• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চৰকাৰী বিদ্যালয়ৰ শিক্ষকসকললৈ নতুন আৰু বৰ্ধিত পে’ স্কে’লৰ দৰমহাৰ কথা ঘোষণা মন্ত্ৰী হিমন্তৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
June 5, 2018 10:15 pm
মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল। ফটো : য়ু বি।

মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল। ফটো : য়ু বি।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম চাহ নিগমৰ ১৬,১৩৩ গৰাকী কৰ্মচাৰীয়ে অৱসৰ গ্ৰহণ কৰাৰ পিছত ২০ বছৰে তেওঁলোকে পেন্সন পোৱা নাছিল বা চৰকাৰৰ ফালৰ পৰা অৱসৰকালীন ভাট্টা দিয়া হোৱা নাছিল।

ইয়াৰ বহু কৰ্মচাৰীৰ হয়তো পেন্সন নোপোৱাকৈ মৃত্যু হৈছে। লগতে ৫৯৪গৰাকী কৰ্মচাৰীৰ ৬০ বছৰ বয়স পাৰ হৈ যোৱাৰ পিছতো অসম চাহ নিগমে তেওঁলোকৰ অৱসৰৰ পিছত পেন্সন দিব নোৱৰা কাৰণে তেওঁলোকে বাধ্য হৈ কাম কৰি আছিল বুলি আজিৰ সংবাদমেলত বিত্ত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই কথা স্বীকাৰ কৰে।

Apply Now

“এইসকল লোকক এককালীন পেন্সন দিয়াৰ বাবে কালি বিত্ত বিভাগৰ পৰা ৯৯ কোটি টকা প্ৰদান কৰা হৈছে। এই ধনৰ পৰাই ১৬,১৩৩জন অৱসৰপ্ৰাপ্ত চাহ নিগমৰ কৰ্মচাৰীক পেন্সন তথা মৰগীয়া বানচ প্ৰদান কৰা হ’ব।” মংগলবাৰে জনতা ভৱনত সংবাদমেল সম্বোধন কৰি এই কথা ঘোষণা কৰে বিত্ত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

আনহাতে, যিসকল লোকে পেন্সন নোপোৱা বাবে অৱসৰৰ বয়সৰ পিছতো কাম কৰি দিছিল, সেই সকলকো অৱসৰ বানচখিনি দি অৱসৰ দিয়া হ’ব বুলি মন্ত্ৰীগৰাকীয়ে সংবাদমেলত  সদৰী কৰে।

উল্লেখ্য যে যোৱা বছৰ নৱেম্বৰ মাহত গঠন হোৱা এন’মেলি কমিটীৰ প্ৰতিবেদন তথা পৰামৰ্শৰ ভিত্তিত কৰ্মচাৰীসকলৰ বাবে সুবিধাসমূহ প্ৰণয়ন কৰাৰ ব্যৱস্থা কৰা হ’ব বুলি ড০ শৰ্মাই জানিবলৈ দিয়ে। তেওঁ লগতে কয়, “শুকুৰবাৰে অনুষ্ঠিত হোৱা কেবিনেটে এন’মেলি কমিটীৰ ৰিপৰ্টখিনি পৰীক্ষা কৰে। পৰীক্ষাৰ অন্তত যিখিনি অসম চৰকাৰৰ বাবে গ্ৰহণযোগ্য সেইখিনি গ্ৰহণ কৰাৰ লগতে এন’মেলি কমিটীৰ গোটেই পৰামৰ্শখিনি জাননী আকাৰত দুই-এদিনতে প্ৰকাশ কৰি দিয়া হ’ব।”

আনহাতে কাইলৈ ৰাতিপুৱাৰ পৰা বিত্ত বিভাগৰ পৰ্টেলত এন’মেলি কমিটীৰ ৰিপৰ্টটো উপলব্ধ হ’ব বুলি মন্ত্ৰীগৰাকীয়ে সংবাদমেলত ঘোষণা কৰে।

ৰাজ্যৰ ভিন্ন প্ৰান্তৰ কৰ্মচাৰীসকলৰ বিভিন্ন ভাট্টা সম্পৰ্কে বহুতো ব্যৱস্থা হাতত লোৱা হৈছে বুলি মত প্ৰকাশ কৰাৰ লগতে তেওঁ কয়, “গুৱাহাটী মহানগৰীত যিসকল কৰ্মচাৰীয়ে কাম কৰে, তেওঁলোকক দৰমহাৰ ১০ শতাংশ ঘৰ ভাড়াৰ ভাত্তা দিয়া হ’ব।”

লগতে যিসকলে জিলা আৰু মহকুমাৰ মুখ্য কাৰ্য্যালয়ত কাম কৰে তেওঁলোকে ৮ শতাংশকৈ ঘৰ ভাৰা ভাত্তা পাব। ব্লক পৰ্য্যায়ৰ মুখ্য কাৰ্য্যালয়ত কাম কৰাসকলে ৭ শতাংশকৈ ঘৰ ভাৰা ভাত্তা লাভ কৰিব বুলি সংবাদমেলত মন্ত্ৰীজনে ঘোষণা কৰে।

“যিসকল ড্ৰাইভাৰ হিচাপে নিয়োজিত, বিশেষকৈ অসম ভৱনত যিখিনিয়ে ড্ৰাইভাৰ হিচাপে কাম কৰে, তেওঁলোকক অতিৰিক্ত সময় কাম কৰাৰ বিনিময়ত প্ৰতি ঘণ্টাত ২০ টকাকৈ অতিৰিক্ত ভাট্টা দিয়াৰ ব্যৱস্থা কৰা হৈছে।” এই বুলি কয় মন্ত্ৰী হিমন্ত বিশ্বই।

ঢকুৱাখনা, কাৰ্বি আংলং, ডিফু, হাফলং, মানকাছৰ, জোনাই, উত্তৰ-কাছাৰ পাৰ্বত্য অঞ্চল ইত্যাদি অঞ্চলত কাম কৰা কৰ্মচাৰীসকলে যিটো বিশেষ ভাত্তা পায়, শ্বিলঙত কাম কৰা কৰ্মচাৰীসকলেও এই বিশেষ ভাত্তাটো লাভ কৰিব পাৰিব বুলি আজিৰ সংবাদমেলৰ জৰিয়তে হিমন্তই জানিবলৈ দিয়ে।

প্ৰাক-প্ৰাথমিক, প্ৰাথমিক, মধ্য আৰু উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষকসকলৰ দৰমহা সন্দৰ্ভত আজিৰ সংবাদমেলত মন্ত্ৰীগৰাকীয়ে ঘোষণা কৰি কয়, “প্ৰাথমিক আৰু প্ৰাক-প্ৰাথমিক পৰ্য্যায়ৰ বিদ্যালয়সমূহৰ ডি এড ডিগ্ৰীধাৰী অথবা বি এড প্ৰশিক্ষণপ্ৰাপ্ত শিক্ষক-শিক্ষয়িত্ৰীসকলক ৭৪০০ টকাৰ নতুন পে’ স্কে’ল দিয়া হ’ব। প্ৰাথমিক পৰ্য্যায়ৰ প্ৰশিক্ষণ নথকা শিক্ষক-শিক্ষয়িত্ৰীসকলে ৬৮০০ টকা গ্ৰেড পে’ পাব। লগতে যিসকল ডিগ্ৰীধাৰীও নহয় অথবা প্ৰশিক্ষণ নোলোৱাকৈ উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ হৈয়ে চাকৰি কৰি আছে, সেইসকলে ৬২০০ টকা গ্ৰেড পে’ পাব। সেইদৰে এম ই, এম ভি আৰু ছিনিয়ৰ বেছিক স্কুলত প্ৰশিক্ষণপ্ৰাপ্ত তথা ডিগ্ৰীধাৰী শিক্ষক-শিক্ষয়িত্ৰীসকলে ৮৭০০ পে’ স্কে’ল পাব। প্ৰশিক্ষণ নোলোৱা ডিগ্ৰীধাৰীসকলে ৬৮০০ টকা গ্ৰেইড পে’ লাভ কৰিব।”

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd