DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 17, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

চোৰাং কাঠ ব্যৱসায়ীৰ দপদপনি; বন বিভাগৰ লোককে দা’ লাঠীৰে আক্ৰমণ

নীলমণি শৰ্মা by নীলমণি শৰ্মা
August 5, 2018 11:04 am
চোৰাং কাঠ ব্যৱসায়ীৰ দপদপনি; বন বিভাগৰ লোককে দা’ লাঠীৰে আক্ৰমণ
116
VIEWS
Share on FacebookShare on Twitter

ৰংজুলি বনাঞ্চলত বনজ সম্পদৰ সুৰক্ষাৰ বাবে থকা বন বিভাগৰ লোকৰ নিজৰে নিৰাপত্তা নাইকীয়া হৈছে।

মন কৰিব লগীয়া যে শনিবাৰে নিশা ৰংজুলি বনাঞ্চলত দুৰ্বৃত্তই বন বিভাগৰ লোকৰ ওপৰতে আক্ৰমণ কৰাৰ দৰে সংঘটিত হয় এক বিপৰীত ছবি। আনকি দুৰ্বৃত্তৰ দলটোৱে বন বিভাগৰ কৰ্মী সকলক প্ৰাণে মৰাৰ ভাবুকি প্ৰদান কৰাৰ লগতে বন শিবিৰ জ্বলাই দিয়াৰো ভাবুকি প্ৰদান কৰে।

উল্লেখযোগ্য যে শনিবাৰে নিশা ৰংজুলি বনাঞ্চলৰ খেৰোপাৰা ৰিৰ্জাভৰ অন্তৰ্গত কানকাটা বন শিবিৰৰ ভাৰপ্ৰাপ্ত বিষয়া খগেন্দ্ৰনাথ কলিতাৰ নেতৃত্বত এটা বন কৰ্মীৰ দলে নিয়মীয়া পে’ট্ৰলিঙত যাওঁতে কানকাটা গাঁৱত দুখন ঠেলাত চোৰাং কাঠ সৰবৰাহ কৰা এটা দলৰ সৈতে মুখামুখী হয়।

লগে লগে বন বিভাগৰ দলটোয়ে ঠেলাসহ চোৰাং কাঠখিনি জব্দ কৰে। কিন্তু চোৰাং কাঠখিনি জব্দ কৰাৰ লগে লগে কাঠ কঢ়িয়াই অনা দলটোৱে এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰে। ফলত লগে লগে ২০/২৫ জনীয়া এটা দুৰ্বৃত্তৰ দল ওলাই আহি বন বিভাগৰ কৰ্মী দা’, লাঠীৰে আক্ৰমণ কৰি জব্দ কৰা চোৰাং কাঠখিনি বন বিভাগৰ কবলৰ পৰা লৈ যায়।

ইফালে ঘটনাৰ আকস্মিকতাত কিং কৰ্তব্য বিমূঢ় হৈ পৰা বন কৰ্মীৰ দলটোৰ নীৰৱ দৰ্শক হৈ থকাৰ বাহিৰে উপায় নাইকিয়া হ’ল। ঘটনাটোত খগেন্দ্ৰনাথ কলিতাৰ লগতে বন বিভাগৰ লালমোহন বড়ো, অনুপ কুমাৰ দাস আৰু ইৰেন ৰাভা আহত হয়। আৰু আহত সকল শিমলীতোৱা স্বাস্থ্য  কেন্দ্ৰত ভৰ্তি হয়।

ইতিমধ্যে ঘটনা সন্দৰ্ভত শিমলীতোলা আৰক্ষী চকীত এজাহাৰ দাখিল কৰা বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে ২০১৭ বৰ্ষৰ ৯ এপ্ৰিলত একেখন ৰিজাৰ্ভৰে খেৰোপাৰাত ৰংজুলিৰ আঞ্চলিক বন বিষয়া সহ ১০ জন বন বিষয়া, কৰ্মীক চোৰাং কাঠ বেপাৰীয়ে আক্ৰমণ কৰি গুৰুতৰভাৱে আহত কৰিছিল।

Recent News

ৰাজ্যৰ ৫০ৰো অধিক স্থানত ভূমিস্খলন:বৰাক উপত্যকাকে ধৰি ত্ৰিপুৰা, মিজোৰামত তীব্ৰ খাদ্য সংকটৰ আশংকা

এফচিআইৰ গাফিলতি: হাফলঙত মাত্ৰ দুদিনৰ বাবেহে মজুত আছে খাদ্য!

কোচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত কৰক: আক্ৰাছু

কোচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত কৰক: আক্ৰাছু

হাজোত বৰলীয়া নৈৰ কোৱাল সোঁতে উটুৱাই নিলে কাঠৰ দলং

হাজোত বৰলীয়া নৈৰ কোৱাল সোঁতে উটুৱাই নিলে কাঠৰ দলং

filmmaker Avinash Das booked

আইএএছ বিষয়াৰ সৈতে গৃহমন্ত্ৰী অমিত শ্বাহৰ ফটো শ্বেয়াৰ কৰি গ্ৰেপ্তাৰ হ’ল চলচ্চিত্ৰ নিৰ্মাতা অৱিনাশ দাস

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd