• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

জামিন পালে মুকেশ হুণ্ডাইৰ স্বত্বাধিকৰী ঋষভ হিম্মত্‍‍সিংকাই

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , July 16, 2018 7:18 pm

2 min read

HimmatSinka

দিচপুৰ আৰক্ষী থানাত মুকেশ হুণ্ডাইৰ স্বত্বাধিকাৰী ঋষভ হিম্মৎসিংকা।

70
VIEWS
Share on FacebookShare on Twitter

নিজৰ প্ৰতিষ্ঠানৰ কৰ্মচাৰীক শাৰীৰিকভাৱে অপদস্থ কৰি কাৰাবাসী জীৱন কটাব লগীয়া হোৱা মুকেশ হুণ্ডাইৰ স্বত্বাধিকাৰী ঋষভ হিম্মত্‍‍সিংকাই আজি পুনৰ মুকলি আকাশৰ তললৈ অহাৰ সুযোগ পাইছে।

৮ দিন ধৰি কেন্দ্ৰীয় কাৰাগাৰৰ নিৱাসী হৈ থকাৰ পিছত আজি গুৱাহাটী উচ্চ ন্যায়ালয়ে অভিযুক্তজনৰ জামিন মঞ্জুৰ কৰাত সকাহ পায় পৰিয়ালটোৱে। যোৱা ৮ জুলাইৰ পৰাই তেওঁ গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰৰ নিৱাসী হৈ আছিল।

উল্লেখযোগ্য যে যোৱা ৪ জুলাইত কমল দাস নামৰ কৰ্মচাৰীজনক প্ৰতিষ্ঠানটোৰ স্বত্বাধিকাৰী ঋষভ হিম্মৎসিংকাই কাণত ধৰাই আঁঠু কঢ়াই থোৱাৰ দৃশ্য সম্বলিত এটা ভিডিঅ’ দেখা গৈছিল। ইয়াৰ পিছতে সমগ্ৰ ৰাজ্যখনত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। ঘটনা সন্দৰ্ভত অৰ্কিড ইণ্ডিয়াই ঋষভ হিম্মৎসিংকাৰ বিৰুদ্ধে দিচপুৰ থানাত গোচৰ দিছিল। লগতে ভুক্তভোগী কমল দাসেও ৬ জুলাইৰ দিনা গোচৰ দিয়ে। এই গোচৰৰ ভিত্তিত পলাতক ঋষভ হিম্মৎসিংকাক দিচপুৰ আৰক্ষীয়ে ৮ জুলাইত সোণাপুৰৰ দিচাং ৰিজ’ৰ্টৰ পৰা গ্ৰেপ্তাৰ কৰি জেইললৈ প্ৰেৰণ কৰিছিল।

আনহাতে কৃষক মুক্তিৰ নেতা অখিল গগৈ, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, লাচিত সেনা, সদৌ অসম উন্নয়ন পৰিষদ আদি সংগঠনে ঘটনাটোৰ তীব্ৰ প্ৰতিবাদ কৰিছিল। পিছত মুকেশ হুণ্ডাই এই সংগঠনকেইটাৰ নেতৃত্বৰ চুক্তিত চহী কৰে যে স্বত্বাধিকাৰী ঋষভ হিম্মৎসিংকাই ৰাজহুৱাকৈ ক্ষমা নোখোজা পৰ্য্যন্ত মুকেশ হুণ্ডাইৰ গণেশগুৰিস্থিত শ্ব’ৰূম আৰু ছাৰ্ভিচ চেণ্টাৰ বন্ধ থাকিব। চুক্তিমতে, বন্ধৰ সময়ছোৱাত সকলো কৰ্মচাৰীয়ে ছুটী লাভ কৰাৰ লগতে দৰমহাও পাব।

এই চুক্তি মতেই ঋষভ হিম্মৎসিংকাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা পিছদিনাই, অৰ্থাৎ ৯ জুলাইৰ দিনা হিম্মৎসিংকা পৰিয়ালে সংবাদমেল দি ৰাজহুৱাকৈ ক্ষমা খোজে। ক্ষমা খোজাৰ লগতে তেওঁলোকে চুক্তিমতে ক্ষমা খোজা বুলি উপৰোক্ত সংগঠনকেইটাৰ নেতৃবৰ্গলৈ পত্ৰ প্ৰেৰণ কৰে। তাৰ পিছৰ পৰাই গণেশগুৰিস্থিত মুকেশ হুণ্ডাইৰ কাম-কাজ পুনৰ স্বাভাৱিকভাৱে চলোৱা দেখা গৈছে।

Recent News

সকলো লোককে দিয়া হ’ব বিনামূলীয়া কোভিড ভেকচিন; এইখন ৰাজ্যৰ কেবিনেটত প্ৰস্তাৱ গ্ৰহণ

বহু কেইখন দেশলৈ কোভিড ভেকচিনেৰে সহায় ভাৰতৰ; আমেৰিকাৰ উচ্চ প্ৰশংসা

জাকাই ইক' কেম্প

পৰ্যটন ক্ষেত্ৰত ন-সংযোজন ৰাঙলু পাহাৰগুৰিৰ জাকাই ইক’ কেম্প; পৰ্যটকক আদৰিবলৈ সাজু

ৱেষ্ট ইণ্ডিজক হৰুৱাই এদিনীয়া শৃংখলাত বাংলাদেশৰ শ্ৰেষ্ঠত্ব

ৱেষ্ট ইণ্ডিজক হৰুৱাই এদিনীয়া শৃংখলাত বাংলাদেশৰ শ্ৰেষ্ঠত্ব

WhatsApp Image 2021-01-23 at 11.48.57 AM

ৰাহানেৰ মহানুভৱতা! কেংগাৰুৰ প্ৰতিকৃতি থকাৰ বাবেই নাকাটিলে কেক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd