DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 22, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

জুবিন গাৰ্গৰ অনুষ্ঠান বৰ্জনৰ আহ্বান লামডিঙৰ দুষ্টচক্ৰৰ : নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাই কাৰণ

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
May 14, 2018 10:30 pm
Anti-CAA protest: Will take Assam's wild animals on side, says Zubeen Garg

জুবিন গাৰ্গৰ ফাইল ছবি।

136
VIEWS
Share on FacebookShare on Twitter

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰাৰ দাবীত ৰাজ্যজুৰি উত্তাল প্ৰতিবা্দ অব্যাহত থকাৰ সময়তে ছ’চিয়েল মিডিয়াৰ জৰিয়তে জুবিন গাৰ্গৰ লামডিঙত অনুষ্ঠিতব্য বিহুৰ সংগীতানুষ্ঠান বৰ্জনৰ আহ্বান জনাই এক প্ৰকাৰৰ সাম্প্ৰদায়িক সম্প্ৰীতি বিনষ্ট কৰাৰ চেষ্টা কৰিছে এটা দুষ্ট চক্ৰই। এই দুষ্ট চক্ৰটোৱে Lumding United নামৰ এটা ফেইচবুক পেইজৰ পৰা জুবিনক সকীয়নি দিয়াও দেখা গৈছে। কেৱল সেয়াই নহয়, অসমীয়া জাতিৰ প্ৰতি বিৰূপ মন্তব্যও কৰা হয় পোষ্টটোত। আনহাতে, চিংকিসকলতকৈ (অৰুণাচলীসকলক উত্তৰ ভাৰতৰ লোকসকলে ইতিকিং কৰা শব্দ) বাঙালীসকল অধিক ভাৰতীয় বুলিও কোৱা হয় পোষ্টটোত।

উল্লেখযোগ্য যে যুৱ প্ৰজন্মৰ হাৰ্ট থ্ৰ’ব আৰু স্পষ্টভাষী জুবিন গাৰ্গ শেহতীয়াকৈ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাত সৰৱ হৈ আহিছে। তেওঁ এই বিধেয়কখনৰ ঘোৰ বিৰোধিতা কৰি ছ’চিয়েল মিডিয়াত পোষ্ট দিয়াৰ লগতে মঞ্চতো ইয়াৰ বিৰোধিতাৰে মন্তব্য কৰি আহিছে। আপত্তিকৰ ফেইচবুক পোষ্টটোত জুবিনক এইবোৰত (নাগৰিকত্ব সংশোধনী বিধেয়ক) মন্তব্য নকৰি গান গাই যাবলৈ আহ্বান জনায়।

Lumding United নামৰ পেইজটোৰ পোষ্টটো।

আনহাতে, অহা ১৯ আৰু ২০ মে’ত অনুষ্ঠিত হ’ব লগীয়া লামডিং সৰ্বজনীন ৰঙালী বিহু সন্মিলনলৈ গাৰ্গক সংগীত পৰিৱেশনৰ বাবে আমন্ত্ৰণ কৰা হৈছে। কিন্তু তাৰ আগমুহূৰ্তত শিল্পীগৰাকীৰ বিৰুদ্ধে এনেকুৱা ফতোৱা জাৰি কৰাটোৱে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

অৱশ্যে লামডিঙৰ বিহু সন্মিলন সমিতিয়ে জুবিনৰ অনুষ্ঠান কোনো কাৰণতে বাতিল নহয় বুলি স্পষ্ট কৰি দিছে। উদযাপন সমিতিৰ সম্পাদক জয়ন্ত দাসে কৈছে যে শান্তি-সম্প্ৰীতি বিঘ্নিত কৰিব বিচৰা কোনো দুষ্টচক্ৰক সহ্য কৰা নহ’ব। বিহুত জুবিন আহিবই। নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত জুবিনৰ সেয়া নিজৰ স্থিতি। ইয়াত আনে হস্তক্ষেপ কৰিব লগীয়া একো নাই।

Recent News

হাজোত কিশোৰীৰ সৈতে থকা গোপন মুহূৰ্তৰ ফটো ভাইৰেল কৰি গ্ৰেপ্তাৰ দৰ্জী

হাজোত কিশোৰীৰ সৈতে থকা গোপন মুহূৰ্তৰ ফটো ভাইৰেল কৰি গ্ৰেপ্তাৰ দৰ্জী

Gangetic dolphin

বৰপেটাত মৃত অৱস্থাত গাঙ্গেতিক ডলফিন উদ্ধাৰ: জালত লাগি মৃত্যু হোৱাৰ সন্দেহ

বঙাইগাঁৱত নাও চলাচলত নিষেধাজ্ঞা জিলা দণ্ডাধীশৰ

বঙাইগাঁৱত নাও চলাচলত নিষেধাজ্ঞা জিলা দণ্ডাধীশৰ

Mentally Ill Man Thrashed

‘নাম কি? মহম্মদ নেকি?’: মানসিক ৰোগত আক্ৰান্ত ব্যক্তিৰ ধৰ্মীয় পৰিচয় বিচাৰি শাৰীৰিক আক্ৰমণ; মৃতদেহ উদ্ধাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd