DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, February 8, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

চৰাইদেউৰ মৈদামত ৰাজ্যপালৰ কনভয় প্ৰৱেশকলৈ তীব্র প্রতিক্রিয়া

এন ই নাও নিউজ by এন ই নাও নিউজ
June 28, 2018 12:11 pm
Charaideo news

চৰাইদেও মৈদামত উঠিল ৰাজ্যপালৰ কনভয়।

359
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যপাল অধ্যাপক জগদীশ মুখীয়ে বুধবাৰে বৃহৎ কনভয় লৈ চৰাইদেউৰ পৱিত্র মৈদাম ক্ষেত্রত প্রৱেশ কৰা ঘটনাই সর্বত্রে তীব্র প্রতিক্রিয়াৰ সৃষ্টি কৰিছে।  ৰাজ্যখনৰ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে ঐতিহাসিক চৰাইদেউ মৈদামক বিশ্ব ঐতিহ্য ক্ষেত্র হিচাপে গঢ়ি তোলাৰ প্রচেষ্টাতো যেন ই মোক্ষম আঘাত হানিলে।

বাতৰি অনুসৰি, ৰাজ্যপালগৰাকীয়ে তিনিদিনীয়া শিৱসাগৰ ভ্রমণৰ মাজতে বুধবাৰে নৱগঠিত চৰাইদেউ জিলাত বিভিন্ন কার্যসূচী লৈ দিনৰ ১২-৩০ মান বজাত প্রথমতে জিলাখনৰ প্রৱেশদ্বাৰত থকা মুখ্য স্থান পৱিত্র চৰাইদেউ মৈদাম ক্ষেত্র পৰিদর্শন কৰাৰ বাবে জিলা প্রশাসনৰ সহযোগত মৈদাম ক্ষেত্র দিশে আগবাঢ়ে। ৰাজ্যপালগৰাকীয়ে সকলো নীতি-আদর্শ মোহাৰি পৱিত্র মৈদাম ক্ষেত্রত বৃহৎ কনভয় লৈ প্রৱেশ কৰাত সকলোৰে মাজত তীব্র প্রতিক্রিয়া সৃষ্টি হয়।

উল্লেখযোগ্য যে পৱিত্র মৈদাম ক্ষেত্রত প্রৱেশ কৰাৰ বাবে যি দুখন প্রৱেশদ্বাৰ আছে সেই প্ৰৱেশদ্বাৰেদি এতিয়ালৈকে কোনোৱে গাড়ী লৈ প্রৱেশ কৰাৰ নজিৰ নাই।

আটাছুৰ শিৱসাগৰ জিলা সমিতিয়ে ৰাজ্যখনৰ মুৰব্বী গৰাকীৰ এনে কাণ্ডক তীব্র ভাষাৰে গৰিহণা দিছে। এই ক্ষেত্রত সংগঠনটোৱে জিলাখনৰ মুৰব্বী উপায়ুক্তজনকো দোষাৰোপ কৰিছে। উপায়ুক্তজনে মৈদামক্ষেত্রৰ পৱিত্ৰতাৰ বিষয়ে ৰাজ্যপালজনক অৱগত নকৰাৰ অভিযোগ উত্থাপিত হৈছে।

আনহাতে, আটাছুৱে এই কার্যৰ বিৰুদ্ধে মুখ্যমন্ত্রীক বিহিত ব্যৱস্থা গ্রহণ কৰিবলৈ দাবী জনাইছে।

ৰাজ্যপালগৰাকীৰ এনে কাণ্ডজ্ঞানহীন কার্যৰ বাবে টাইপাৰ কার্যকৰী সভাপতি লোহিত গগৈয়েও তীব্র প্রতিক্রিয়া প্রকাশ কৰি কয় যে চৰকাৰখনে পৱিত্র মৈদাম ক্ষেত্রক বিশ্ব ঐতিহ্য ক্ষেত্র হিচাপে গঢ়ি তোলাৰ লক্ষ্য লৈ যি ভ্রমণসূচীৰে ৰাজ্যপালজন চৰাইদেউলৈ আহিছে তাক টাইপাই আদৰণি জনাইছে যদিও ৰাজ্যপালজনৰ এনে কার্যত তেওঁলোকে গভীৰ দুখ প্রকাশ কৰিছে।

টাইপাই ভৱিষ্যতে যাতে এনে কার্য সংঘটিত নহয় তাৰ বাবে সকীয়াই দিয়ে।

Recent News

Owaisi

ভাৰতীয় হোৱা হ’লেই বেআইনী কাৰ্যকলাপ (প্ৰতিৰোধ) আইনৰ সন্মুখীন হ’ল হয় হিণ্ডেনবাৰ্গ!

ভয়ংকৰ বাছ দুৰ্ঘটনা: ৩০ যাত্ৰীৰ মৃত্যু, আহত ১৫ যাত্ৰী

ভয়ংকৰ বাছ দুৰ্ঘটনা: ৩০ যাত্ৰীৰ মৃত্যু, আহত ১৫ যাত্ৰী

আৰক্ষীৰ নাকৰ তলতে এখন বিশ্ববিদ্যালয়ৰ মাটি দখলৰ চেষ্টা ভূ-মাফিয়াৰ!

আৰক্ষীৰ নাকৰ তলতে এখন বিশ্ববিদ্যালয়ৰ মাটি দখলৰ চেষ্টা ভূ-মাফিয়াৰ!

উদয়ীমান ছবি পৰিচালক মহৰ্ষি তুহিন কাশ্যপৰ সৈতে অলপ আলাপ

উদয়ীমান ছবি পৰিচালক মহৰ্ষি তুহিন কাশ্যপৰ সৈতে অলপ আলাপ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd