• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জুবিন পৰিয়ালৰ লোকৰ ব্যক্তিগত নহয়, তেওঁ ৰাইজৰ বাবে মোকো এৰিবলৈ সাজু : গৰিমা গাৰ্গ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
July 26, 2018 9:44 pm
zubeen Garima
18
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘তেওঁ ৰাইজৰে সন্তান, সেয়েহে জুবিনে পৰিয়ালৰ কথা চিন্তা নকৰি প্ৰায়ে কয় যে মই মানুহৰ বাবেহে। মোক বিয়াৰ সময়তে জুবিনে কৈছিল যে মোক ব্যক্তিগতভাৱে কেতিয়াও নিবিচাৰিবা।‘

আজি জনপ্ৰিয় লিখক ড০ প্ৰাণেশ্বৰ নাথৰ দ্বাৰা ৰচিত তথা ছয়গাওঁ শিল্পীসমাজে প্ৰকাশ কৰি উলিওৱা ‘জুবিন গাৰ্গৰ সৃষ্টি আৰু দৃষ্টি’ শীৰ্ষক গ্ৰন্থখনিৰ উন্মোচন কৰি ভাষণ প্ৰসংগত এই মন্তৱ্য কৰে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে।

Apply Now

ভাষণ প্ৰসংগতে তেওঁ জনায় যে জুবিন গাৰ্গে তেওঁক প্ৰায়ে কয় যে তেওঁ দেউতাকৰ বাবে বা পত্নীৰ বাবে নহয়, তেওঁ ৰাইজৰ বাবে।

‘বিষ্ণুৰাভা তেওঁৰ গুৰু আৰু হীৰু দা তেওঁৰ প্ৰিয়,’ এইদৰে সদৰী কৰি গৰিমাই লগতে কয়, ‘বিষ্ণুৰাভাৰ আদৰ্শৰে চলা জুবিনে বিয়াৰ প্ৰথম দিনাই মোক কৈছিল ‘কোনদিনা তোমাক এৰি ৰাইজৰ মাজলৈ গুচি যাওঁ ক’ব নোৱাৰো।‘

আনহাতে, জুবিন গাৰ্গে পৰিয়ালৰ কথা বৰ বেছিকৈ চিন্তা নকৰে বুলি গৰিমাই জানিবলৈ দি লগতে কয়, ‘তেওঁৰ কামৰ কথাহে তেওঁ বেছিকৈ চিন্তা কৰে।‘

উল্লেখ্য যে, ইতিমধ্যে বৈৱাহিক জীৱনৰ ১৬ টা বসন্ত অতিক্ৰম কৰা গৰিমাই ভাষণ প্ৰসংগতে কয়,  ‘ইমানদিনে কাষৰ পৰা জুবিনক পাইছো, তেওঁৰ মাজত যিমানেই গম্ভীৰ্য্যতা আছে, সিমানেই শিশুসুলভতাও তেওঁৰ মাজত আছে।‘

ভাষণ প্ৰসংগতে গৰিমাই ১৯৯২ চনৰ পৰা আৰম্ভ হোৱা জুবিনৰ সংগীতৰ যাত্ৰাত ৰাইজৰ সহায়-সহযোগিতা তথা আশীৰ্বাদৰ বাবে এই স্থান পাইছেহি বুলি স্বীকাৰ কৰি লগতে কয়, ‘ ৰাইজৰ মৰম আৰু আশীষ অবিহনে এজন শিল্পী কেতিয়াও আগবাঢ়ি যাব নোৱাৰে।‘

‘তেওঁৰ যোগাত্মক তথা ইতিবাচক দিশটোও দেখিছো, অস্থিৰতাৰ দিশটোও দেখা পাইছো। জুবিন গাৰ্গ বহুসময়ত হতাশগ্ৰস্ত হৈছে। তেওঁ নিজৰ মাতৃক যেতিয়া হেৰুৱাইছে, তেওঁৰ ছাঁৰ দৰে থকা ভগ্নীক হেৰুৱাইছে, আৰু একেটা পথ দুৰ্ঘটনাতে তেওঁৰ আটাইতকৈ প্ৰিয় বন্ধু জয়ন্ত পাটোৱাৰীক হেৰুৱাইছে,‘ -গ্ৰন্থ উন্মোচনী সভাত ভাষণ প্ৰসংগতে গৰিমাই এইদৰে কয়।

আনহাতে, জুবিন গাৰ্গ সংগীতানুষ্ঠানলৈ ৰাওনা হ’লে বাটত কোনো লোকক অসহায় হিচাপে পালে তেওঁক সহায় কৰাৰ উদাহৰণো আছে বুলি মন্তৱ্য কৰি লগতে গৰিমাই কয়, ‘এনে বহু উদাহৰণ আছে যাৰ বাবে তেওঁৰ সংগীতানুষ্ঠান পলম হৈছিল। বাটত কাৰোবাৰ পথ দুৰ্ঘটনা হ’লেও তেওঁ অন্য লোকে সহায় নকৰিলেও নিজে আগবাঢ়ি যায়।‘

উল্লেখ্য যে, কিছুবছৰ পূৰ্বে সংগীতানুষ্ঠানৰ মাজতে জখলা বগাই বিতৰ্কৰ আৱৰ্তত সোমাই পৰা জুবিন গাৰ্গৰ জখলা বগোৱাটো তেওঁৰ ইচ্ছাকৃত আছিল বুলি জানিবলৈ দিয়ে গৰিমাই।

এই সম্পৰ্কে বিস্তৃত বৰ্ণনা আগবঢ়াই গৰিমাই কয়, ‘নৰ্থ ইষ্ট টেললিভিচনৰ এটা অনুষ্ঠান আছিল, বহুতো সাংসদকো আমন্ত্ৰণ কৰি অনা হৈছিল সেই অনুষ্ঠানলৈ বুলি। ৰাজনৈতিক নেতাসকলৰ সুৰক্ষাৰ কাৰণে বহু নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছিল। সেই অনুষ্ঠানতে ৰামেশ্বৰ পাঠকক জীৱনজোৰা শিল্পী সাধনা বঁটা দিবলৈ আমন্ত্ৰণ কৰি অনা হৈছিল।  ৰামেশ্বৰ পাঠক তেতিয়া অসুস্থ আছিল, তথাপি তেওঁ ওলাই আহিছিল। ৰামেশ্বৰ পাঠকৰ বাদ্যযন্ত্ৰত সহযোগ কৰা শিল্পীসকলক নিৰাপত্তাৰক্ষীয়ে সোমাবলৈ দিয়া নাছিল। সেই সময়তে জুবিনে লক্ষ্য কৰিলে ৰামেশ্বৰ পাঠক বহুসময় ধৰি গাড়ীৰ ভিতৰতে বহি আছিল। তেওঁ কৰ্তৃপক্ষক অনুৰোধ কৰিছিল, পাঠকক ভিতৰত সোমোৱাই দিবলৈ, কিন্তু সকলো ব্যস্ত আছিল ৰাজনৈতিক নেতাসকলক শুশ্ৰষা কৰাত, কোনেও ৰামেশ্বৰ পাঠকৰ ফালে গুৰুত্বই দিয়া নাছিল। তেতিয়া জুবিনৰ খং উঠিল। জুবিনে খঙতে মনোৰঞ্জনা সিঙক মঞ্চৰ পিছফালে গৈ কিবা-কিবি ক’লে। সেই খঙকেই জুবিনে অনুষ্ঠান আৰম্ভ হোৱাৰ পাছত জখলাত বগাই দেখুৱালে।‘

আনহাতে, উক্ত সভাতে গৰিমাই জুবিনৰ পৰা ধনাত্মক হ’বলৈ শিকা বুলি দাবী কৰি তেওঁ কয়, ‘যোগাত্মক হ’লে মানুহে যিকোনো কাম কৰিব পাৰে।‘

আনহাতে, গ্ৰন্থ উন্মোচনী সভাৰ আদৰণি ভাষণ ৰাখি অসম আৰু অসমীয়াৰ বাবে জুবিন গাৰ্গে কৰা কৰ্মৰাজিৰ প্ৰতি সন্মান জনাই এই গ্ৰন্থখন লিখি উলিওৱা হ’ল বুলি লেখক ড০ প্ৰাণেশ্বৰ নাথে ভাষণ প্ৰসংগত উল্লেখ কৰে।

তেওঁ লগতে কয়, ‘ড০ ভূপেন হাজৰিকাৰ বিষয়ক এখন গ্ৰন্থ লিখি উলিওৱাৰ পাছত যুৱ প্ৰজন্মৰ আটাইতকৈ প্ৰিয় শিল্পী জুবিন গাৰ্গৰ ইতিবাচক দিশটোৰ ওপৰত এখন গ্ৰন্থ লিখি উলিয়াম বুলি ভাবিছিলো। জুবিনৰ নেতিবাচক দিশৰ ওপৰত গুৰুত্ব নিদি তেওঁৰ সৃষ্টিৰাজিৰ ওপৰত ভিত্তি কৰি ইতিবাচক দিশসমূহ সামৰি এই গ্ৰন্থখন ৰচনা কৰা হ’ল।‘

উক্ত গ্ৰন্থ উন্মোচনী সভাত উপস্থিত থকা ভাস্কৰ্য্য শিল্পী বীৰেন সিংহই কয় যে এজন শিল্পীক কথাৰে জুখিব নোৱাৰি তথা শিল্পীৰ জীৱনৰ যাত্ৰা বিচিত্ৰময়।

তেওঁলগতেকয়,জুবিন গাৰ্গে শিশুসুলভ তথা অদ্ভুতধৰণৰ মন এটা লগত লৈ থাকে। জুবিন গাৰ্গৰ বিৰল প্ৰতিভা আছে। বিভিন্ন দিশত সৃষ্টিশীল কৰ্মৰ প্ৰতিভা দেখিবলৈ পোৱা যায়।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চিকিৎসালয়ত উত্তৰ কোৰিয়াৰ দৰে বন্দী কৰি ৰাখিছিল : আৰু বহু ভয়ংকৰ অভিযোগ সোণম ৱাংছুকৰ

চিকিৎসালয়ত উত্তৰ কোৰিয়াৰ দৰে বন্দী কৰি ৰাখিছিল : আৰু বহু ভয়ংকৰ অভিযোগ সোণম ৱাংছুকৰ

July 25, 2026 10:01 am
মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

July 25, 2026 8:05 am
জাল জিৰা পানী খোৱাৰ উপকাৰিতা

জাল জিৰা পানী খোৱাৰ উপকাৰিতা

July 25, 2026 6:39 am
সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

July 24, 2026 9:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চিকিৎসালয়ত উত্তৰ কোৰিয়াৰ দৰে বন্দী কৰি ৰাখিছিল : আৰু বহু ভয়ংকৰ অভিযোগ সোণম ৱাংছুকৰ

চিকিৎসালয়ত উত্তৰ কোৰিয়াৰ দৰে বন্দী কৰি ৰাখিছিল : আৰু বহু ভয়ংকৰ অভিযোগ সোণম ৱাংছুকৰ

July 25, 2026 10:01 am
মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

July 25, 2026 8:05 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd