• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

চৰকাৰৰ পৃষ্ঠপোষকতাত কাজিৰঙাত পঞ্চতাৰকা হোটেল নিৰ্মাণ কৰিবলৈ তৎপৰ কৰ্পৰেট গোষ্ঠী; আৰম্ভ উচ্ছেদ!তিনি প্ৰকৃতি সংগঠনক কঠোৰ সমালোচনা “জীপাল কৃষক শ্ৰমিক সংঘৰ”

নৰ্থ ইষ্ট নাও অসমীয়া by নৰ্থ ইষ্ট নাও অসমীয়া
June 8, 2024 9:46 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিশ্ব প্ৰসিদ্ধ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ইয়াৰ সৈতে জড়িত বৃহৎ জৈৱ বৈচিত্ৰ তথা জীৱকুলৰ নিৰাপত্তা আৰু সুৰক্ষাৰ হকে অৰ্হনিশে কাম কৰা বুলি  সততে দাবী কৰি অহা  তথাকথিত প্ৰকৃতিপ্ৰেমী সংগঠন সমুহৰ চকুৰ সন্মুখতেই এইবাৰ হিমন্ত বিশ্বশৰ্মা নেতৃত্বাধীন অসম চৰকাৰৰ পৰ্যটন বিভাগে নিঃশেষ কৰিবলৈ ওলাইছে কাজিৰঙাত বন্যহস্তীৰ বিচৰণস্থলী আৰু স্থানীয় লোকৰ কৃষিভূমি।

কিয়নো ,,বিশ্ব ঐতিহ্য কাজিৰঙাত শীঘ্ৰেই স্থাপন হ’বলৈ গৈ আছে তিনিখনকৈ অত্যাধুনিক পঞ্চতাৰকা হোটেল। অসম চৰকাৰৰ পৰ্যটন বিভাগৰ আতিথ্যত টাটা গ্ৰুপ আৰু হায়াৰ্ট গ্ৰুপৰ অংশীদায়িত্বত পৰিকল্পনা কৰা হৈছে তিনিখনকৈ বিলাসী হোটেল নিৰ্মাণৰ ।অলপতে কাজিৰঙাত উপস্থিত হৈ প্ৰকল্পস্থলী পৰ্যবেক্ষণ কৰাৰ লগতে  এই ঘোষণা কৰিছিল  ৰাজ্যৰ পৰ্যটন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। উদ্দেশ্য হৈছে-“অভিলেখ সৃষ্টিকাৰী ৩.২৭ লাখ পৰ্যটকৰ আগমণ ঘটা বিশ্ব ঐতিহ্য কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পঞ্চতাৰকা হোটেলৰ সংযোজনেৰে এক নতুন মাত্ৰা প্ৰদান কৰা”,লগতে শিক্ষিত অসমীয়া তথা স্থানীয়  যুৱক- যুৱতীৰ কৰ্ম-সংস্থাপনৰ বাট মুকলি কৰা।সেয়ে চলিত জুন, জুলাই মাহতে  তিনিওটা আতিথ্য প্ৰকল্পৰ শিলন্যাস সম্পূৰ্ণ কৰিবলৈ ইতিমধ্যে যো-জা চলাইছে চৰকাৰে।

Apply Now

ইয়াৰ পিছতেই এতিয়া ক্ষোভৰ বহিঃপ্ৰকাশ ঘটা দেখা গৈছে  কাজিৰঙাৰ স্থানীয় কৃষক,শ্ৰমিক ৰাইজৰ মাজত।চৰকাৰৰ এই সিদ্ধান্তক মানি ল’ব বিচৰা নাই স্থানীয় কৃষক শ্ৰমিক ৰাইজৰ লগতে সচেতন লোকে।

উল্লেখযোগ্য যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু সমীপৰ কাৰ্বিপাহাৰৰ দাঁতিৰ ইংলে পথাৰৰ প্ৰায় ৬০ বিঘাৰো অধিক কৃষি ভূমি আৰু  কাৰ্বিপহাৰৰ পৰা নামি অহা বন্যহস্তীৰ বিচৰণভূমি তথা পৰম্পৰাগত  “হাতীঘূলি”ত নিৰ্মানৰ যোজা চলিছে ব্যক্তিগত খণ্ডৰ “গ্ৰেণ্ড হায়াট পঞ্চতাৰকা হোটেল”ৰ।

যাৰ প্ৰস্তুতি স্বৰূপে বাবে ইতিমধ্যে কৃষকৰ অগোচৰেই এস্কেভেটৰ দি ভাঙি দিয়া হৈছে থলুৱা কৃষকৰ বাসগৃহ।এই অভিযোগ কাজিৰঙাৰ হাতীখলি-ৰঙাজানৰ স্থানীয় কৃষকসকলৰ।স্থানীয় কৃষক শ্ৰমিকৰ অভিযোগ- ভূমি অধিগ্ৰহন সন্দৰ্ভত বোকাখাত মহকুমা প্ৰশাসনে বৰ্তমানলৈকে কৰা নাই আইন অনুসৰি  ৰাজহুৱা শুনানীৰ ব্যৱস্থা।।আনহাতে বোকাখাত মহকুমা প্ৰশাসনে দিয়া জাননী সন্দৰ্ভত স্থানীয় কৃষকসকলে মহকুমা প্ৰশাসনক সাক্ষাৎ কৰিবলৈ যাওঁতেও এক কৌশলী স্থিতিহে গ্ৰহন কৰি  অহা বুলি বোকাখাত মহকুমা প্ৰশাসনৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে কৃষক ৰাইজে। উল্লেখযোগ্য  ইংলে পথাৰৰ উক্ত বিস্তীৰ্ণ কৃষিপথাৰত বন্যহস্তীৰ লগত সহাৱস্থান কৰি হাতীখলি-ৰঙাজানৰ কৃষকসকলৰ ৪৫ টাৰো অধিক পৰিয়ালৰ প্ৰজন্মৰ পাছত প্ৰজন্মই কৰি আহিছে কৃষিকাৰ্য।

আনহাতে কৰ্বিপাহাৰৰ পৰা নামি অহা বন্যহস্তীৰ বিচৰণস্থলী হিচাপে পৰিচিত এই  ইংলে পথাৰত বিলাসী “গ্ৰেণ্ড হায়াট পঞ্চতাৰকা হোটেল”
নিৰ্মানৰ লগে লগেই এফালে যদি হাতীখলি-ৰঙাজানৰ কৃষকসকলে হেৰুৱাব পৈত্তিক ভূমিৰ অধিকাৰ আনফালে বন্যহস্তীকূলে হেৰুৱাব পৰম্পৰাগত বিচৰণস্থলী।

এই লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে জীপাল কৃষক শ্ৰমিক সংঘৰ উপদেষ্টা সোনেশ্বৰ নৰহে। কাজিৰঙাত বাহৰ পাতি বন্যজীৱৰ সুৰক্ষাৰ লগতে দাঁতিকাষৰীয়া জনসাধাৰণৰ জীৱন-জীৱিকাৰ নিৰাপত্তাৰ কথা কোৱা তথাকথিত প্ৰকৃতিপ্ৰেমী সংগঠন আৰণ্যক, WWF,  কৰবেট ফাউণ্ডেছনক তীব্ৰ সমালোচনা কৰাৰ লগতে কঠোৰ সকিয়নী প্ৰদান কৰিছে জীপালৰ উপদেষ্টা সোণেশ্বৰ নৰহে। তেওঁ কয় -” হাতীৰ পৰম্পৰাগত বিচৰণ স্থলি আৰু কৃষকৰ কৃষি ভূমি চৰকাৰে বলপূৰ্বক হস্তগত কৰি বিলাসী পঞ্চতাৰকা হোটেল কৰ্তৃপক্ষক প্ৰদান কৰিবলৈ লোৱাৰ সময়ত ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পুঁজি ব্যৱহাৰ কৰি কাজিৰঙাত কাম কৰি থকা একান্তই প্ৰকৃতিৰ নামত পঞ্জীয়নভুক্ত NGO বোৰ এতিয়া ক’লৈ গ’ল? AC ৰুম বহি হাতী মানুহৰ সংঘাটৰ চেমিনাৰ পাতি ৰাইজক শিক্ষা দিবলৈ তেওঁলোকৰ অধিকাৰ আছেনে? আনহাতে চৰকাৰৰ emplimenting agency হিচাপে কাম কৰি থকা আৰণ্যক আৰু বিভব কুমাৰ তালুকদাৰ এতিয়া ক’ত আছে বুলিও প্ৰশ্ন কৰে কৃষক নেতা গৰাকীয়ে। লগতে হাতীঘূলী থকা পথাৰখন বলপূৰ্বক দখল কৰিবলৈ যাওঁতে তেওঁলোকে বৰ্তমানলৈকে কোনো PIL (A Public Interest Litigation) দাখিল নকৰাক লৈও প্ৰশ্ন উত্থাপন কৰে জীপালৰ উপদেষ্টা গৰাকীয়ে। ইফালে আৰণ্যক, WWF, কৰবেট ফাউণ্ডেছনকে আদি কৰি কাজিৰঙাত কাম কৰি থকা সকলো NGOক  PIL(A Public Interest Litigation) ৰ যোগেদি উক্ত কৃষিভূমি আৰু হস্তী বিচৰণ থলিত চৰকাৰে কৰা বলপূৰ্বক হস্তক্ষেপক বন্ধ কৰিবলৈ দাবী জনাই কৃষক নেতা গৰাকীয়ে ।অন্যথা তেওঁলোকৰ বিৰুদ্ধেও  জীপাল কৃষক শ্ৰমিক সংঘ সোচ্চাৰ হ’ব বুলি কঠোৰ সকিয়নী প্ৰদান কৰে কৃষক নেতা গৰাকীয়ে।

লক্ষণীয় কথা যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ জৈৱ বৈচিত্ৰৰ সুৰক্ষা আৰু ইয়াৰ দাঁতিকাষৰীয়া জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ অজুহাততে এইসমূহ প্ৰকৃতিপ্ৰেমী সংগঠনে লাভ কৰি আহিছে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বৃহৎ পুঁজি । কিন্তু  এইসমূহ প্ৰকৃতিপ্ৰেমী সংগঠনৰ নাকৰ তলতেই কাজিৰঙাত  অবাধ প্ৰকৃতি ধ্বংস আৰু বন্যজীৱকুলৰ বিচৰণ ক্ষেত্ৰৰ ধ্বংসযজ্ঞ চলি থকাৰ পাছতো এই সমুহ তথাকথিত প্ৰকৃতিপ্ৰেমী সংগঠন ৰহস্যজনক ভাৱে নীৰৱ হৈ থকাৰ অভিযোগ উত্থাপন হৈ আহিছে।।

নৰ্থ ইষ্ট নাও অসমীয়া

নৰ্থ ইষ্ট নাও অসমীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

July 10, 2026 5:29 pm
মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

July 10, 2026 4:56 pm
প্ৰথমে এগৰাকী নিপুণ মাতৃ হওক তাৰ পিছত আইএএছ-ৰ সপোন দেখক: উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

প্ৰথমে এগৰাকী নিপুণ মাতৃ হওক তাৰ পিছত আইএএছ-ৰ সপোন দেখক: উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

July 10, 2026 4:06 pm
অসম বাজেট ২০২৬-২৭: লাচিত বৰফুকন, কুশল কোঁৱৰৰ ওপৰত চলচ্চিত্ৰ নিৰ্মাণৰ বাবে ধন আগবঢ়াব চৰকাৰে

অসম বাজেট ২০২৬-২৭: লাচিত বৰফুকন, কুশল কোঁৱৰৰ ওপৰত চলচ্চিত্ৰ নিৰ্মাণৰ বাবে ধন আগবঢ়াব চৰকাৰে

July 10, 2026 3:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

July 10, 2026 5:29 pm
মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

July 10, 2026 4:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd