ ব্যৱস্থা আৰু বিদ্যুৎ সৰবৰাহ সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰিছে।

অঞ্চলটোৰ বালাজান চিকিৎসালয় , ভূটীয়াপাৰা প্ৰাথমিক বিদ্যালয় , বালাজান আৰক্ষী চকী , হৰি মন্দিৰ , লক্ষ্মী মন্দিৰ আদিকে ধৰি বহুসংখ্যক অনুষ্ঠান-প্ৰতিষ্ঠান ধুমুহাৰ ফলত ক্ষতিগ্ৰস্ত হৈছে। বালাজান চিকিৎসালয়ত আনকি প্ৰসূতিকালিন কক্ষ ক্ষতিগ্ৰস্ত হোৱাত ৰোগীক চিকিৎসাৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হৈছে । স্থানীয় জনসাধাৰণে ধুমুহাত ক্ষতিগ্ৰস্ত হোৱা চিকিৎসালয় , বিদ্যালয় মেৰামতি তথা পুনৰ নিৰ্মাণৰ বাবে চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিছে।

Recent News

ULFA-I commander killed in encounter

মাৰ্ঘেৰিটাত আলফা (স্বাধীন)-আৰক্ষীৰ সংঘৰ্ষ: আলফা কামাণ্ডাৰ উদয় অসম নিহত

cow hug day

‘গো আলিংগন দিৱস’লৈ সঁহাৰি সঞ্জয় ৰাউটৰ: আদানীক বিজেপিৰ পবিত্ৰ গৰু আখ্যা

labourers killed while cleaning oil tank

মৰ্মান্তিক! কাৰখানাত তেলৰ টেংকি চাফা কৰি থকা অৱস্থাতে সাত শ্ৰমিকৰ মৃত্যু

Trans Couple birth Baby

ইতিহাস! দেশত প্ৰথমবাৰৰ বাবে সন্তান জন্ম দিলে ট্ৰান্সজেণ্ডাৰ দম্পতীয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd