DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 26, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

খেলপথাৰ খেলৰ বাবে : সোণোৱাল চৰকাৰ ‘দুতলীয়া’, মন্তব্য প্ৰাক্তন ৰঞ্জি খেলুৱৈৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
June 12, 2018 4:16 pm
cm sonowal with badminton player sandhu
163
VIEWS
Share on FacebookShare on Twitter

‘গুৱাহাটীক ভাৰতৰ ক্ৰীড়াৰ ৰাজধানী’ হিচাপে গঢ় দিয়াৰ কথা ঘোষণা কৰা সোণোৱাল চৰকাৰে দুতলীয়া ভূমিকা গ্ৰহণ কৰা বুলি মন্তব্য কৰিছে অসম ৰঞ্জি দলৰ  প্ৰাক্তন অধিনায়ক তথা সদৌ অসম ক্ৰিকেট সন্থাৰ নিৰ্বাচন সমিতিৰ সভাপতি প্ৰবীৰ হাজৰিকাই।

খানাপাৰাৰ অসম পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰখন সন্দৰ্ভত নৰ্থ ইষ্ট নাও-এ প্ৰকাশ কৰা ধাৰাৱাহিক প্ৰতিবেদনৰ পিছত এই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে খেলুৱৈ তথা ক্ৰীড়া সংগঠকগৰাকীয়ে।

গুৱাহাটীক খেলৰ ৰাজধানী হিচাপে গঢ় দিয়া প্ৰতিশ্ৰুতিৰে খানাপাৰাৰ ফ্লাই অ’ভাৰৰ তলত সৰ্বানন্দ সোণোৱালৰ ফটোসহ থকা বিজ্ঞাপনলৈ আঙুলিয়াই তেওঁ কয় যে সেই বিজ্ঞাপনৰ বিপৰীতে ৫০০ মিটাৰ নিলগত তেওঁলোকেই খেলপথাৰখনত ৰাজনৈতিক সভা অনুষ্ঠিত কৰে।

আনহাতে গুৱাহাটী মহানগৰ ক্ৰিকেট প্ৰশিক্ষণ কেন্দ্ৰৰ মুখ্য প্ৰশিক্ষক তথা সম্পাদক গৌতম হাজৰিকাই প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সভাৰ নামত খানাপাৰাৰ ক্ৰিকেট পিটছখন মাটিৰে পুতি পেলোৱাক গৰিহণা দিছে।

‘মোদীয়েই আহক বা অমিত শ্বাহেই আহক, তেওঁলোকে সভা অনুষ্ঠিত কৰাৰ বাবে খেলপথাৰখন বাদ দি বেলেগ ঠাই বাছি লওক,‘ বুলি মন্তব্য কৰি প্ৰশিক্ষকগৰাকীয়ে কয় ‘ক্ৰীড়াক লৈ বিভিন্ন পদক্ষেপ হাতত লোৱা হ’ব বুলি চৰকাৰে মুখতে আখৈ ফুটাই থাকে কিন্তু কাৰ্য্যক্ষেত্ৰত একোৱেই কৰা নাই।‘

ৰাজ্যৰ আন এগৰাকী প্ৰাক্তন ৰঞ্জি খেলুৱৈ পৰাগ দাসে ‘খেলপথাৰত ৰাজনৈতিক সভা অনুষ্ঠিত কৰাটো কেতিয়াও গ্ৰহণ কৰিব নোৱাৰো‘ বুলি মন্তব্য কৰি কয় ‘মোদীয়ে স্বাস্থ্য সুৰক্ষিত ৰখাৰ ওপৰত গুৰুত্ব দিলেই নহ’ব। সেইটো কাৰ্য্যত কিমান সফল হৈছে বা খেলুৱৈসকলে অনুশীলনৰ কিমান সুবিধা লাভ কৰিছে তাৰ ওপৰত গুৰুত্ব দিব লাগিব।’

খানাপাৰাৰ খেলপথাৰখনৰ অৱস্থা সন্দৰ্ভত নৰ্থ ইষ্ট নাও-ৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰা সদৌ অসম চেপাক টেকৰ’ এচচিয়ে’ছনৰ সাধাৰণ সম্পাদক বিষ্ণুৰাম নুনিচা, প্ৰাক্তন ৰঞ্জি খেলুৱৈ শুভ্ৰজিৎ শইকীয়া, প্ৰশিক্ষক গৌতম হাজৰিকা সকলোৱেই খেলপথাৰ কেৱল খেলৰ বাবে সংৰক্ষণ কৰাৰ পোষকতা কৰিছে।

দেশৰ বিভিন্ন ৰাজ্যৰ বিখ্যাত খেলপথাৰসমূহ কেৱল খেলৰ বাবে সংৰক্ষিত থকাৰ কথাও তেওঁলোকে উল্লেখ কৰে।

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল অসমৰ খেলুৱৈসকলৰ হকে থিয় দিব বুলি আশা প্ৰকাশ কৰি প্ৰশিক্ষক গৌতম হাজৰিকাই কয় ‘অসম চৰকাৰে ৰাজনৈতিক সভা-সমিতি পাতিবৰ বাবে মহানগৰীৰ কাষৰ বহল ঠাই এটুকুৰা বাছি ল’ব লাগে য’ত হাজাৰ-হাজাৰ ৰাইজ একত্ৰিত হ’ব পাৰে, তেতিয়া তেওঁলোকো সফল হ’ব আৰু ৰাইজো সুখী হ’ব।’

আনহাতে গুৱাহাটীৰ জজ খেলপথাৰখনকো কেৱল খেলা-ধূলাৰ বাবে ব্যৱহাৰ কৰাৰ বাবে কৰিবলগা হোৱা ‘বহুত যুদ্ধৰ’ কথা উল্লেখ কৰি প্ৰবীৰ হাজৰিকাই খানাপাৰাস্থিত খেলপথাৰখনৰ পৰিসৰ বৃদ্ধি কৰি মূল অংশখিনি খেলাৰ বাবে ৰাখি বাকী অংশখিনি অন্যান্য অনুষ্ঠানৰ বাবে ব্যৱহাৰ কৰিবলৈ চৰকাৰৰ প্ৰতি অনুৰোধ জনায়।

গুৱাহাটী ক্ৰীড়া সন্থাৰ ক্ৰিকেট বিভাগৰ সম্পাদক বাবলু চৌধুৰীয়ে খানাপাৰা খেলপথাৰখনৰ বৰ্তমানৰ অৱস্থাৰ বাবে কৰ্তৃপক্ষক দোষাৰোপ কৰি কয় যে মোদী আহোঁতে ক্ৰিকেট পিটছখনত পেলোৱা মাটিখিনি তাৰ পৰা আঁতৰাই পেলোৱাহেঁতেনে পিটছখনৰ আজিৰ অৱস্থা নহ’লহেঁতেন।

অসমৰ ভিতৰতে অন্যতম বিশাল আৰু উৎকৃষ্ট খানাপাৰাৰ খেলপথাৰখন সন্দৰ্ভত আৰ টি আই তথ্যৰ ভিত্তিত নৰ্থ ইষ্ট নাও-এ প্ৰকাশ কৰা ধাৰাৱাহিক প্ৰতিবেদনৰ পিছত আছু, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, কৃষক মুক্তি সংগ্ৰাম সমিতিয়েও ইয়াৰ পূৰ্বে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল।

বিষয়টো সন্দৰ্ভত এইবাৰ সৰৱ হৈ উঠা প্ৰাক্তন খেলুৱৈ তথা ক্ৰীড়া সংগঠকসকলৰ এই প্ৰতিক্ৰিয়াৰ পিছত সোণোৱাল চৰকাৰৰ পদক্ষেপ লক্ষণীয় হ’ব।

Recent News

International Day Against Drug Abuseআজি আন্তৰ্জাতিক ড্ৰাগছ মুক্ত দিৱসঃ মাৰ্ঘেৰিটাত সেৱা ফাউণ্ডেচনৰ উদ্যোগত সজাগতা সভা-বাইক ৰেলী

International Day Against Drug Abuseআজি আন্তৰ্জাতিক ড্ৰাগছ মুক্ত দিৱসঃ মাৰ্ঘেৰিটাত সেৱা ফাউণ্ডেচনৰ উদ্যোগত সজাগতা সভা-বাইক ৰেলী

‘হিন্দু কেলেণ্ডাৰ চাই মঙ্গলযান পঠিয়াইছিল ইছৰোৱে’-মন্তব্য কৰি ট্রোলড হ’ল মাধৱন

‘হিন্দু কেলেণ্ডাৰ চাই মঙ্গলযান পঠিয়াইছিল ইছৰোৱে’-মন্তব্য কৰি ট্রোলড হ’ল মাধৱন

শিক্ষা বিভাগত নহয়, এইবাৰ স্বাস্থ্য বিভাগত নিযুক্তি কেলেংকাৰী; আৰটিআই তথ্যই উদঙালে ভুৱা নিযুক্তি!

শিক্ষা বিভাগত নহয়, এইবাৰ স্বাস্থ্য বিভাগত নিযুক্তি কেলেংকাৰী; আৰটিআই তথ্যই উদঙালে ভুৱা নিযুক্তি!

Mysterious suicide case: বোৱাৰীৰ ৰহস্যজনক আত্মহত্যাক কেন্দ্ৰ কৰি তীব্ৰ উত্তেজনা; দোষীক ফাঁচিৰ দাবী তুলি ঘেৰাও থানা

Mysterious suicide case: বোৱাৰীৰ ৰহস্যজনক আত্মহত্যাক কেন্দ্ৰ কৰি তীব্ৰ উত্তেজনা; দোষীক ফাঁচিৰ দাবী তুলি ঘেৰাও থানা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd