• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

‘জাকাৰ্টা এছিয়ান গেইমছ’ত তিনিগৰাকী কন্যা সন্তানে উজলাব অসমৰ মান

উদ্দিপ্ত কুমাৰ গোস্বামী by উদ্দিপ্ত কুমাৰ গোস্বামী
June 28, 2018 8:33 pm
three athlete of assam
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ক্ৰীড়া জগতত লাহে লাহে খোপনি পুতিছে অসমীয়া খেলুৱৈয়ে। ক্ৰীড়াক্ষেত্ৰত এতিয়া ক্ৰমাগত সফলতাই জিলিকাই তুলিছে অসমক ৷ ফুটবল, বক্সিং, আৰ্চাৰী, দৌৰৰ পৰা শ্বুটিঙলৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকি উঠিছে প্ৰতিভাৱান অসমীয়া।

সৌ সিদিনালৈকে ভাৰতীয় ক্ৰীড়া ক্ষেত্ৰত অসম আছিল অপৰিচিত। কিন্তু বৰ্তমান প্ৰেক্ষাপটত ৰাষ্ট্ৰীয় পৰ্যায়তে হওক বা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তে হওক অসমীয়া খেলুৱৈৰ দপদপনিয়ে ভাৰতীয় ক্ৰীড়া জগতত খলকনিৰ সৃষ্টি কৰাৰ লগতে গৌৰৱান্বিত কৰি তুলিছে অসমীয়াৰ মান।

Apply Now

উল্লেখ্য যে সমগ্ৰ বিশ্বৰ লগতে ভাৰত তথা অসমৰ ক্ৰীড়াপ্ৰেমী ফুটবল বিশ্বকাপৰ জ্বৰত আক্ৰান্ত হৈ থকাৰ সময়তে আজি কিছুদিনৰ পৰা কেইগৰাকীমান অসমীয়া খেলুৱৈয়ে ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ঈৰ্ষণীয় প্ৰদৰ্শনেৰে বিভিন্ন খিতাপ আজুৰি আনি ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বাতৰিৰ শিৰোনাম দখল কৰাটোৱে স্বাভাৱিকতে অসমীয়াৰ বাবে গৌৰৱৰ বিষয়।

এই খিনিতে উল্লেখ কৰো যে বহু প্ৰতিক্ষিত এছিয়ান গেইমছ সমাগত। এছিয়ান দেশসমূহৰ মাজত অনুষ্ঠিত হ’বলগীয়া এই প্ৰতিযোগিতাখনত প্ৰত্যেকখন দেশে উজাৰিব নিজৰ নিজৰ শক্তি। ঠিক সেইদৰে জনসংখ্যাৰ ক্ষেত্ৰত পৃথিৱীৰ দ্বিতীয়খন বৃহত্তম ৰাষ্ট্ৰ ভাৰতেও এই প্ৰতিযোগিতাখনত শ্ৰেষ্ঠত্ব প্ৰদৰ্শন আজুৰি অনাৰ বাবে চলাব প্ৰচেষ্টা।

অহা ১৯ ৰ পৰা ২৮ আগষ্ট লৈ ইণ্ডোনেছিয়াৰ ৰাজধানী চহৰ জাকাৰ্টাত অনুষ্ঠিত হ’বলগীয়া এইবাৰৰ এছিয়ান গেইমছ অসমবাসীৰ বাবে কিছু সুকীয়া। কিয়নো এইবাৰৰ এছিয়ান গেইমছত ভাৰতীয় দলৰ সৈতে জাকাৰ্টালৈ যোৱাৰ সম্ভাৱণা আছে অসমৰ পাঁচগৰাকীকৈ খেলুৱৈ। অসমে এই সুযোগৰ বাবে অপেক্ষা কৰিবলগীয়া হৈছে সুদীৰ্ঘ ৩২ বছৰ।

হয় ১৯৮৬ চনত দক্ষিণ কোৰিয়াৰ চিউলত অনুষ্ঠিত হোৱা এছিয়ান গেইমছত প্ৰথমবাৰ বাবে অসমৰ সৰ্বাধিক তিনিগৰাকী খেলুৱৈয়ে ভাৰতৰ হৈ প্ৰতিনিধিত্ব কৰিছিল। কিন্তু এইবাৰৰ প্ৰতিযোগিতাত বৰ্তমানলৈকে অসমৰ পৰা এছিয়ান গেইমছত অংশগ্ৰহণ নিশ্চিত হৈছে বিশ্ব ক্ৰীড়া ক্ষেত্ৰত ধিং এক্সপ্ৰেছ ৰূপে খ্যাতি লাভ কৰা হিমা দাস, বেডমিণ্টনৰ নৱতম চাঞ্চল্য অস্মিতা চলিহা আৰু আৰ্চাৰ প্ৰমীলা দৈমাৰী। ইয়াৰ উপৰি প্ৰাক্তন বিশ্ব বক্সিং চেম্পিয়নশ্বীপৰ ব্ৰঞ্জ পদক বিজয়ী তথা এছিয়ান বক্সিং চেম্পিয়নশ্বীপৰ তিনিবাৰৰ পদক বিজয়ী বক্সাৰ শিৱ থাপা আৰু ভাৰতীয় ফুটবল দলত এলেন দেউৰীৰ অংশগ্ৰহণৰ সম্ভাৱণা প্ৰকট হৈ পৰিছে। যদিহে এই দুগৰাকী খেলুৱৈৰো অংশগ্ৰহণ নিশ্চিত হয় তেন্তে এয়া হ’ব অসমবাসীৰ বাবে এক ইতিহাস।

এছিয়ান গেইমছৰ দৰে বৃহত্তম প্ৰতিযোগিতাত যদিহে অসমৰ পৰা পাঁচগৰাকীকৈ খেলুৱৈৰ অংশগ্ৰহণ নিশ্চিত হৈ পৰে তেন্তে নিশ্চিতভাৱে আগন্তুক দিনত অসমৰ ক্ৰীড়া ক্ষেত্ৰত এক যোগাত্মক প্ৰভাৱ পৰাটো খাটাং।

উদ্দিপ্ত কুমাৰ গোস্বামী

উদ্দিপ্ত কুমাৰ গোস্বামী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ব্যক্তিগত খণ্ডৰ স্কুলৰ শিক্ষকসকলৰ বাবে ডাঙৰ খবৰ, এতিয়াৰে পৰা চৰকাৰী শিক্ষকৰ দৰে তেওঁলোকেও পাব সন্তানৰ যত্নৰ বাবে বিশেষ ছুটি

ব্যক্তিগত খণ্ডৰ স্কুলৰ শিক্ষকসকলৰ বাবে ডাঙৰ খবৰ, এতিয়াৰে পৰা চৰকাৰী শিক্ষকৰ দৰে তেওঁলোকেও পাব সন্তানৰ যত্নৰ বাবে বিশেষ ছুটি

June 5, 2026 7:03 pm
১২ গৰাকী মন্ত্ৰীয়ে শপত লোৱাৰ পিছতেই কেবিনেট বৈঠকৰ আহ্বান মুখ্যমন্ত্ৰীৰ

১২ গৰাকী মন্ত্ৰীয়ে শপত লোৱাৰ পিছতেই কেবিনেট বৈঠকৰ আহ্বান মুখ্যমন্ত্ৰীৰ

June 5, 2026 7:00 pm
তিনি কুইন্টল মাছ খাই বিশ্বকাপ খেলিব নৰৱেৰ ফুটবল দলে : বৰভোজ ৰন্ধাৰ বাবে আছে দুগৰাকী পাকৈত ৰান্ধনী

তিনি কুইন্টল মাছ খাই বিশ্বকাপ খেলিব নৰৱেৰ ফুটবল দলে : বৰভোজ ৰন্ধাৰ বাবে আছে দুগৰাকী পাকৈত ৰান্ধনী

June 5, 2026 6:24 pm
পৃথিৱীয়ে আৰু যুদ্ধ সহ্য কৰিব নোৱাৰে

পৃথিৱীয়ে আৰু যুদ্ধ সহ্য কৰিব নোৱাৰে

June 5, 2026 6:05 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ব্যক্তিগত খণ্ডৰ স্কুলৰ শিক্ষকসকলৰ বাবে ডাঙৰ খবৰ, এতিয়াৰে পৰা চৰকাৰী শিক্ষকৰ দৰে তেওঁলোকেও পাব সন্তানৰ যত্নৰ বাবে বিশেষ ছুটি

ব্যক্তিগত খণ্ডৰ স্কুলৰ শিক্ষকসকলৰ বাবে ডাঙৰ খবৰ, এতিয়াৰে পৰা চৰকাৰী শিক্ষকৰ দৰে তেওঁলোকেও পাব সন্তানৰ যত্নৰ বাবে বিশেষ ছুটি

June 5, 2026 7:03 pm
১২ গৰাকী মন্ত্ৰীয়ে শপত লোৱাৰ পিছতেই কেবিনেট বৈঠকৰ আহ্বান মুখ্যমন্ত্ৰীৰ

১২ গৰাকী মন্ত্ৰীয়ে শপত লোৱাৰ পিছতেই কেবিনেট বৈঠকৰ আহ্বান মুখ্যমন্ত্ৰীৰ

June 5, 2026 7:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd