অসম চাহ নিগমৰ ১৬,১৩৩ গৰাকী কৰ্মচাৰীয়ে অৱসৰ গ্ৰহণ কৰাৰ পিছত ২০ বছৰে তেওঁলোকে পেন্সন পোৱা নাছিল বা চৰকাৰৰ ফালৰ পৰা অৱসৰকালীন ভাট্টা দিয়া হোৱা নাছিল।
ইয়াৰ বহু কৰ্মচাৰীৰ হয়তো পেন্সন নোপোৱাকৈ মৃত্যু হৈছে। লগতে ৫৯৪গৰাকী কৰ্মচাৰীৰ ৬০ বছৰ বয়স পাৰ হৈ যোৱাৰ পিছতো অসম চাহ নিগমে তেওঁলোকৰ অৱসৰৰ পিছত পেন্সন দিব নোৱৰা কাৰণে তেওঁলোকে বাধ্য হৈ কাম কৰি আছিল বুলি আজিৰ সংবাদমেলত বিত্ত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই কথা স্বীকাৰ কৰে।
“এইসকল লোকক এককালীন পেন্সন দিয়াৰ বাবে কালি বিত্ত বিভাগৰ পৰা ৯৯ কোটি টকা প্ৰদান কৰা হৈছে। এই ধনৰ পৰাই ১৬,১৩৩জন অৱসৰপ্ৰাপ্ত চাহ নিগমৰ কৰ্মচাৰীক পেন্সন তথা মৰগীয়া বানচ প্ৰদান কৰা হ’ব।” মংগলবাৰে জনতা ভৱনত সংবাদমেল সম্বোধন কৰি এই কথা ঘোষণা কৰে বিত্ত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।
আনহাতে, যিসকল লোকে পেন্সন নোপোৱা বাবে অৱসৰৰ বয়সৰ পিছতো কাম কৰি দিছিল, সেই সকলকো অৱসৰ বানচখিনি দি অৱসৰ দিয়া হ’ব বুলি মন্ত্ৰীগৰাকীয়ে সংবাদমেলত সদৰী কৰে।
উল্লেখ্য যে যোৱা বছৰ নৱেম্বৰ মাহত গঠন হোৱা এন’মেলি কমিটীৰ প্ৰতিবেদন তথা পৰামৰ্শৰ ভিত্তিত কৰ্মচাৰীসকলৰ বাবে সুবিধাসমূহ প্ৰণয়ন কৰাৰ ব্যৱস্থা কৰা হ’ব বুলি ড০ শৰ্মাই জানিবলৈ দিয়ে। তেওঁ লগতে কয়, “শুকুৰবাৰে অনুষ্ঠিত হোৱা কেবিনেটে এন’মেলি কমিটীৰ ৰিপৰ্টখিনি পৰীক্ষা কৰে। পৰীক্ষাৰ অন্তত যিখিনি অসম চৰকাৰৰ বাবে গ্ৰহণযোগ্য সেইখিনি গ্ৰহণ কৰাৰ লগতে এন’মেলি কমিটীৰ গোটেই পৰামৰ্শখিনি জাননী আকাৰত দুই-এদিনতে প্ৰকাশ কৰি দিয়া হ’ব।”
আনহাতে কাইলৈ ৰাতিপুৱাৰ পৰা বিত্ত বিভাগৰ পৰ্টেলত এন’মেলি কমিটীৰ ৰিপৰ্টটো উপলব্ধ হ’ব বুলি মন্ত্ৰীগৰাকীয়ে সংবাদমেলত ঘোষণা কৰে।
ৰাজ্যৰ ভিন্ন প্ৰান্তৰ কৰ্মচাৰীসকলৰ বিভিন্ন ভাট্টা সম্পৰ্কে বহুতো ব্যৱস্থা হাতত লোৱা হৈছে বুলি মত প্ৰকাশ কৰাৰ লগতে তেওঁ কয়, “গুৱাহাটী মহানগৰীত যিসকল কৰ্মচাৰীয়ে কাম কৰে, তেওঁলোকক দৰমহাৰ ১০ শতাংশ ঘৰ ভাড়াৰ ভাত্তা দিয়া হ’ব।”
লগতে যিসকলে জিলা আৰু মহকুমাৰ মুখ্য কাৰ্য্যালয়ত কাম কৰে তেওঁলোকে ৮ শতাংশকৈ ঘৰ ভাৰা ভাত্তা পাব। ব্লক পৰ্য্যায়ৰ মুখ্য কাৰ্য্যালয়ত কাম কৰাসকলে ৭ শতাংশকৈ ঘৰ ভাৰা ভাত্তা লাভ কৰিব বুলি সংবাদমেলত মন্ত্ৰীজনে ঘোষণা কৰে।
“যিসকল ড্ৰাইভাৰ হিচাপে নিয়োজিত, বিশেষকৈ অসম ভৱনত যিখিনিয়ে ড্ৰাইভাৰ হিচাপে কাম কৰে, তেওঁলোকক অতিৰিক্ত সময় কাম কৰাৰ বিনিময়ত প্ৰতি ঘণ্টাত ২০ টকাকৈ অতিৰিক্ত ভাট্টা দিয়াৰ ব্যৱস্থা কৰা হৈছে।” এই বুলি কয় মন্ত্ৰী হিমন্ত বিশ্বই।
ঢকুৱাখনা, কাৰ্বি আংলং, ডিফু, হাফলং, মানকাছৰ, জোনাই, উত্তৰ-কাছাৰ পাৰ্বত্য অঞ্চল ইত্যাদি অঞ্চলত কাম কৰা কৰ্মচাৰীসকলে যিটো বিশেষ ভাত্তা পায়, শ্বিলঙত কাম কৰা কৰ্মচাৰীসকলেও এই বিশেষ ভাত্তাটো লাভ কৰিব পাৰিব বুলি আজিৰ সংবাদমেলৰ জৰিয়তে হিমন্তই জানিবলৈ দিয়ে।
প্ৰাক-প্ৰাথমিক, প্ৰাথমিক, মধ্য আৰু উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষকসকলৰ দৰমহা সন্দৰ্ভত আজিৰ সংবাদমেলত মন্ত্ৰীগৰাকীয়ে ঘোষণা কৰি কয়, “প্ৰাথমিক আৰু প্ৰাক-প্ৰাথমিক পৰ্য্যায়ৰ বিদ্যালয়সমূহৰ ডি এড ডিগ্ৰীধাৰী অথবা বি এড প্ৰশিক্ষণপ্ৰাপ্ত শিক্ষক-শিক্ষয়িত্ৰীসকলক ৭৪০০ টকাৰ নতুন পে’ স্কে’ল দিয়া হ’ব। প্ৰাথমিক পৰ্য্যায়ৰ প্ৰশিক্ষণ নথকা শিক্ষক-শিক্ষয়িত্ৰীসকলে ৬৮০০ টকা গ্ৰেড পে’ পাব। লগতে যিসকল ডিগ্ৰীধাৰীও নহয় অথবা প্ৰশিক্ষণ নোলোৱাকৈ উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ হৈয়ে চাকৰি কৰি আছে, সেইসকলে ৬২০০ টকা গ্ৰেড পে’ পাব। সেইদৰে এম ই, এম ভি আৰু ছিনিয়ৰ বেছিক স্কুলত প্ৰশিক্ষণপ্ৰাপ্ত তথা ডিগ্ৰীধাৰী শিক্ষক-শিক্ষয়িত্ৰীসকলে ৮৭০০ পে’ স্কে’ল পাব। প্ৰশিক্ষণ নোলোৱা ডিগ্ৰীধাৰীসকলে ৬৮০০ টকা গ্ৰেইড পে’ লাভ কৰিব।”