• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

জি আই এম টিত অনুষ্ঠিত স্মাৰ্ট ইণ্ডিয়া হেকাথন, ২০১৮ত মধ্য প্ৰদেশৰ শিক্ষাৰ্থী দলে বিজয়ী হৈ পালে ১ লাখ টকাৰ পুৰস্কাৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , March 31, 2018 10:33 pm

2 min read

Hekathon
136
VIEWS
Share on FacebookShare on Twitter

গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অব মেনেজমেণ্ট এণ্ড টেকন’লজি, চমুকৈ জি আই এম টিত ৩০ মাৰ্চৰ পৰা হৈ থকা স্মাৰ্ট ইণ্ডিয়া হেকাথন, ২০১৮ৰ গ্ৰেণ্ড ফিনেল আজি সন্ধিয়া ৮ বজাত অন্ত পৰে।

৩৬ ঘণ্টীয়া অবিৰত ক’ডিঙৰ এই প্ৰতিযোগিতাত মুঠ ৩২০ জন প্ৰতিযোগীয়ে ৪০ টা দল হৈ অংশগ্ৰহণ কৰিছিল। প্ৰতিযোগীসকলে নিৰ্বাচিত ১০টা প্ৰগ্ৰামিং সমস্যা সমাধানৰ চেষ্টা কৰিছিল।

মধ্য প্ৰদেশৰ দেৱী অহল্যা বিশ্ববিদ্যালয়ৰ টীম এছ (Team Aces) প্ৰতিযোগিতাৰ বিজয়ীৰ স্থান লাভ কৰে। আনহাতে মধ্য প্ৰদেশৰে অৰিয়েণ্টেল ইনষ্টিটিউট অব ছায়েন্স এণ্ড টেকন’ল’জিৰ টীম চাইফাৰ (Team Ciphers)-এ প্ৰথম ৰানাৰ আপ আৰু গুজৰাটৰ য়ু ভি পেটেল কলেজ অব ইঞ্জিনিয়াৰিঙৰ টীম য়ু ভি পি চি ই জিৰ’ ৱানে (Team UVPCE01) দ্বিতীয় ৰানাৰ আপৰ সন্মান লাভ কৰে।

প্ৰতিযোগিতাখনৰ বিজয়ী দলটোক ১ লাখ টকা আৰু প্ৰথম ৰানাৰ আপ দলটোক ৭৫ হাজাৰ টকা আৰু দ্বিতীয় ৰানাৰ আপ দলটোক ৫০ হাজাৰ টকাৰ বঁটা দিয়া হয়। ইয়াৰ লগতে আন ১০টা দলক উদগনিমূলক বঁটা দিয়া হয়। এইকেইটা দলক ১০ হাজাৰ টকাকৈ পুৰস্কাৰ দিয়া হয়।

বিজয়ী দলটোৱে জনজাতীয় পৰিক্ৰমা মন্ত্ৰ্যালয়ে নিৰ্ধাৰণ কৰি দিয়া দহটা সমস্যাৰ ভিতৰত বন বিভাগৰ কামত অহাকৈ ফৰেষ্ট ৰাইট এৱাৰনেছ প্ৰগ্ৰামৰ বিষয়ে এনিমেইটেড ভিডিঅ’ এটা ডিছপ্লেই কৰা প্ৰগ্ৰাম নিৰ্মাণ কৰে। সেইদৰে প্ৰথমটো ৰানাৰ আপ দলে জনজাতীয় লোকসকলে তেওঁলোকৰ অঞ্চলত থকা পৰ্য্যটন সম্ভাৱনাক প্ৰচাৰ কৰিব পৰা এটা এপ নিৰ্মাণ কৰি উলিয়ায়। আনহাতে দ্বিতীয় ৰানাৰ আপ দলটোৱে know your right সম্পৰ্কীয় প্ৰগ্ৰাম নিৰ্মাণ কৰে।

আজিৰ সামৰণি অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে মন্ত্ৰী পল্লৱলোচন দাস উপস্থিত থকাৰ লগতে সন্মানীয় অতিথি হিচাপে উপস্থিত আছিল অতিৰিক্ত মুখ্য সচিব ৰাজীৱ কুমাৰ বৰা, জনজাতীয় পৰিক্ৰমা দপ্তৰৰ যুটীয়া সচিব ৰাজেশ আগৰৱাল আৰু AICTEৰ সহযোগী সঞ্চালক অজিত সিং উপস্থিত আছিল।

উল্লেখযোগ্য যে সৰ্বভাৰতীয় পৰ্য্যায়ৰ এই ক’ডি প্ৰতিযোগিতাখন দেশৰ মুঠ ২৮টা কেন্দ্ৰত একে সময়তে অনুষ্ঠিত হৈছিল। সমগ্ৰ উত্তৰ-পূবৰ ভিতৰত জি আই এম টিয়ে হৈছে একমাত্ৰ কেন্দ্ৰ।

কালি প্ৰতিযোগিতাখন জনজাতি পৰিক্ৰমা বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰী জে এছ ভাভোৰে মুকলি কৰিছিল।

Recent News

a track

কৃষকৰ ট্ৰেক্টৰ ৰেলীত অনুমতি দিল্লী আৰক্ষীৰ,৩০৮ টা টুইটাৰ একাউণ্টেৰে ৰেলী বিঘ্নিত কৰাৰ চেষ্টা পাকিস্তানৰ

a family_600c1789a132e

এজন লোকৰ ২৭ গৰাকী ঘৈণী, সন্তানৰ সংখ্যা ১৫০! ক’ত?

FB_IMG_1611484341539

“সহায়-The Helping Hand” নামৰ স্বেচ্ছাসেৱী সংগঠনৰ উদ্যোগত  ভোগালী উৎসৱস্থলীত চাফাই অভিযান

FB_IMG_1611490110105

অসম এথলেটিকছ সন্থা আৰু টিপকাইৰ উদ্যোগত মাৰ্ঘেৰিটাত মাৰাথন দৌৰ , সহস্রাধিকৰ অংশগ্রহণ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd