• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, April 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

দোদুল্যমান পৰিস্থিতিত জাতি-ধৰ্মৰ পৰিচয়, তেজৰ সম্পৰ্কৰ ঊৰ্ধ্বত উঠিল হৃদয়ৰ টান

NE NOW NEWS এন ই নাও নিউজ
মঙলদৈ , January 6, 2018 11:08 am

3 min read

Child_Swapping
89
VIEWS
Share on FacebookShare on Twitter

অলপতে পোহৰলৈ অহা অসমৰ এটা ভিতৰুৱা অঞ্চলত ঘটা এটা অতি বিৰল ঘটনাই ৰাজ্যখনৰ সীমা পাৰ হৈ সমগ্ৰ দেশবাসীৰে দৃষ্টি কাঢ়িবলৈ সক্ষম হৈছে। ৰাষ্ট্ৰীয় সংবাদ মাধ্যম তথা ছ’চিয়েল মিডিয়াত অসম মুলুকৰ এই ঘটনাটোৱে এতিয়া বেচ প্ৰচাৰ তথা চৰ্চা লাভ কৰিছে। জাতি-ধৰ্মৰ পৰিচয়ক কেন্দ্ৰ কৰিয়েই গোটেই ভাৰতীয় সমাজ আৱৰ্তিত হৈ থকাৰ সময়তে অসমৰ দৰং জিলাৰ এই ঘটনাটোত দুটা পৰিয়ালে দেখুৱালে জাতি-ধৰ্ম তথা তেজৰ সম্পৰ্কৰ ঊৰ্ধ্বত উঠিব পৰা হৃদয়াকৰ্ষণ তথা মানৱতাৰ অপূৰ্ব নিদৰ্শন। পৰিয়াল দুটাৰ এটা বড়ো আৰু আনটো মুচলমান সম্প্ৰদায়ৰ। ২০১৫ চনত দুয়োটা পৰিয়ালৰ ক্ৰমে শেৱালি আৰু চলমাই একেটা সময়তে একোটিকৈ পুত্ৰ সন্তান জন্ম দিছিল মঙলদৈ অসামৰিক চিকিৎসালয়ত। দিনটো আছিল ১১ মাৰ্চ। চিকিৎসালয় কৰ্তৃপক্ষই যথা নিয়মত দুয়োটা পৰিয়ালকে হাতত তুলি দিছিল তেওঁলোকৰ নিজ নিজ সন্তান।

কিন্তু এইখিনিতে এটা গুৰুতৰ ভুল কৰিছিল কৰ্তব্যৰত নাৰ্চে। দুয়োটা পৰিয়ালৰ কেঁচুৱাকেইটি অসাৱধানবশতঃ সালসলনি হৈ গৈছিল।

এসপ্তাহ মানৰ পিছত চলমাই তেওঁৰ শিক্ষক স্বামী চাহাবুদ্দিনক আপত্তি কৰিলে যে সন্তানটো তাইৰ যেন লগা নাই। কাৰণ কেঁচুৱাটিৰ মুখাৱয়বত আছিল জনজাতীয় চাপ।

চাহাবুদ্দিনে চিকিৎসালয় কৰ্তৃপক্ষক লগ কৰি তেওঁলোকৰ সন্দেহ অৱগত কৰে। কিন্তু চিকিৎসালয় কৰ্তৃপক্ষই সেয়া গুৰুত্ব নিদি তেওঁৰ অভিযোগ নাকচ কৰিলে।

নিৰুপায় চাহাবুদ্দিনে তেওঁৰ পত্নীৰ সৈতে একেটা দিনত চিকিৎসালয়খনত সন্তান জন্ম দিয়া আন মাতৃসকলৰ নাম-ঠিকনা বিচাৰিলে তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত। তথ্যত এগৰাকী বড়ো মহিলাৰ নাম পাই তেওঁ সেই পৰিয়ালটোলৈ লিখি এনেকুৱা সালসলনিৰ সম্ভাৱনাৰ কথা অৱগত কৰিলে। তেতিয়া বড়ো পৰিয়ালটোৱে চাহাবুদ্দিনক মাতি পঠালে, কাৰণ তেওঁলোকৰো সন্তানটো ইমান দিনে নিজৰ সৈতে নিমিলা যেন অনুভৱ হৈ আছিল। তেওঁলোকে সন্তান কেইটা মিলাই চাই কথাটোত পতিয়ন গৈছিল যদিও বড়ো মাতৃগৰাকীয়ে এইটো মানি ল’বলৈ অস্বীকাৰ কৰে।

ইয়াৰ পিছত ন্যায় বিচাৰি চাহাবুদ্দিনে আৰক্ষী অধীক্ষকক লগ কৰে আৰু আৰক্ষী অধীক্ষকে এটা গোচৰ ৰুজু কৰে। সেয়া আছিল ২০১৫ চনৰ ডিচেম্বৰৰ কথা। তদন্ত প্ৰক্ৰিয়াৰ অংশ স্বৰূপে ২০১৬ চনৰ এপ্ৰিল মাহত সন্তানকেইটি আৰু মাক-বাপেকৰ ডি এন এ পৰীক্ষা কৰোৱা হয় আৰু যোৱা নৱেম্বৰত ইয়াৰ ফলাফল হাতত পৰে। পৰীক্ষাত এইটো সত্য পোহৰলৈ আহে যে দুয়োটা সন্তান আচলতে ভুলতে সালসলনি হৈছিল।

কিন্তু ইতিমধ্যে বহু সময় পাৰ হৈ গৈছিল। দুয়োটা পৰিয়ালৰ অপত্যস্নেহৰ মাজত সন্তানকেইটি আঢ়ৈ বছৰীয়া হ’ল। মাক দুগৰাকীৰ বুকুৰ পিয়াহ, কোলাৰ মৰম সিহঁতৰ বাবে বিকল্পহীন হৈ পৰিছিল। সত্যটো জনাৰ পিছত দোদুল্যমান পৰিস্থিতিত দুয়োগৰাকী মাতৃয়ে কেঁচুৱাকেইটি সলায়ো চালে। কিন্তু লগে লগে সিহঁতে পূৰ্বৰ মাকক বিচাৰি কান্দিবলৈ ধৰিলে। সিহঁতৰ কান্দোনে মাক দুগৰাকীক তেজৰ সম্পৰ্ক থকা সন্তানটিক এৰি পুনৰ আগতে নিজৰ বুলি জ্ঞান কৰি লোৱা সন্তানটিক তুলি ল’বলৈ বাধ্য কৰিলে।

‘আমি আমাৰ সন্তানটোক এৰি নিদিয়াৰ সিদ্ধান্ত লৈছো। মই ৰাকেশক ডাঙৰ-দীঘল কৰিছো। নিজৰ পিয়াহ খুৱাইছো। তাৰ অবিহনে মই কেনেকৈ জীয়াই থাকিব পাৰিম?’ এইবুলি কয় শেৱালিয়ে। আনহাতে চলমায়ো কয়, ‘আমি দুয়োটা সন্তান সলাই চাইছিলো। কিন্তু সিহঁতে সিহঁতৰ তুলনীয়া মাকক এৰিব নোখোজে। গতিকে আমি আকৌ সিহঁতক সলোৱাৰ কথা নাভাবো।’

অসমৰ এই ঘটনাটোৱে ছ’চিয়েল মিডিয়াকে ধৰি ৰাষ্ট্ৰীয় সংবাদ মাধ্যমতো চৰ্চা লাভ কৰিছে।

Recent News

Schools_during_COVID19_16

ক’ৰ’নাৰ ভয়াৱহ সংক্ৰমণ : গুৱাহাটীত বন্ধ কৰা হ’ল বহুকেইখন বিদ্যালয়

Covid-test-image-1-1

স্তব্ধ হোৱা নাই অসমত কৰ’নাৰ সংক্ৰমণ; আজি ৰাজ্যখনত পুনৰ ১৩৬৭গৰাকী লোক আক্ৰান্ত

Forest-Department-750x375

ৰহস্য কি? নতুন চৰকাৰ গঠন নোহোৱাকৈয়েই বন বিভাগত বিষয়াক পদোন্নতিৰ জোৱাৰ! একাধিকক বদলি

a-vac-640x375

কৰ’নাৰ সংক্ৰমণ ৰোধ কৰিবলৈ এইবাৰ ১৮ বছৰৰ ওপৰৰ সকলোকে দিয়া হ’ব ভেকচিন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd