• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

জনজাতীয় সাহিত্য সভাৰ সৈতে অসম সাহিত্য সভাৰ সুহৃদ সন্মিলন

NE NOW NEWS অনিৰ্বাণ পাঠক
গুৱাহাটী , July 23, 2018 11:24 pm

2 min read

SahityaSabha

গুৱাহাটীৰ ভাগৱতী প্ৰসাদ বৰুৱা ভৱনত আজি অনুষ্ঠিত ‘সুহৃদ সন্মিলন’ৰ এটা দৃশ্য।

71
VIEWS
Share on FacebookShare on Twitter

অসম সাহিত্য সভাৰ সৈতে অসমৰ আঠটাকৈ জনগোষ্ঠীয় সাহিত্য সভাৰ আজি ২৩ জুলাইত গুৱাহাটীৰ ভাগৱতী প্ৰসাদ বৰুৱা ভৱনত ‘সুহৃদ সন্মিলন’ শীৰ্ষক এক বৈঠক অনুষ্ঠিত হয়।

অসম সাহিত্য সভাৰ সভাপতি ড০ পৰমানন্দ ৰাজবংশীৰ সভাপতিত্বত অনুষ্ঠিত এই বৈঠকত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী, নাগৰিকত্ব (সংশোধনী) বিধেয়ক, বুৰঞ্জী আৰু পুৰাতত্ত্ব বিভাগ আৰু ভাষা সঞ্চালকালয়, বিদেশী নাগৰিকৰ দীৰ্ঘম্যাদী ভিছা আদি বিষয়সমূহে স্থান লাভ কৰে। আজিৰ বৈঠকতে ৰাজ্যৰ আঠটাকৈ জনগোষ্ঠীয় সাহিত্য সভাৰ সৈতে অসম সাহত্য সভাই এই বিষয়সমূহক লৈ ঐকমত্যত উপনীত হয়।

বৈঠকত বিজেপি নেতৃত্বাধীন বিজেপি চৰকাৰখনে জাপি দিব বিচৰা নাগৰিকত্ব (সংশোধনী) বিধেয়ক ২০১৬ৰ তীব্ৰ বিৰোধিতা কৰে। এক বিবৃতি যোগে অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক পদুম ৰাজখোৱাই কয়, “বিদেশীৰ কোনো ধৰ্ম থাকিব নোৱাৰে। ভাৰত চৰকাৰে নাগৰিকত্ব (সংশোধনী) বিধেয়ক ২০১৬ৰ জৰিয়তে বিদেশীক সংস্থাপিত কৰাৰ যি ষড়যন্ত্ৰ কৰিছে সেয়া কেতিয়াও মানি লোৱা নহ’ব।”

অসম সাহিত্য সভাৰ লগতে জনগোষ্ঠীয় সাহিত্য সভাসমূহৰ এই সুহৃদ সন্মিলনত উচ্চতম ন্যায়ালয়ৰ প্ৰত্যক্ষ তত্ত্বাৱধানত চলি থকা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ বিষয় সন্দৰ্ভতো আলোচনা কৰা বুলি বিবৃতিটোত প্ৰকাশ কৰে। লগতে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী বাধাগ্ৰস্ত কৰিবৰ বাবে কৰা সকলো ষড়যন্ত্ৰ আজিৰ এই সন্মিলনে নিন্দা কৰে আৰু এনে ষড়য়ন্ত্ৰ শীগ্ৰেই বন্ধ কৰিবলৈ আহ্বান জনায়।

এই সন্মিলনতে শেহতীয়াভাৱে অসম চৰকাৰে বুৰঞ্জী আৰু পুৰাতত্ত্ব বিভাগৰ লগতে চৰকাৰী ভাষা প্ৰয়োগ সঞ্চালকালয় বন্ধ কৰাৰ যি চিন্তা-চৰ্চা চলাইছে ইয়াৰ একেমুখে বিৰোধিতা কৰে। লগতে এনে চিন্তা বাতিল কৰিবলৈ আহ্বান জনায়।

ইয়াৰ উপৰি, ভাৰত চৰকাৰে বিদেশী নাগৰিকক দীৰ্ঘম্যাদী ভিছা প্ৰদান কৰি ভাৰতত সংস্থাপিত কৰাৰ ষড়যন্ত্ৰৰো সুহৃদ সন্মিলনে তীব্ৰ বিৰোধিতা কৰে।

এই বৈঠকতে ভাষা নীতি আৰু শিক্ষা নীতি সম্পৰ্কতো বিশদ আলোচনা কৰি অহা ৩ আগষ্টত অসম সাহিত্য সভা আৰু আঠটা জনগোষ্ঠীয় সাহিত্য সভাই দ্বিতীয় লানি বৈঠক অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

উল্লেখ্য যে, ইয়াৰ পাছতে অহা ৪ আগষ্টত অসম সাহিত্য সভা আৰু আঠটা জনগোষ্ঠীয় সাহিত্য সভাই অসম চৰকাৰৰ লগত ভাষা নীতি আৰু শিক্ষা নীতি সম্পৰ্কত এক আলোচনাত মিলিত হ’ব।

Recent News

AASU-TORCH-750x375

‘কা’ৰ বিৰুদ্ধে ৰাজ্যজুৰি আছুৰ জোঁৰ সমদল, আক্ৰোশী আৰক্ষীৰ বৰ্বৰোচিত লাঠীচালনা

নাগ্ৰীজুলিত কুমাৰীকাটা খাদী গ্ৰামোদ্যোগ বিদ্যালয়ৰ উদ্যোগ ভিত্তিক সজাগতা সভা 

নাগ্ৰীজুলিত কুমাৰীকাটা খাদী গ্ৰামোদ্যোগ বিদ্যালয়ৰ উদ্যোগ ভিত্তিক সজাগতা সভা 

IMG-20210122-WA0004

নগাঁৱত অসম চৰকাৰৰ ‘স্বয়ম’ আঁচনি উদ্বোধন

Rahul-Gandhi-Sonia-Gandhi

ওৰ পৰিব পৰিয়ালতন্ত্ৰৰ! চলিত বৰ্ষৰ জুন মাহত নিৰ্বাচন কৰা হ’ব কংগ্ৰেছৰ নতুন সভাপতি

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd