• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গুৱাহাটীত সংবাদমেল পাতি পাহাৰ-ভৈয়ামৰ সম্প্ৰীতিৰ আহ্বান জনালে কাৰ্বি সাহিত্য সভা আৰু কাৰ্বি ছাত্ৰ সংস্থাই

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
June 12, 2018 9:25 pm
KarbiStudentUnion
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কাৰ্বি আংলং জিলাৰ ডকমকা থানাৰ অন্তৰ্গত পাণজুৰি গাঁৱত এদল অন্ধবিশ্বাসী উন্মাদ লোকৰ অত্যাচাৰত নীলোৎপল দাস আৰু অভিজিৎ নাথ নামৰ দুই প্ৰতিভাৱান যুৱকে প্ৰাণ হেৰুওৱা ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অসমত তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত থকাৰ মাজতে এই নাৰকীয় কাণ্ডৰ গৰিহণা দি দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী জনাইছে কাৰ্বি লামেত আমেই(কাৰ্বি সাহিত্য সভা) আৰু কাৰ্বি ছাত্ৰ সংস্থাই।

মঙলবাৰে গুৱাহাটীৰ ভাগৱতী প্ৰসাদ বৰুৱা ভৱনত অসম সাহিত্য সভাৰ সৈতে কাৰ্বি সংগঠন দুটাৰ নেতৃবৰ্গই এখন সংবাদমেল সম্বোধন কৰি এই দাবী উত্থাপন কৰাৰ লগতে কাৰ্বি জনজাতিৰ সকলো লোককে এই দুষ্কাৰ্যৰ লগত সাঙুৰি নল’বলৈ আহ্বান জনায়।

Apply Now

ভাগৱতী প্ৰসাদ বৰুৱা ভৱনত আয়োজিত এই সংবাদমেলত অসম সাহিত্য সভাৰ সভাপতি ড০ পৰমানন্দ ৰাজবংশী, উপসভাপতি হেমন্ত কুমাৰ বৰুৱা, প্ৰধান সম্পাদক পদুম ৰাজখোৱা আৰু কাৰ্বি জনজাতি প্ৰতিনিধি হিচাপে কাৰ্বি লামেত আমেইৰ সাধাৰণ সম্পাদক কামসিং হান্সে, সাহিত্যিক জয়সিং তগৱি, কাৰ্বি ছাত্ৰ সংস্থাৰ চেমিয়ন ৰংফাৰ আৰু আৰু বিজয় বে’ উপস্থিত থাকে।

সংবাদমেলত কাৰ্বি লামেত আমেইৰ সাধাৰণ সম্পাদক কামসিং হান্সেই ডকমকাৰ এই ঘটনাৰ বাবে সমগ্ৰ অসমবাসীৰ ওচৰত লজ্জিত বুলি প্ৰকাশ কৰি তেওঁ কয় যে উৰাবাতৰি আৰু অন্ধবিশ্বাসৰ বশৱৰ্তী হৈ অঞ্চলটোৰ একাংশ উন্মত্ত লোকে এই জঘন্য কাণ্ড সংঘটিত কৰে। লগতে এই ঘটনাৰ বাবে সমগ্ৰ কাৰ্বি জনজাতিৰ লোকক দোষাৰোপ নকৰিবলৈ আহ্বান জনায়।

ইয়াৰ উপৰি তেওঁ কাৰ্বি আংলঙত যিকোনো সময়তে যিকোনো লোক প্ৰৱেশ কৰাত কোনো অসুবিধা নাই বুলিও উল্লেখ কৰে।

সংবাদমেলত কাৰ্বি ছাত্ৰ সংস্থাৰ সভাপতি চেমিয়েন ৰংফাৰে এই ঘটনাৰ বাবে দুখ প্ৰকাশ কৰি ইয়াৰ ফলত পাহাৰ আৰু ভৈয়ামৰ মানুহৰ মাজত থকা সম্প্ৰীতি যাতে বিনষ্ট নহয় তাৰ বাবে সকলোকে সংযম ৰক্ষা কৰিবলৈ আহ্বান জনায়। তেওঁ লগতে কয়, “নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি অসমৰ সকলো জাতি-জনগোষ্ঠী ঐক্যবদ্ধ হৈছে। কিন্তু তেনে সময়ত এনে ঘটনাই যেন আমাৰ মাজত বিভাজনৰ সৃষ্টি নকৰে।”

একেখন সংবাদমেলত জয়সিং তগবি আৰু বিজয় বে’ই এই ঘটনাৰ পাছত অসমৰ বিভিন্ন প্ৰান্তত কাৰ্বি জনজাতিৰ লোকৰ প্ৰতি বিদ্বেষ ভাব সৃষ্টি হোৱাৰ কথা উত্থাপন কৰি কাৰ্বিসকলৰ প্ৰতি এনে মনোভাব নল’বলৈ অসমৰ ৰাইজলৈ আহ্বান জনায়।

উল্লেখ্য যে, মঙলবাৰে সংবাদমেলৰ পূৰ্বে কাৰ্বি আংলঙৰ পৰা অহা জনজাতীয় সংগঠনকেইটাৰ প্ৰতিনিধিকেইগৰাকীৰ সৈতে অসম সাহিত্য সভাৰ এখন বৈঠক অনুষ্ঠিত হয়।

যুটীয়া বৈঠকত এই ঘটনাৰ তীব্ৰ গৰিহণা দি দোষীক দৃষ্টান্তমূলক শাস্তি বিহাৰ দাবী তুলি প্ৰস্তাৱ গ্ৰহণ কৰে। ইয়াৰ উপৰি এনে ঘটনাৰ যাতে পুনৰাবৃত্তি নহয় তাৰ বাবে অসম সাহিত্য সভাই কাৰ্বি লামেত আমেই আৰু জিলাখনৰ অন্যান্য অৰাজনৈতিক জাতীয় সংগঠনৰ সহযোগত জুলাই মাহত এলানি সজাগতামূলক সেউজ যাত্ৰা কাৰ্যসূচী গ্ৰহণ কৰিব বুলি ড০ পৰমানন্দ ৰাজবংশীয়ে জানিবলৈ দিয়ে। ইয়াৰ লগতে অন্ধবিশ্বাসৰ বিপৰীতে বিজ্ঞানসুলভ মানসিকতা সৃষ্টি তথা কাৰ্বি আংলঙৰ জৈৱ-বৈচিত্ৰ্যৰ সংৰক্ষণ-সংবৰ্ধনৰ বাবে দুয়োখন সভাই উমৈহতীয়া কাৰ্যসূচী গ্ৰহণ কৰিব বুলিও বৈঠক প্ৰস্তাৱ গ্ৰহণ কৰে।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd