DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 21, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

চূড়ান্ত খচৰাত ৮০ লাখৰ পৰিৱৰ্তে ৪০ লাখ বাদ পৰাত সুখী নহয় উপমন্যু হাজৰিকা

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
August 2, 2018 12:15 pm
চূড়ান্ত খচৰাত ৮০ লাখৰ পৰিৱৰ্তে ৪০ লাখ বাদ পৰাত সুখী নহয় উপমন্যু হাজৰিকা
114
VIEWS
Share on FacebookShare on Twitter

খিলঞ্জীয়াৰ সুৰক্ষাৰ ক্ষেত্ৰত ১৯৫১ চনটো ভিত্তিবৰ্ষ হিচাপে ল’বৰ বাবে দীৰ্ঘদিন ধৰি মাত মাতি অহা প্ৰব্ৰজন বিৰোধী মঞ্চৰ সভাপতি উপমন্যু হাজৰিকাই এন আৰ চিৰ চূড়ান্ত খচৰা প্ৰকাশ পোৱাৰ পাছত তেওঁৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এন আৰ চি প্ৰকাশত সুখী নোহোৱা বুলি উল্লেখ কৰে।

উল্লেখযোগ্য যে নৰ্থ ইষ্ট নাওৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত ‘৮০ লাখৰ ঠাইত ৪০ লাখহে ওলাইছে, গতিকে মই সুখী নহয়।’ বুলি মন্তব্য কৰে প্ৰব্ৰজন বিৰোধী মঞ্চৰ সভাপতি উপমন্যু হাজৰিকাই। লগততে কয় যে ‘কেৱল ময়েই নহয়,  অসমৰ খিলঞ্জীয়াসকলো সুখী নহয়।’

আনহাতে চূড়ান্ত খচৰাত যদিও ৪০ লাখ লোকৰহে নাম বাদ পৰিছে, তেনেক্ষেত্ৰত অনগাত দিনত চূড়ান্ত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী প্ৰকাশৰ পাছত এই সংখ্যা কিমান কমিব তাৰ ঠিক নাই বুলিও হাজৰিকাই সন্দেহ প্ৰকাশ কৰে।

ইয়াৰোপৰি ৪০ লাখ লোকৰ নাম এন আৰ চিত বাদ পৰা কথাটো ৰহস্যজনক বুলি সদৰী কৰি ‘প্ৰকাশ জয়ছোৱালে ৪ জুলাই ২০০৪ ত কৈছিল অসমত ৫০ লাখ বিদেশী থকাৰ কথা কৈছিল। প্ৰয়াত হিতেশ্বৰ শইকীয়াই ১৯৯২ চনত অসমত ৩২ লাখ বাংলাদেশী থকাৰ কথা কৈছিল আৰু কিৰেন ৰিজিজুৱে এতিয়া ৮০ লাখ বিদেশী থকাৰ কথা কৈছিল। কিন্তু এতিয়া সংখ্যাটো কেনেকৈ কম পৰিল?’ বুলি প্ৰশ্ন উত্থাপন কৰে হাজৰিকাই।

আৰু এই ক্ষেত্ৰত ৮০ লাখৰ পৰা সংখ্যাটো কিয় কম হ’ল তাৰ এক অনুসন্ধান কৰিব লাগে বুলিও তেওঁ চৰকাৰক দাবী উত্থাপন কৰে।

ইফালে ‘নাম বাদ পৰাসকলে ওজৰ আপত্তি দৰ্শোৱাৰ সুবিধা পাইছে, যাৰ ফলত চূড়ান্ত এন আৰ চি প্ৰকাশ পোৱাৰ ক্ষেত্ৰত এটা দিঘলীয়া প্ৰক্ৰিয়া হ’ব।’ এই মন্তব্য কৰে হাজৰিকাই।

‘এন আৰ চি খনে আমাক সংখ্যালঘু হোৱাৰ পৰা কিমান পৰিমাণে ৰক্ষা কৰিব সেইটোহে ডাঙৰ বিষয়।’ বুলিও হাজৰিকাই মন্তব্য কৰে।

পৰৱৰ্তী পৰ্য্যায়ত প্ৰব্ৰজন বিৰোধী মঞ্চৰ হৈ উচ্চতম ন্যায়ালয়ৰ কাষ চাপিব নেকি বুলি সোধাত তেওঁ কয় ‘আমি উচ্চতম ন্যায়ালয়ৰ কাষ নাচাপো। আমাৰ মূল এজেণ্ডা এটাই যে, আমাক ৰক্ষাকবচ প্ৰদান কৰিব লাগে। ৰক্ষাকবচৰ কাৰণে বিধানসভাত আইন প্ৰণয়ন কৰিব লাগে। অৰুণাচল, নাগালেণ্ড, মিজোৰামৰ লোকসকলৰ  নিচিনা ভূমি, চৰকাৰী চাকৰি তথা বাণিজ্যিক ব্যৱস্থাৰ ওপৰত ৫১ চনক ভিত্তিবৰ্ষ হিচাপে লৈ খিলঞ্জীয়াৰ বাবে সংৰক্ষণ কৰক।’

লগতে হাজৰিকাই ‘অসম চুক্তিৰ ৬ নং দফাত খিলঞ্জীয়া সুৰক্ষা কবচ দিয়াৰ কথা উল্লেখ আছে, যি অসম আৰু কেন্দ্ৰীয় চৰকাৰ দিবলৈ প্ৰতিশ্ৰুতিবদ্ধ। যোৱা ৩৩ বছৰে কেৱল বিদেশী চিনাক্তকৰণৰ ওপৰতহে চৰকাৰে গুৰুত্ব দিলে, কিন্তু ,সুৰক্ষা কবচৰ বাবে কোনো গুৰুত্ব দিয়া নহ’ল। আজিলৈকে ৮০ লাখ বিদেশীৰ বিনিময়ত মাত্ৰ ৩ হাজাৰতকৈ কম বিতাড়িত হৈছে।’ বুলি উল্লেখ কৰে।

 

Recent News

জিলা ন্যায়িক আদালতলৈ উন্নীত হ’ল বিশ্বনাথৰ মহকুমা ন্যায়িক আদালত

জিলা ন্যায়িক আদালতলৈ উন্নীত হ’ল বিশ্বনাথৰ মহকুমা ন্যায়িক আদালত

MS Dhoni

চেন্নাই চুপাৰ কিংছৰ সমৰ্থকলৈ সকাহ: সমৰ্থকলৈ কি বাৰ্তা দিলে ‘থালা’ই!

আমি প্ৰত্যেকটো নদী বান্ধ ভাঙি পেলোৱাতো বিচাৰো : অখিল গগৈ

আমি প্ৰত্যেকটো নদী বান্ধ ভাঙি পেলোৱাতো বিচাৰো : অখিল গগৈ

যুদ্ধৰ আঁৰৰ খৱৰ: ফিনলেণ্ডলৈ গেছৰ সৰবৰাহ বন্ধ কৰিলে ৰাছিয়াই

যুদ্ধৰ আঁৰৰ খৱৰ: ফিনলেণ্ডলৈ গেছৰ সৰবৰাহ বন্ধ কৰিলে ৰাছিয়াই

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd