• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বড়োলেণ্ড জনজাতি সুৰক্ষা মঞ্চক আদিত্য খাখলাৰীৰ সকীয়নি; গোচৰ তৰা বাবে কাকো জনজাতিৰ প্ৰমাণপত্ৰ দিব পৰা নাই ট্ৰাইবেল সংঘই

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
August 5, 2018 5:03 pm
Tribal Sangha

পল্টনবজাৰস্থিত ট্ৰাইবেল জিৰণি গৃহত ট্ৰাইবেল সংঘৰ সংবাদমেল।

15
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

“বি টি এ ডি অঞ্চলত নতুনকৈ গঠন হোৱা বড়োলেণ্ড জনজাতি সুৰক্ষা মঞ্চৰ সভাপতি জনকলাল বসুমতাৰী আৰু সাধাৰণ সম্পাদক দাওৰাও দেখ্ৰব মুছাহাৰীক ট্ৰাইবেল সংঘ-বিৰোধী কাম-কাজৰ পৰা বিৰত থাকিবলৈ আমি সকীয়াই দিছো।” দেওবাৰে গুৱাহাটীৰ পল্টনবজাৰস্থিত ট্ৰাইবেল জিৰণি গৃহত এখন সংবাদমেল অনুষ্ঠিত কৰি বড়োলেণ্ড জনজাতি সুৰক্ষা মঞ্চক এইদৰেই সকীয়নি দিয়ে আদিত্য খাখলাৰীয়ে। তেওঁ লগতে উক্ত সংগঠনৰ সভাপতি-সম্পাদকদ্বয়ে ৰাজ্যৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজৰ সাতামপুৰুষীয়া ঐক্য-সম্প্ৰীতি ধ্বংস কৰাৰ গুৰুতৰ অভিযোগ তোলে।

আনহাতে, উক্ত নেতা দুগৰাকীয়ে কিছুদিনৰ পৰা উগ্ৰ জাতিদাম্ভিক মন্তব্য কৰি কেৱল বি টি এ ডি অঞ্চলতেই নহয়, সমগ্ৰ ৰাজ্যতেই জাতি-জনগোষ্ঠীসমূহৰ মাজত বিভেদ আনিবলৈ চেষ্টা কৰা বুলি উক্ত সংবাদমেলত কয়।

Apply Now

ইয়াৰোপৰি জনজাতি সুৰক্ষা মঞ্চই গুৱাহাটী উচ্চ ন্যায়ালয়ত সদৌ অসম ট্ৰাইবেল সংঘই জনজাতীয় লোকসকলক অবৈধভাৱে প্ৰমাণ পত্ৰ প্ৰদান কৰা বুলি অভিযোগ তুলি গোচৰ ৰুজু কৰা বুলি জানিবলৈ দি কয়, ‘The Scheduled Tribe Order 1950’ অনুসৰি কছাৰী মূলৰ শৰণীয়া কছাৰী, মদাহি, বকিয়াল, ঠেঙাল কছাৰী আদি সৰু সৰু জনগোষ্ঠীক চৰকাৰী নিৰ্দেশনাৰ ভিত্তিতে সংঘই চিনাক্ত কৰি উলিয়াইছে আৰু জিলা উপায়ুক্ত আৰু মহকুমাধিপতিয়ে সেইসকলক জনজাতিৰ প্ৰমাণপত্ৰ প্ৰদান কৰি আহিছে।

তেওঁ লগতে কয় যে বড়োলেণ্ড জনজাতি সুৰক্ষা মঞ্চই কৰা অভিযোগ অনুসৰি ডেকা, বৰুৱা, হাজৰিকা, তালুকদাৰ উপাধিৰ কলিতা, বামুণ, কেওট আদি তথাকথিত উচ্চ জাতিৰ লোকেও শৰণীয়া উপাধি লৈ কছাৰীৰ উপশাখা হিচাপে প্ৰমাণ পত্ৰ ল’বলৈ দুৱাৰ মুকলি কৰি দিছে।

বড়োলেণ্ড জনজাতি সুৰক্ষা মঞ্চই কৰা এই অভিযোগ সম্পূৰ্ণৰূপে মিছা বুলি দাবী কৰে ট্ৰাইবেল সংঘৰ সাধাৰণ সম্পাদক আদিত্য খাখলাৰীয়ে।

উল্লেখ্য যে, যোৱা ২৫ জুলাইত বড়োলেণ্ড জনজাতি সুৰক্ষা মঞ্চই ৰুজু কৰা এই গোচৰৰ পাছতে উচ্চ ন্যায়ালয়ে অহা ৯ আগষ্টলৈকে অৰ্থ্যাৎ শুনানি প্ৰদান নকৰা পৰ্য্যন্ত ট্ৰাইবেল সংঘক জনজাতিৰ প্ৰমাণ পত্ৰ প্ৰদান কৰাত সাময়িকভাৱে নিষেধাজ্ঞা জাৰি কৰিছে বুলি তেওঁ সংবাদমেলত জনায়। তেওঁ লগতে কয় “উচ্চ ন্যায়ালয়ৰ হুকুমৰ প্ৰতি সন্মান জনাই ২৫ জুলাইৰ পৰা অনুসূচিত জাতিৰ প্ৰমাণ পত্ৰ প্ৰদান কৰাটো বন্ধ ৰাখিছে, যাৰ ফলত জনজাতীয় ছাত্ৰ-ছাত্ৰীসকলো বিশেষকৈ নৱোদৰ বিদ্যালয়ত নামভৰ্তিৰ ক্ষেত্ৰত প্ৰাৰ্থীসকল বঞ্চিত হ’ব লগীয়া হৈছে।”

আনহাতে জনজাতি-জনগোষ্ঠী হ’বলৈ হ’লে কি উপাধিৰ প্ৰয়োজন হ’ব এই ক্ষেত্ৰত কোনোধৰণৰ বাধ্যবাধকতা নাই বুলি খাখলাৰীয়ে সদৰী কৰি লগতে কয় “অসম চৰকাৰেও বড়ো লোকসকলে কি উপাধি গ্ৰহণ কৰিব সেই ক্ষেত্ৰত নিৰ্দিষ্ট কোনো নিৰ্দেশ দিয়া নাই। ব্ৰহ্ম উপাধিটো বড়ো নহয় বুলি ক’ব পাৰো। হিন্দু বাঙালীসকলেও কাৰ্জি উপাধিটো লিখে। উপাধিৰ পৰা জনগোষ্ঠীৰ সৃষ্টি নহয়।”

আনহাতে, উক্ত সংবাদমেলতে এগৰাকী সাংবাদিকে কিছু সংখ্যক বড়ো জনজাতিৰ লোকে নিজৰ উপাধিটো সলাই অন্য উপাধি গ্ৰহণ কৰিছে বুলি তেওঁক জনোৱাত তেওঁ উত্তৰত কয় “১৮০০ শতিকাৰ পৰা উপাধি সলনি কৰাৰ এটা প্ৰৱণতা লাহে লাহে সৃষ্টি হৈ আহিছে। মৰিগাওঁ জিলাত বড়ো লোকসকলে হাজৰিকা, শইকীয়া বৰা উপাধি লিখিবলৈ লৈছে। নিজকে তেওঁলোকে কছাৰী জনজাতিৰ বুলি পৰিচয় দিয়াত কুণ্ঠাবোধ কৰিছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে নববৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰাৰ প্ৰভাৱটোও এইক্ষেত্ৰত কিছু-কিছু পৰিমাণে পৰিছে। তাৰোপৰি এটা সময়ত বিদ্যালয়ৰ শিক্ষকসকলে কিছুমান সাধাৰণ লোকক বৰা, শইকীয়া উপাধি লিখাৰ ক্ষেত্ৰত উদগনি যোগাইছিল।

আনহাতে, ট্ৰাইবেল সংঘৰ জিলা সভাপতিসকলক এন আৰ চিৰ পৰা নাম বাদ পৰা জনজাতীয় লোকসকলৰ কিহৰ বাবে নাম বাদ পৰিছে, সেইক্ষেত্ৰত তেওঁলোকক সহায়-সহযোগিতা আগ বঢ়াবৰ বাবে আহ্বান জনোৱা হৈছে বুলি সংবাদমেলত তেওঁ জনায়।

তেওঁ লগতে কয় ‘নগাওঁ, হোজাই, গোৱালপাৰা অঞ্চলৰ হাজং জনজাতিৰ লোকৰ নাম ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ পৰা বাদ পৰিছে।‘ কিন্তু তেওঁ কিমান জনজাতীয় লোকৰ নাম বাদ পৰিছে সেই সংখ্যাটো জ্ঞাত নহয় বুলিও সংবাদমেলত কয়।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

 ইৰানৰ সৈতে শান্তি চুক্তি বাতিল কৰিলে ট্ৰাম্পে, ইৰানৰ নেতাসকলক তীব্ৰ কটাক্ষ

 ইৰানৰ সৈতে শান্তি চুক্তি বাতিল কৰিলে ট্ৰাম্পে, ইৰানৰ নেতাসকলক তীব্ৰ কটাক্ষ

July 8, 2026 3:21 pm
জী ফাইভৰ পৰা হঠাৎ আঁতৰোৱা হ’ল দিলজিৎ দোছাঞ্জৰ ছবি শতলুজ, সমৰ্থনত থিয় দিলে হৰভজন সিঙকে ধৰি বহু চেলিব্ৰিটী

জী ফাইভৰ পৰা হঠাৎ আঁতৰোৱা হ’ল দিলজিৎ দোছাঞ্জৰ ছবি শতলুজ, সমৰ্থনত থিয় দিলে হৰভজন সিঙকে ধৰি বহু চেলিব্ৰিটী

July 8, 2026 2:35 pm
মোদী মন্ত্ৰীসভাত ডাঙৰ ৰদবদলৰ সম্ভাৱনা : মন্ত্ৰীসভাৰ পৰা বাদ পৰিব পাৰে ৰাজনাথ, নিৰ্মলা আৰু হৰদীপৰ নাম

মোদী মন্ত্ৰীসভাত ডাঙৰ ৰদবদলৰ সম্ভাৱনা : মন্ত্ৰীসভাৰ পৰা বাদ পৰিব পাৰে ৰাজনাথ, নিৰ্মলা আৰু হৰদীপৰ নাম

July 8, 2026 1:51 pm
গুৱাহাটীত সেউজ বাছৰ বিৰুদ্ধে কঠোৰ অভিযান : ৬৩ চালকৰ লাইচেন্স বাতিল

গুৱাহাটীত সেউজ বাছৰ বিৰুদ্ধে কঠোৰ অভিযান : ৬৩ চালকৰ লাইচেন্স বাতিল

July 8, 2026 1:09 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

 ইৰানৰ সৈতে শান্তি চুক্তি বাতিল কৰিলে ট্ৰাম্পে, ইৰানৰ নেতাসকলক তীব্ৰ কটাক্ষ

 ইৰানৰ সৈতে শান্তি চুক্তি বাতিল কৰিলে ট্ৰাম্পে, ইৰানৰ নেতাসকলক তীব্ৰ কটাক্ষ

July 8, 2026 3:21 pm
জী ফাইভৰ পৰা হঠাৎ আঁতৰোৱা হ’ল দিলজিৎ দোছাঞ্জৰ ছবি শতলুজ, সমৰ্থনত থিয় দিলে হৰভজন সিঙকে ধৰি বহু চেলিব্ৰিটী

জী ফাইভৰ পৰা হঠাৎ আঁতৰোৱা হ’ল দিলজিৎ দোছাঞ্জৰ ছবি শতলুজ, সমৰ্থনত থিয় দিলে হৰভজন সিঙকে ধৰি বহু চেলিব্ৰিটী

July 8, 2026 2:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd