DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 23, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

জামুগুৰিহাটত পথ দুৰ্ঘটনা : জুইৰ সূত্ৰপাত ঘটি চালক নিহত

এন ই নাও নিউজ ব্যুৰো by এন ই নাও নিউজ ব্যুৰো
December 7, 2017 12:07 pm
জামুগুৰিহাটত পথ দুৰ্ঘটনা : জুইৰ সূত্ৰপাত ঘটি চালক নিহত
124
VIEWS
Share on FacebookShare on Twitter

মঙলবাৰে নিশা শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ বাকোলাৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত এক ভয়াৱহ পথ দুৰ্ঘটনা সংঘটিত হৈ দুজন চালকৰ কৰুণ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে। বিশেষ সূত্ৰই জনোৱা মতে, ৫ ডিচেম্বৰৰ ৰাতি জামুগুৰিহাটৰ বাকোলাত ৰাজপথতে এখন টেংকাৰ আৰু ট্ৰাকৰ মুখামুখি সংঘৰ্ষ হয়৷ ফলত দুয়োখন গাড়ীৰে সন্মুখ ভাগৰ বেয়াকৈ ক্ষতিগ্ৰস্ত হয়। সন্মুখৰ অংশ ইমান বেয়াকৈ ভাগি গৈছিল যে চালক দুজন গাড়ীৰ ভিতৰৰ পৰা বাহিৰলৈ ওলাই আহিব পৰা নাছিল। কিছু সময়ৰ পিছতে দুৰ্ঘটনাগ্ৰস্ত ট্ৰাকখনত জুইৰ সূত্ৰপাত হয়। ফলত গাড়ী দুখনত আবদ্ধ হৈ থকা চালক দুজনৰ কৰুণ মৃত্যু হয়৷ হেণ্ডিমেন মোকলেছ আহমেদ কোনোমতে ৰক্ষা পৰে। দুৰ্ঘটনাত পতিত গাড়ীকেইখনৰ মাজৰ চিমেণ্ট কঢ়িয়াই নিয়া ট্ৰাকখন (AS-07-C-3581) গুৱাহাটীৰ পৰা লখিমপুৰলৈ গৈ আছিল আৰু তেলৰ টেংকাৰখন (AS-07-C-7961) বিপৰীত দিশৰ পৰা আহি আছিল। জানিব পৰা মতে ট্ৰাকখনৰ চালকজন মৰিগাওঁ জিলাৰ চফিকুল আহমেদ। টেংকাৰখনৰ চালকজনক চিনাক্ত কৰিব পৰা হোৱা নাই। সূত্ৰটোৱে কোৱামতে অগ্নিনিৰ্ব্বাপক বাহিনীৰ তিনিখন গাড়ী আহি প্ৰায় তিনিঘণ্টাৰ পাছত জুই নুমুৱাবলৈ সক্ষম হয়। এই অগ্নিকাণ্ডৰ ফলত প্ৰায় ৪ ঘণ্টা সময় পথত তীব্ৰ যানজঁটৰ সৃষ্টি হৈছিল।

Recent News

Gyanvapi Mosque Case

জ্ঞানৱাপী মছজিদ বিতৰ্ক: মঙলবাৰে শুনানি গ্ৰহণ কৰিব বাৰানসী জিলা আদালতে

“মহিলাক যৌন নিৰ্যাতন চলোৱা সকলো ভাড়াঘৰৰ মালিকক মাৰি খতম কৰি দিব লাগে”:হত্যাত অভিযুক্ত ধৰণী ডেকাৰ বিস্ফোৰণ

“মহিলাক যৌন নিৰ্যাতন চলোৱা সকলো ভাড়াঘৰৰ মালিকক মাৰি খতম কৰি দিব লাগে”:হত্যাত অভিযুক্ত ধৰণী ডেকাৰ বিস্ফোৰণ

মানৱকেন্দ্ৰিক বিকাশত গুৰুত্ব দিয়ক, বানগ্ৰস্ত লোকক উদ্ধাৰ কৰক,অমানৱীয় উচ্ছেদ বন্ধ কৰক:অসম নাগৰিক সমাজ

মানৱকেন্দ্ৰিক বিকাশত গুৰুত্ব দিয়ক, বানগ্ৰস্ত লোকক উদ্ধাৰ কৰক,অমানৱীয় উচ্ছেদ বন্ধ কৰক:অসম নাগৰিক সমাজ

Rajya Sabha Secretariat

দুবছৰ বিৰতিৰ পাছত ৰাজ্যসভা সচিবালয়ত উপস্থিতিৰ প্ৰামাণিকৰ বাবে পুনৰ বায়োমেট্ৰিক পদ্ধতি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd