মিছাকৈ অনুসূচিত জাতিৰ প্ৰমাণ-পত্ৰ উলিয়াই লৈ বহুতেই চৰকাৰী চাকৰি কৰি আছে আৰু লগতে অনুসূচিত জাতিৰ বাবে থকা বিভিন্ন চৰকাৰী সা-সুবিধা আদায় কৰি আছে। এই অভিযোগ অসম অনুসূচিত জাতি যুৱ-ছাত্ৰ সন্থাৰ।
২৬ জুনত গুৱাহাটী প্ৰেছ ক্লাবত অনুসূচিত জাতি যুৱ-ছাত্ৰ সন্থাই এখন সংবাদমেল দি ৰাজ্যখনত বহু দিনৰ পৰা হৈ থকা এই ভয়ংকৰ কেলেংকাৰিৰ কথা তথ্যসহকাৰে দাঙি ধৰে।
সন্থাটোৱে অভিযোগ কৰামতে, চৰকাৰী চাকৰিৰ ক্ষেত্ৰত থকা সংৰক্ষণৰ সুফল সাত শতাংশৰ ভিতৰত তিনি শতাংশহে প্ৰকৃততে অনুসূচিত জাতিৰ লোকে লাভ কৰিছে কয়।
এনেকুৱা জাতিগত প্ৰমাণপত্ৰৰ কেলেংকাৰিৰ কিছুমান নিৰ্দিষ্ট উদাহৰণ সন্থাই তথ্য সহকাৰে দাঙি ধৰে। সন্থাই তথ্য দি কয় যে জলসিঞ্চনৰ সচিব লোহিত চন্দ্ৰ পাঠক, গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ৰ অধীক্ষক ডাঃ ৰমেন তালুকদাৰৰ অনুসূচিত জাতিৰ প্ৰমাণ পত্ৰ ভুৱা।
সন্থাই লগতে কয় যে প্ৰতি বছৰেই স্বাস্থ্য, শিক্ষা আদি বিভাগসমূহত অনুসূচিত জাতিৰ প্ৰমাণ–পত্ৰ লৈ বহু সংখ্যক যুৱক-যুৱতীয়ে অনুসূচিত জাতিৰ ভুৱা প্ৰমাণপত্ৰ লৈ প্ৰৱেশ কৰে। এইবোৰত ব্যাপক ধনৰ লেনদেন হয় বুলি দাবী কৰে। চিকিৎসা বিজ্ঞান, কাৰিকৰী শিক্ষাতে এনেকুৱা সৰ্বাধিক ভুৱা প্ৰমাণ পত্ৰেৰে নামভৰ্তি হয় বুলি কয় সন্থাৰ বিষয়ববীয়াসকলে।
আনহাতে উচ্চতম ন্যায়ালয়ে গঠন কৰি দিয়া ৰাজ্যিক পৰ্যায়ৰ জাতিগত পুনৰীক্ষণ কমিটীক অভিযোগ দিয়া সত্ত্বেও এইক্ষেত্ৰত কোনো ব্যৱস্থা লোৱা নাই বুলি সন্থাই অভিযোগ আন। ইয়াৰ ফলতে প্ৰতিবছৰে বিভিন্ন কৌশলেৰে অনুসূচিত জাতি, উপজাতিসকলক বঞ্চনা কৰি আহিছে এইসকলে।
এই অভিযোগৰ সমান্তৰালভাৱে সন্থাৰ বিষয়ববীয়া সকলে সংবাদমেলত ৰাজ্যৰ সকলো অনুসূচিত জাতিৰ প্ৰমাণ-পত্ৰ নৱীকৰণ কৰাৰ বাবে চৰকাৰক দাবী জনাইছে।
সন্থাই উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত ১৯৯৪ চনত গঠন কৰা ৰাজ্যিক পৰ্যায়ৰ নিৰীক্ষণ কমিটীখনৰ ভূমিকাক লৈও প্ৰশ্ন তোলে।