• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, April 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

গ্ৰন্থপ্ৰেমীৰ ব্যাপক সহাঁৰিৰে আজি বৰপেটা গ্ৰন্থ উৎসৱৰ সামৰণি পৰিল

NE NOW NEWS এন ই নাও নিউজ
বৰপেটা , January 11, 2018 8:24 pm

1 min read

গ্ৰন্থপ্ৰেমীৰ ব্যাপক সহাঁৰিৰে আজি বৰপেটা গ্ৰন্থ উৎসৱৰ সামৰণি পৰিল
81
VIEWS
Share on FacebookShare on Twitter

গ্ৰন্থপ্ৰেমীৰ ব্যাপক উছাহ-উদ্দীপনাৰে আজি অন্তিম দিনাও জীপাল হৈ পৰিল বৰপেটা গ্ৰন্থ উৎসৱ স্থলী।  বৰপেটা বিদ্যাপীঠৰ অম্বিকাগিৰী ক্ষেত্ৰত অনুষ্ঠিত গ্ৰন্থ উৎসৱৰ আজি সামৰণিৰ দিনা গ্ৰন্থপ্ৰেমীৰ ভিৰ দেখিবলৈ পোৱা যায়।

আজি অন্যান্য কাৰ্যসূচীৰ লগতে পুৱা দহ বজাত ভেশছন প্ৰতিযোগিতা অনুষ্ঠিত হয়। বিয়লি প্ৰায় চাৰি বজাৰ পৰা আৰম্ভ হয় মুকলি সভা, বঁটা বিতৰণী আৰু সম্বৰ্দ্ধনা অনুষ্ঠান।

বৰপেটা জিলাৰ উপায়ুক্ত থানেশ্বৰ মালাকাৰৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত নিৰ্দিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰে ‘সাদিন’ কাকতৰ সম্পাদক তথা বিশিষ্ট লেখিকা অনুৰাধা শৰ্মা পূজাৰীয়ে। অনুষ্ঠানত স্থানীয় বিধায়ক গুণীন্দ্ৰ নাথ দাসৰ লগতে কেবাগৰাকী বিশিষ্ট ব্যক্তি অংশগ্ৰহণ কৰে।

এই  কাৰ্যসূচীৰ লগত সংগতি ৰাখি লেখক হিতেশ শৰ্মাৰ ‘ব’হাগৰ অন্য নাম প্ৰেম’ শীৰ্ষক গল্প সংকলনখন উন্মোচন কৰা হয়। গ্ৰন্থখন উন্মোচন কৰে বিশিষ্ট অভিনেতা নিৰ্মল দাসে।

উল্লেখ্য যে, কালি অনুষ্ঠিত গ্ৰন্থ উন্মোচনী সভাত কবি-সাংবাদিক অনুপম অনিৰুদ্ধৰ ‘বিষণ্ণতাৰ বৰষুণ’ শীৰ্ষক কবিতা পুথিখন উন্মোচন কৰা হৈছিল। আয়োজক সমিতিয়ে জনোৱা মতে, গ্ৰন্থ উৎসৱ স্থলীত স্থাপন কৰা প্ৰায় ৭০ খন গ্ৰন্থ বিপণীত প্ৰচণ্ড শীতৰ মাজতো কেবা লক্ষাধিক টকাৰ গ্ৰন্থ বিক্ৰী হয়।

সন্ধিয়া সাংস্কৃতিক অনুষ্ঠানৰ পিচতে ‘আমি বৰপেইটা ফেচবুক ফ’ৰাম’ৰ উদ্যোগত আয়োজিত দ্বিতীয় বৰপেটা গ্ৰন্থ উৎসৱ ২০১৮ৰ সফল সামৰণি পৰে।

Recent News

Biswanath

বিশ্বনাথত ভয়ংকৰ পথ দুৰ্ঘটনা : মহিলাসহ ৮ যাত্ৰী গুৰুতৰভাৱে আহত

index.jpgm

কৰোনাতংকৰ মাজতে বিজেপিৰ ৰোডশ্ব’ত হঠাতে অসুস্থ হৈ পৰিল মিঠুন চক্ৰৱৰ্তী; চিকিৎসালয়ত ভৰ্তি

Eyg727-VoAACecL-750x375

অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বৰ্ষীয়ান ৰাজনীতিক ডাঃ ভূমিধৰ বৰ্মনৰ পৰলোকপ্ৰাপ্তি

COVID19-image-credit-Odishatv-750x375

চৰকাৰৰ শিথিলতাই পুনৰ কোভিড সংক্ৰমণৰ মূল কাৰণ; চিপিআই (এম)

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd