• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

টাটা গ্লবেল বিৱাৰেইজে অসমৰ চাহ উদ্যোগ নেৰে বুলি মন্ত্ৰী হিমন্তৰ দাবী

অনিৰ্বাণ ৰয় by অনিৰ্বাণ ৰয়
February 9, 2018 9:01 pm
HBS-570x320
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ত্ৰিপুৰাৰ নিৰ্বাচনী প্ৰচাৰ অভিযানত ব্যস্ত থকা অসমৰ শিক্ষা, বিত্ত আৰু স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই টাটা টী কোম্পানীয়ে অসমত থকা তেওঁলোকৰ চাহ বাগিচাসমূহ বিক্ৰী কৰিব খোজা বুলি ওলোৱা এটা বাতৰিৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

শুকুৰবাৰে নিজৰ টুইটাৰত মন্ত্ৰীজনে কয় যে টাটা কোম্পানীৰ অসমৰ চাহ উদ্যোগ এৰাৰ কোনো পৰিকল্পনা নাই। টুইটাৰটোত তেওঁ টাটা ছনছৰ চি এম ডি এন চন্দ্ৰশ্বেখৰনৰ সৈতে কথা পাতি এই কথা নিশ্চিত হোৱা বুলি দাবী কৰিছে।

Apply Now

উল্লেখযোগ্য যে অসমৰ চাহ উদ্যোগত বৃহৎ বিনিয়োগ থকা টাটা গ্ৰুপৰ টাটা গ্ল’বেল বিৱাৰেইজ লিমিটেডে ইয়াৰ ৪২ শতাংশ বিনিয়োগ অংশ Dhunseri Tea & Industries Ltd (DTIL) ক বিক্ৰী কৰিব খুজিছে বুলি এটা বাতৰি প্ৰচাৰিত হৈছিল।

অলপতে চৰকাৰে বিশ্ব বিনিয়োগ সন্মিলন আয়োজন কৰি অসমলৈ অধিক উদ্যোগ তথা বিনিয়োগ আনিব খোজাৰ সময়তে এই দুঃসংবাদে ৰাজ্যখনৰ উদ্যোগ জগতত স্বাভাৱিকতে আলোড়ন সৃষ্টি কৰিছিল। আনকি ৰাজ্যখনত উদ্যোগ তথা বিনিয়োগৰ পৰিৱেশ কিমান আছে সেই লৈও সন্দেহৰ অৱকাশ সৃষ্টি কৰিছিল।

ইয়াৰ পৰিপ্ৰেক্ষিতত ৰাজ্যখনৰ উদ্যোগ মন্ত্ৰীৰ পৰা একো প্ৰতিক্ৰিয়া দেখা নগ’ল যদিও শিক্ষা, স্বাস্থ্য তথা বিত্ত বিভাগৰ দায়িত্বত থকা ড০ হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ নিৰ্বাচনী ব্যস্ততাৰ মাজতো সময় উলিয়াই ৰাজ্য বাসীক এক প্ৰকাৰৰ আশ্বাস দিয়াৰ চেষ্টাত ব্যস্ত হোৱা দেখা গ’ল। উল্লেখ কৰিব পাৰি যে ড০ শৰ্মা ত্ৰিপুৰাত দলৰ নিৰ্বাচনী আহ্বায়কৰ দায়িত্বত আছে আৰু তেওঁ তাত শাসনাধিষ্ঠিত বাওঁমৰ্চাক ওফৰাবৰ বাবে দিন-ৰাতি একাকাৰ কৰি কাম কৰি আছে।

৯ ফেব্ৰুৱাৰিত কৰা ড০ শৰ্মাৰ টুইটটো আছিল এনে ধৰণৰ- “There was this rumour that @TataCompanies are planning to sell their tea gardens in Assam. I have spoken to the CMD of Tata Sons Sri N. Chandrasekharan and he has assured me that the group is not going to sell their tea gardens at all,”.

আনহাতে এই বিষয়টোত চাহ উদ্যোগৰ সৈতে জড়িত থকা বৃহৎ সংখ্যক লোকৰ মতটো হ’ল- তেওঁলোকে গুৰুত্বপূৰ্ণ বিষয়টোত ৰাজ্যৰ উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী অথবা  মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পৰাহে স্পষ্টীকৰণ আশা কৰিছে। শিক্ষা মন্ত্ৰী বা স্বাস্থ্য মন্ত্ৰীৰ পৰা নহয়।

Himanta-tweet-300x225
শিক্ষা মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ টুইটটো।

তাৎপৰ্য্যপূৰ্ণভাৱে এই নিৰ্বিনিয়োগ সম্পৰ্কত টাটা গ্ল’বেল বিৱাৰেইজ লিমিটেড (TGBL) বা এমেলগেমে’টে’ড প্লেণ্টেইশ্যন প্ৰাইৱে’ট লিমিটে’ডৰ (APPL) বিষয়াই বাতৰিটো অস্বীকাৰ কৰা নাই বা কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই।

জানিব পৰামতে টাটা টীয়ে অসম এৰিব খোজাৰ কেইবাটাও কাৰণ আছে। বিগত তিনি বছৰত কোম্পানীটোৱে ধাৰাবাহিক লোকচানত ভুগিছে। তথ্য মতে যোৱা কেইবছৰ মানৰ ভিতৰত অসমত চাহ উৎপাদনৰ খৰচ ব্যাপক হাৰত বৃদ্ধি পাইছে।

চৰকাৰৰ কিছুমান আইনো এই ক্ষেত্ৰত একোটা কাৰণ হৈ পৰিছে। চাহ শ্ৰমিকক নিম্নতম মজুৰি দিয়া, বিনামূলীয়া শিক্ষা আৰু বিনামূলীয়া স্বাস্থ্যসেৱাৰ ব্যৱস্থা বাধ্যতামূলক কৰা, ৰেচন দিয়া আদিয়ে চাহ উদ্যোগৰ ওপৰত প্ৰচুৰ হেঁচা দিছে। আনহাতে বট লিফ উদ্যোগবোৰে অনা প্ৰত্যাহ্বানো এইবোৰ কাৰণৰ ভিতৰত আছে।

চাহপাতৰ ব্যৱসায়ত বিশ্বৰ দ্বিতীয় সৰ্ববৃহৎ কোম্পানী হোৱা সত্ত্বেও TGBL ৰ এই নিৰ্বিনিয়োজনৰ পদক্ষেপে বিশেষ তাৎপৰ্য্য বহন কৰিছে। জানিব পৰা মতে নেশ্যনেল ষ্টক একচেইঞ্জত (NSE) শুকুৰবাৰে কোম্পানীটোৰ অংশ মূল্য ০.৬৪ শতাংশ হ্ৰাস পাইছে।

 

অনিৰ্বাণ ৰয়

অনিৰ্বাণ ৰয়

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বন্দে মাতৰম নাগালেও ফৌজদাৰী অপৰাধ নহয়! ছুপ্ৰিম ক’ৰ্টৰ গুৰুত্বপূৰ্ণ মন্তব্য

বন্দে মাতৰম নাগালেও ফৌজদাৰী অপৰাধ নহয়! ছুপ্ৰিম ক’ৰ্টৰ গুৰুত্বপূৰ্ণ মন্তব্য

September 22, 2026 9:47 pm
আজমলৰ হুংকাৰ- ‘ইনশাল্লাহ, ময়েই জিকিম’, বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মাক ইংৰাজীত কথা ক’বলৈ ‎প্ৰত্যাহ্বান

আজমলৰ হুংকাৰ- ‘ইনশাল্লাহ, ময়েই জিকিম’, বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মাক ইংৰাজীত কথা ক’বলৈ ‎প্ৰত্যাহ্বান

September 22, 2026 7:46 pm
৪৮ হাজাৰ কোটিৰ মহাপ্ৰকল্প! চাপৰত আদানিৰ ৩২০০ মেগাৱাট তাপ বিদ্যুৎ কেন্দ্ৰৰ আধাৰশিলা

৪৮ হাজাৰ কোটিৰ মহাপ্ৰকল্প! চাপৰত আদানিৰ ৩২০০ মেগাৱাট তাপ বিদ্যুৎ কেন্দ্ৰৰ আধাৰশিলা

September 22, 2026 7:24 pm
প্ৰতিবাদলৈ কিয় ইমান বাধা? শিৱসাগৰ ৰে’ল ষ্টেচনত বানপীড়িতক ৰোধৰ অভিযোগ

প্ৰতিবাদলৈ কিয় ইমান বাধা? শিৱসাগৰ ৰে’ল ষ্টেচনত বানপীড়িতক ৰোধৰ অভিযোগ

September 22, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বন্দে মাতৰম নাগালেও ফৌজদাৰী অপৰাধ নহয়! ছুপ্ৰিম ক’ৰ্টৰ গুৰুত্বপূৰ্ণ মন্তব্য

বন্দে মাতৰম নাগালেও ফৌজদাৰী অপৰাধ নহয়! ছুপ্ৰিম ক’ৰ্টৰ গুৰুত্বপূৰ্ণ মন্তব্য

September 22, 2026 9:47 pm
আজমলৰ হুংকাৰ- ‘ইনশাল্লাহ, ময়েই জিকিম’, বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মাক ইংৰাজীত কথা ক’বলৈ ‎প্ৰত্যাহ্বান

আজমলৰ হুংকাৰ- ‘ইনশাল্লাহ, ময়েই জিকিম’, বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মাক ইংৰাজীত কথা ক’বলৈ ‎প্ৰত্যাহ্বান

September 22, 2026 7:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd