DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 19, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

জনজাতিকৰণ : ৰাইজক ঠগা বিজেপিক নিৰ্বাচনত দিব উচিত প্ৰত্যুত্তৰ, যুযুধান জনগোষ্ঠীয় ঐক্যমঞ্চ

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
June 27, 2018 11:09 pm
Six indigenous group (Moran, motok.tai ahom,chutia,kuch rajbonchiand tea tribe) of the State sitting demonstration protest against Citizenship (Amendment) Bill, 2016 at Guwahati on 27-06-18.pix by ub photos
116
VIEWS
Share on FacebookShare on Twitter

অসমৰ ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো সমাধান নহ’লে বিজেপিয়ে ২০১৯ চনৰ নিৰ্বাচনত উচিত প্ৰত্যুত্তৰ পাব। জনজাতিকৰণৰ অন্যতম প্ৰধান প্ৰতিশ্ৰুতিৰে নিৰ্বাচন জিকাৰ পিছত বিজেপিয়ে দিয়া ৰামঠগন আৰু নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে অসমৰ ৬টা জনগোষ্ঠীয় সংগঠনৰ উমৈহতীয়া মঞ্চ জনগোষ্ঠীয় ঐক্য মঞ্চৰ প্ৰতিবাদী ধৰ্মঘটত আজি ২৭ জুনত এই মন্তব্য কৰিছে সদৌ টাই আহোম ছাত্ৰ সন্থাৰ সভাপতি লিটুল বুঢ়াগোঁহায়ে।

‘২০১৯ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে জনজাতিকৰণৰ বিষয়টো সমাধান নহ’লে বিজেপিয়ে উচিত প্ৰত্যুত্তৰ পাব,’ সকীয়নি আটাছু সভাপতিজনৰ।

ৰাইজক ঠগি বিজেপিয়ে চৰকাৰ গঠন কৰা বুলিও বৰগোহাঁয়ে মত প্ৰকাশ কৰে। ‘মুখাপিন্ধাসকলে ৰাইজক ঠগি কেন্দ্ৰ আৰু ৰাজ্যত চৰকাৰ গঠন কৰিছে। ২০১৪ চনত সৰ্বানন্দ সোণোৱালে জনজাতিকৰণৰ বিষয়টো লৈ তীব্ৰতৰ ভূমিকা লৈছিল,’ মন্তব্য বৰগোহাঁইৰ।

বিজেপিৰ অন্যতম নিৰ্বাচনী প্ৰতিশ্ৰুতি অসমৰ ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ শ্ল’গান দিয়েই তেওঁলোক শাসনলৈ আহিল বুলি উল্লেখ কৰি বৰগোহাঁয়ে কয় ‘কিন্তু গাদী লাভৰ পাছত জনজাতিকৰণক লৈ তেওঁলোকে পিঠি দিলে’।

তাৰোপৰি কংগ্ৰেছেও বছৰ বছৰ ধৰি জনজাতিকৰণৰ ভুৱা প্ৰতিশ্ৰুতি দি অহাক লৈও দুয়োটা দলকে তেওঁ সমালোচনা কৰে। ‘আগন্তুক নিৰ্বাচনত নিৰ্বাচনী ইস্তাহাৰত জনজাতিকৰণৰ বিষয়টো অন্তৰ্ভুক্ত নকৰিব,’ কংগ্ৰেছ-বিজেপিলৈ সকিয়নী আটাছু নেতাজনৰ।

আনহাতে সদৌ মৰাণ ছাত্ৰ সন্থাৰ সভাপতি অৰুণজ্যোতি মৰাণে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়ত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক হেতালি খেলি নথাকিবলৈ সকীয়াই দিয়ে।

জনজাতিকৰণৰ দাবীত ধাৰাৱাহিক আন্দোলন অব্যাহত থাকিব বুলি জানিবলৈ দি মৰাণে জনাই যে ১৭ জুলাইত তিনিচুকীয়াত আৰু ২১ জুলাইত ডিব্ৰুগড়ত জনগোষ্ঠীয় ঐক্য মঞ্চৰ উদ্যোগত গণ সমাৱেশ অনুষ্ঠিত হোৱাৰ উপৰি ২৩ আৰু ২৪ জুলাইত মঞ্চই ৪৮ ঘন্টীয়া অসম বন্ধ ঘোষণা কৰা বুলিও জানিবলৈ দিয়ে।

অৱস্থান ধৰ্মঘট কাৰ্যসূচীত উপস্থিত অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ সভাপতি ৰাজেন কুমাৰে কয়, ‘বিজেপিৰ জনজাতিকৰণৰ বিষয়টোত কোনো সদিচ্ছাই নাই। ইচ্যুটোক তেওঁলোকে এটা ৰাজনৈতিক ইচ্যু হিচাপে জীয়াই ৰখাৰ চেষ্টা কৰিছে’।

গৃহ মন্ত্ৰী ৰাজনাথ সিঙৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকৰ সিদ্ধান্ত মৰ্মে জনজাতিকৰণৰ বিষয়টো পৰ্যালোচনাৰ বাবে মডেলিটি সমিতি গঠন কৰাৰ কথা উল্লেখ কৰি তেওঁ কয় ‘মডেলিটি সমিতিয়ে তিনিমাহৰ ভিতৰত প্ৰতিবেদন দাখিল কৰাৰ কথা আছিল যদিও আজিপৰ্যন্ত দাখিল নকৰিলে। ইয়ে চৰকাৰৰ বিষয়টোৰ প্ৰতি আন্তৰিকতাহীনতাৰ কথা প্ৰমাণ কৰে।’

ইপিনে কিছুদিন পূৰ্বে কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী জুৱেল ওৰামে অসমৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণ সম্পৰ্কত কৰা মন্তব্য ‘দুৰ্ভাগ্যজনক’ৰূপে অভিহিত কৰি চুতীয়া যুৱ সন্মিলন, অসমৰ সাধাৰণ সম্পাদক নৃপেন খনিকৰে কয় যে নতুন দিল্লীত ৰাজনাথ সিঙৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকত ওৰাম নিজেই উপস্থিত আছিল।

স্বগোষ্ঠীৰ জনজাতিকৰণ দাবী কৰা অসমৰ ছটা জনগোষ্ঠীয় সংগঠন সদৌ মৰাণ ছাত্ৰ সন্থা, সদৌ অসম মটক যুৱ সন্মিলন, সদৌ টাই আহোম ছাত্ৰ সন্থা, চুতীয়া যুৱ সন্মিলন, সদৌ কোঁচ-ৰাজবংশী ছাত্ৰ সন্থা আৰু অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ তিনিশতাধিক সদস্যই আজিৰ প্ৰতিবাদত অংশগ্ৰহণ কৰে।

Recent News

জিএছটিৰ ওপৰত কেন্দ্ৰ আৰু ৰাজ্য উভয়ৰে আইন প্ৰণয়ন কৰাৰ ক্ষমতা আছে: উচ্চতম ন্যায়ালয়

জিএছটিৰ ওপৰত কেন্দ্ৰ আৰু ৰাজ্য উভয়ৰে আইন প্ৰণয়ন কৰাৰ ক্ষমতা আছে: উচ্চতম ন্যায়ালয়

প্ৰত্যুত্তৰ! ফৰাচী-ইটালী-স্পেইনৰ ৮৫ গৰাকী কূটনীতিবিদক বহিষ্কাৰ কৰিলে ৰাছিয়াই

প্ৰত্যুত্তৰ! ফৰাচী-ইটালী-স্পেইনৰ ৮৫ গৰাকী কূটনীতিবিদক বহিষ্কাৰ কৰিলে ৰাছিয়াই

SC to hear Gyanvapi Mosque case

জ্ঞানৱাপী মছজিদ বিতৰ্ক: শুকুৰবাৰে শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে

Navjot Sidhu Gets 1 Year In jail

৩৪ বছৰ পুৰণি গোচৰত এবছৰ কাৰাদণ্ডৰ শাস্তিৰে দণ্ডিত প্ৰাক্তন ক্ৰিকেটাৰ, কংগ্ৰেছ নেতা নৱজ্যোত সিং সিদ্ধু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd