• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গুৱাহাটীত সংবাদমেল পাতি পাহাৰ-ভৈয়ামৰ সম্প্ৰীতিৰ আহ্বান জনালে কাৰ্বি সাহিত্য সভা আৰু কাৰ্বি ছাত্ৰ সংস্থাই

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
June 12, 2018 9:25 pm
KarbiStudentUnion
173
VIEWS
Share on FacebookShare on Twitter

কাৰ্বি আংলং জিলাৰ ডকমকা থানাৰ অন্তৰ্গত পাণজুৰি গাঁৱত এদল অন্ধবিশ্বাসী উন্মাদ লোকৰ অত্যাচাৰত নীলোৎপল দাস আৰু অভিজিৎ নাথ নামৰ দুই প্ৰতিভাৱান যুৱকে প্ৰাণ হেৰুওৱা ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অসমত তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত থকাৰ মাজতে এই নাৰকীয় কাণ্ডৰ গৰিহণা দি দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী জনাইছে কাৰ্বি লামেত আমেই(কাৰ্বি সাহিত্য সভা) আৰু কাৰ্বি ছাত্ৰ সংস্থাই।

মঙলবাৰে গুৱাহাটীৰ ভাগৱতী প্ৰসাদ বৰুৱা ভৱনত অসম সাহিত্য সভাৰ সৈতে কাৰ্বি সংগঠন দুটাৰ নেতৃবৰ্গই এখন সংবাদমেল সম্বোধন কৰি এই দাবী উত্থাপন কৰাৰ লগতে কাৰ্বি জনজাতিৰ সকলো লোককে এই দুষ্কাৰ্যৰ লগত সাঙুৰি নল’বলৈ আহ্বান জনায়।

ভাগৱতী প্ৰসাদ বৰুৱা ভৱনত আয়োজিত এই সংবাদমেলত অসম সাহিত্য সভাৰ সভাপতি ড০ পৰমানন্দ ৰাজবংশী, উপসভাপতি হেমন্ত কুমাৰ বৰুৱা, প্ৰধান সম্পাদক পদুম ৰাজখোৱা আৰু কাৰ্বি জনজাতি প্ৰতিনিধি হিচাপে কাৰ্বি লামেত আমেইৰ সাধাৰণ সম্পাদক কামসিং হান্সে, সাহিত্যিক জয়সিং তগৱি, কাৰ্বি ছাত্ৰ সংস্থাৰ চেমিয়ন ৰংফাৰ আৰু আৰু বিজয় বে’ উপস্থিত থাকে।

সংবাদমেলত কাৰ্বি লামেত আমেইৰ সাধাৰণ সম্পাদক কামসিং হান্সেই ডকমকাৰ এই ঘটনাৰ বাবে সমগ্ৰ অসমবাসীৰ ওচৰত লজ্জিত বুলি প্ৰকাশ কৰি তেওঁ কয় যে উৰাবাতৰি আৰু অন্ধবিশ্বাসৰ বশৱৰ্তী হৈ অঞ্চলটোৰ একাংশ উন্মত্ত লোকে এই জঘন্য কাণ্ড সংঘটিত কৰে। লগতে এই ঘটনাৰ বাবে সমগ্ৰ কাৰ্বি জনজাতিৰ লোকক দোষাৰোপ নকৰিবলৈ আহ্বান জনায়।

ইয়াৰ উপৰি তেওঁ কাৰ্বি আংলঙত যিকোনো সময়তে যিকোনো লোক প্ৰৱেশ কৰাত কোনো অসুবিধা নাই বুলিও উল্লেখ কৰে।

সংবাদমেলত কাৰ্বি ছাত্ৰ সংস্থাৰ সভাপতি চেমিয়েন ৰংফাৰে এই ঘটনাৰ বাবে দুখ প্ৰকাশ কৰি ইয়াৰ ফলত পাহাৰ আৰু ভৈয়ামৰ মানুহৰ মাজত থকা সম্প্ৰীতি যাতে বিনষ্ট নহয় তাৰ বাবে সকলোকে সংযম ৰক্ষা কৰিবলৈ আহ্বান জনায়। তেওঁ লগতে কয়, “নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি অসমৰ সকলো জাতি-জনগোষ্ঠী ঐক্যবদ্ধ হৈছে। কিন্তু তেনে সময়ত এনে ঘটনাই যেন আমাৰ মাজত বিভাজনৰ সৃষ্টি নকৰে।”

একেখন সংবাদমেলত জয়সিং তগবি আৰু বিজয় বে’ই এই ঘটনাৰ পাছত অসমৰ বিভিন্ন প্ৰান্তত কাৰ্বি জনজাতিৰ লোকৰ প্ৰতি বিদ্বেষ ভাব সৃষ্টি হোৱাৰ কথা উত্থাপন কৰি কাৰ্বিসকলৰ প্ৰতি এনে মনোভাব নল’বলৈ অসমৰ ৰাইজলৈ আহ্বান জনায়।

উল্লেখ্য যে, মঙলবাৰে সংবাদমেলৰ পূৰ্বে কাৰ্বি আংলঙৰ পৰা অহা জনজাতীয় সংগঠনকেইটাৰ প্ৰতিনিধিকেইগৰাকীৰ সৈতে অসম সাহিত্য সভাৰ এখন বৈঠক অনুষ্ঠিত হয়।

যুটীয়া বৈঠকত এই ঘটনাৰ তীব্ৰ গৰিহণা দি দোষীক দৃষ্টান্তমূলক শাস্তি বিহাৰ দাবী তুলি প্ৰস্তাৱ গ্ৰহণ কৰে। ইয়াৰ উপৰি এনে ঘটনাৰ যাতে পুনৰাবৃত্তি নহয় তাৰ বাবে অসম সাহিত্য সভাই কাৰ্বি লামেত আমেই আৰু জিলাখনৰ অন্যান্য অৰাজনৈতিক জাতীয় সংগঠনৰ সহযোগত জুলাই মাহত এলানি সজাগতামূলক সেউজ যাত্ৰা কাৰ্যসূচী গ্ৰহণ কৰিব বুলি ড০ পৰমানন্দ ৰাজবংশীয়ে জানিবলৈ দিয়ে। ইয়াৰ লগতে অন্ধবিশ্বাসৰ বিপৰীতে বিজ্ঞানসুলভ মানসিকতা সৃষ্টি তথা কাৰ্বি আংলঙৰ জৈৱ-বৈচিত্ৰ্যৰ সংৰক্ষণ-সংবৰ্ধনৰ বাবে দুয়োখন সভাই উমৈহতীয়া কাৰ্যসূচী গ্ৰহণ কৰিব বুলিও বৈঠক প্ৰস্তাৱ গ্ৰহণ কৰে।

Recent News

ঋণৰ বোজাত অনিল আম্বানী! প্ৰৱঞ্চনাকাৰী আখ্যা ভাৰতীয় ষ্টেট বেংকৰ

ঋণৰ বোজাত অনিল আম্বানী! প্ৰৱঞ্চনাকাৰী আখ্যা ভাৰতীয় ষ্টেট বেংকৰ

বন আইন উলংঘাঃ বন বিভাগৰ শীৰ্ষ বিষয়া এম কে যাদৱৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ কেন্দ্ৰৰ

বন আইন উলংঘাঃ বন বিভাগৰ শীৰ্ষ বিষয়া এম কে যাদৱৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ কেন্দ্ৰৰ

চৰ্দি হৈছে নে চাইনাছ হৈছে কেনেকৈ জানিব? যদি আপুনি কোনো লক্ষণ লক্ষ্য কৰে, তেন্তে আপুনি সাৱধান হোৱা উচিত?

চৰ্দি হৈছে নে চাইনাছ হৈছে কেনেকৈ জানিব? যদি আপুনি কোনো লক্ষণ লক্ষ্য কৰে, তেন্তে আপুনি সাৱধান হোৱা উচিত?

গৰুখুটি বহুমুখী কৃষি প্ৰকল্পৰ গীৰ গাই প্ৰসংগত চিপিআই(এম)ৰ সংবাদমেল

গৰুখুটি বহুমুখী কৃষি প্ৰকল্পৰ গীৰ গাই প্ৰসংগত চিপিআই(এম)ৰ সংবাদমেল

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd