• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 27, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

জাগুনত তেলৰ টেংকাৰৰ ওপৰত হোৱা সন্দেহযুক্ত উগ্ৰপন্থী আক্ৰমণৰ বাবে ত্ৰুটিপূৰ্ণ নিৰাপত্তাক জগৰীয়া

NE NOW NEWS লক্ষ্মণ শৰ্মা
ডিগবৈ , January 17, 2018 8:06 pm

2 min read

কালি জাগুনত জ্বলাই দিয়া টেংকাৰ

কালি জাগুনত জ্বলাই দিয়া টেংকাৰ

95
VIEWS
Share on FacebookShare on Twitter

তেলভৰ্তি ৭ খন টেংকাৰ অসম-অৰুণাচল সীমান্তৰ নামফাই-নামচিক পথৰ জাগুনত কালি সন্দেহজনক উগ্ৰপন্থীয়ে জ্বলাই দিয়া ঘটনাটোৰ বাবে নিৰাপত্তাৰ ত্ৰুটিকে জগৰীয়া কৰা হৈছে।

খবৰ অনুসৰি অৰুণাচল প্ৰদেশৰ খাৰচাঙত থকা অইল ইণ্ডিয়া লিমিটেড আৰু জিঅ’ এনপ্ৰ’ পে’ট্ৰলিয়ামে যুটীয়াভাৱে পৰিচালনা কৰা তেলখাদৰ পৰা টেংকাৰকেইখনে খাৰুৱা তেলখিনি কঢ়িয়াই আনিছিল।

 

অইল ইণ্ডিয়া সূত্ৰই জনোৱা অনুসৰি, ‘নিৰাপত্তাৰ নামত বছৰি বহু লাখ টকা অইল ইণ্ডিয়া লিমিটেডে ভৰি আহিছে। এই নিৰাপত্তাৰক্ষীসকলৰ ভিতৰত সশস্ত্ৰ অসম আৰক্ষীও আছে।’

সূত্ৰটোৱে লগতে জনাই যে টেংকাৰসমূহৰ সুৰক্ষা নিশ্চিত কৰা, জাগুনৰ পৰা খাৰচাঙৰ তৈলক্ষেত্ৰলৈকে অইলৰ কৰ্তব্যৰত কৰ্মচাৰীসকল আৰু সম্পদক সুৰক্ষা দিয়াৰ বাবে এই নিৰাপত্তাৰক্ষীসকলক নিয়োগ কৰা হৈছে।

সূত্ৰটোৱে আৰু জনাই যে, ‘পূৰ্বে ২০০৭ চনত উগ্ৰপন্থী-অধ্যুষিত উক্ত অঞ্চলটোত এজন টেংকাৰ চালকক হত্যা কৰা আৰু টেংকাৰ জ্বলাই দিয়া একেধৰণৰ এটা ঘটনাৰ পিছৰে পৰা সশস্ত্ৰ নিৰাপত্তাৰক্ষীসকলৰ পহৰাদায়ী গাড়ীৰ নামত হোৱা খৰচো অইলে পৃথকভাৱে ব্যয় কৰি আহিছে। পৰৱৰ্তী বিভাগীয় কাৰ্যপন্থা গ্ৰহণৰ বাবে ঘটনাটো সন্দৰ্ভত আৰক্ষীয়ে ইয়াৰ তদন্তত কি উদ্ধাৰ কৰে তাৰ বাবে আমি অপেক্ষা কৰিছো।’

কালিৰ ঘটনাটো পৰ্যাপ্ত নিৰাপত্তাৰ ত্ৰুটিৰ বাবেই সংঘটিত হোৱা বুলি স্বীকাৰ কৰি অইল সূত্ৰই সদৰী কৰিছে যে টেংকাৰকেইখনত থকা অতি দাহ্য খাৰুৱা তেলসমূহ সুৰক্ষিত অৱস্থাত আছে।

জানিব পৰা মতে খাৰচাঙৰ পৰা এ এছ ২৩ বি চি ২৬৯১, এ এছ ০১ জি চি ৭১৯২, এন এল ০৮ এ ৮২৬৯, এ এছ ২২ চি ৩৯৩৭, এ এছ ০১ দি দি ৪২৫৭, এ এছ ০১ দি চি ৯৩৫৭, এ এছ ২৩ বি চি ৫৪০২ আৰু এ এছ ০৬ এ চি ১৫৯৩ নম্বৰৰ টেংকাৰ কেইখনে জেভিচি খাৰুৱা তেল ডিগবৈলৈ পৰিশোধনৰ বাবে আনি থকা অৱস্থাতে  ঘটনাটো সংঘটিত হয়। মুঠতে ৯ খন টেংকাৰ জ্বলাই দিয়া বুলি প্ৰথমে সন্দেহ কৰা হৈছিল যদিও এ এছ ০৪ এ চি ৪৭৩৫ আৰু এ এছ ০১ দি চি ৯৩৫৭ নম্বৰৰ টেংকাৰ দুখন আক্ৰমণটোৰ পৰা সাৰি আহিবলৈ সক্ষম হোৱা বুলি অইল সূত্ৰই দাবী কৰিছে।

আনহাতে নিৰাপত্তা বাহিনীৰ সূত্ৰই জনোৱা অনুসৰি অসম-অৰুণাচল সীমান্তৰ চাংলাং আৰু তিনিচুকীয়া জিলাৰ মাজৰ অঞ্চলটোত উগ্ৰপন্থীবিৰোধী অভিযান তীব্ৰতৰ কৰি তোলা হৈছে।

ইফালে গাড়ীৰ কৰ্মচাৰী, চালক আৰু ঠিকাদাৰসকলে শিথিল আৰু পৰ্যাপ্ত নোহোৱা নিৰাপত্তা ব্যৱস্থাৰ বিৰুদ্ধে ক্ষোভ উজাৰি প্ৰশাসনক নিশ্চিদ্ৰ নিৰাপত্তা প্ৰদানৰ দাবী জনাইছে আৰু ইয়াৰ অন্যথা তেওঁলোকে কাম বন্ধ কৰাৰ ভাবুকি দিছে।

Recent News

Sivasagar

শিৱসাগৰত মন্ত্ৰী হিমন্ত বিশ্বৰ নিৰ্বাচনী টোপ! : বিবেকানন্দ যুৱ সৱলীকৰণ যোজনাৰ স্বয়ম আঁচনিৰ অনুমোদন পত্ৰ বিতৰণ

a mori

এইবাৰ অসমৰ ল’ৰাই পাব বুলেট! শিৱসাগৰত এই মন্তব্য কৰিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে ক’লে, ‘Who is সত্যৰঞ্জন? বিজেপিত কোনো সত্যৰঞ্জন নাই!’

ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে ক’লে, ‘Who is সত্যৰঞ্জন? বিজেপিত কোনো সত্যৰঞ্জন নাই!’

a job

অসমৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত ওলাইছে চাকৰি, কোনে ,কেতিয়ালৈ কৰিব পাৰিব আবেদন? পঢ়ক সৱিশেষ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd