DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 19, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

চৰাইদেউৰ পেটুধোৱা পুখুৰীত আহোম যুগৰ ড্ৰেগন আকৃতিৰ সম্পদ উদ্ধাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
February 7, 2018 8:01 am
Dragon

চৰাইদেউ জিলাৰ পেটুধোৱা পুখুৰীত উদ্ধাৰ হোৱা ড্ৰেগন আকৃতিৰ বস্তু দুটা।

264
VIEWS
Share on FacebookShare on Twitter

ঐতিহাসিক তথ্য আৰু সম্পদৰ আকৰ চৰাইদেউ জিলাৰ মথুৰাপুৰ আৰক্ষী থানাৰ অন্তৰ্গত চৰাইদেউ মৈদামস্থলীৰ কিছু নিলগত থকা আহোম যুগৰ পেটুধোৱা পুখুৰীত ড্ৰেগন আকৃতিৰ দুটা সম্পদ উদ্ধাৰ হোৱাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। মঙলবাৰে ঐতিহাসিক পুখুৰীটোত জবকাৰ্ডৰ শ্ৰমিকে কাম কৰি থকা অৱস্থাত দুজন যুৱকে এই সম্পদকেইবিধ উদ্ধাৰ কৰে। ড্ৰেগনৰ আকৃতিত নিৰ্মাণ কৰা দুয়োটা সামগ্ৰীয়েই লোৰ আৰু দুয়োটাই সোণালী ধাতুখচিত।

দুয়োটাৰ মাজৰ ডাঙৰটোৰ ওজন প্ৰায় ৬ কিলোগ্ৰাম আৰু দীঘলে ২ ফুট ৬ ইঞ্চি আৰু সৰুটোৰ ৪ কিলোগ্ৰাম  আৰু দীঘলে ২ ফুট ৫ ইঞ্চি।

সামগ্ৰী দুটাত খোলনিৰ দৰে একোটা অংশও আছে। জানিব পৰামতে এই দুটা ৰজাঘৰীয়া দোলাৰ অংশ, যাক ঢেঁকৰ বুলি কোৱা হয়। ইয়াক দোলাৰ দুই মূৰত লগোৱা হয়।

সম্পদ দুটাৰ উদ্ধাৰে অঞ্চলটোৰ মানুহৰ মাজত মৃদু চাঞ্চল্যৰ সৃষ্টি কৰিছে। আনহাতে পুৰাতাত্ত্বিক জ্ঞান থকা মানুহৰ মাজত কৌতূহলৰ সৃষ্টি কৰিছে। ইয়াৰ নিৰ্মাণ কৌশলেও মানুহক মুগ্ধ কৰিছে। লোৰ পৰা ইমান নিখুঁতকৈ আৰু তাত সোণালী ধাতুৰ নক্সা কাটিব পৰাকৈ তেতিয়াৰ দিনতে অসমৰ মানুহৰ দক্ষতা থকাটো মন কৰিব লগীয়া।

বস্তুকেইপদ পোৱাৰ পিছত আৰক্ষীক খবৰ দিয়াত মথুৰাপুৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হয়। পিছত চৰাইদেউ জিলাৰ উপায়ুক্ত বিবেকানন্দ ফুকন উপস্থিত হয় আৰু তেওঁৰ কাৰ্যালয়লৈ দুয়োটা বস্তু লৈ যোৱা হয়। এই পৰ্য্যন্ত সোণখচিত ড্ৰেগন আকৃতিৰ ঐতিহাসিক সম্পদ দুটা উপায়ুক্তৰ কাৰ্য্যলয়ে সংৰক্ষণৰ ব্যৱস্থা কৰিছে যদিও পুৰাতত্ত্ব বিভাগৰ কোনো লোক উপস্থিত হোৱাৰ খবৰ পোৱা নাই।

বহুতে পুৰাতত্ত্ব বিভাগে মৈদাম খান্দি কংকালবোৰ পৰ্য্যন্ত আলৈ-আথানি কৰাৰ দৰে এইবোৰকো যাতে আলৈ-আথানি কৰা নহয় তথা অলপো ক্ষতি নোহোৱাকৈ ৰখা হয়, তাৰ বাবে আহ্বান জনাইছে।

Recent News

দুপৰীয়াৰ আহাৰত গো-মাংস! গোৱালপাৰাত গ্ৰেপ্তাৰ প্ৰধান শিক্ষয়িত্ৰী

দুপৰীয়াৰ আহাৰত গো-মাংস! গোৱালপাৰাত গ্ৰেপ্তাৰ প্ৰধান শিক্ষয়িত্ৰী

জাপানীজ এনকেফেলাইটিছ সম্পৰ্কত জিলা টাস্ক ফোৰ্চৰ জৰুৰী সভা

জাপানীজ এনকেফেলাইটিছ সম্পৰ্কত জিলা টাস্ক ফোৰ্চৰ জৰুৰী সভা

দিল্লীৰ উপ ৰাজ্যপাল অনিল বাইজালৰ আকস্মিক পদত্যাগ

দিল্লীৰ উপ ৰাজ্যপাল অনিল বাইজালৰ আকস্মিক পদত্যাগ

প্ৰাক্তন মন্ত্ৰী নীলমণিসেন ডেকাক কংগ্ৰেছৰ পৰা বহিষ্কাৰ

প্ৰাক্তন মন্ত্ৰী নীলমণিসেন ডেকাক কংগ্ৰেছৰ পৰা বহিষ্কাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd