যুৱ শিল্পী নীলোৎপল দাস আৰু উদ্যমী যুৱক অভিজিৎ নাথৰ নাৰকীয় হত্যাকাণ্ডৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্যতে প্ৰতিবাদ অব্যাহত থকাৰ সময়তে দেওবাৰে কামৰুপ জিলাৰ বাইহাটা চাৰিআলিৰ যুৱ সমাজেও সাব্যস্ত কৰে প্ৰতিবাদ। অঞ্চলটিৰ শতাধিক যুৱক-যুৱতীয়ে সন্ধিয়া বাইহাটা চাৰিআলি পূজা মণ্ডপৰ প্ৰাংগণত সমবেত হৈ উক্ত নাৰকীয় ঘটনাৰ প্ৰতিবাদত এটা মৌন সমদল উলিয়াই।
“বৃহত্তৰ পূৱ-কামৰুপ অঞ্চলৰ যুৱ-সমাজৰ” উদ্যোগত অনুষ্ঠিত হোৱা প্ৰতিবাদত অঞ্চলটোৰ যুৱসমাজ একত্ৰিত হৈ বজ্ৰকণ্ঠে উৰাবাতৰিৰ হঠকাৰী প্ৰৱণতা আৰু পৰিণাম সম্পৰ্কে এক সচেতনতা বৃদ্ধি কৰাত গুৰুত্ব আৰোপ কৰাৰ লগতে দোষীক আইনৰ তত্ত্বাৱধানত কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদান কৰিবলৈ চৰকাৰৰ দাবী জনায়।
প্ৰতিবাদকাৰীসকলে নিয়ম শৃখংলা ৰক্ষা কৰি গণতান্ত্ৰিক ভাৱে নিজৰ কণ্ঠক নায্যতা প্ৰদান কৰি প্ৰতিবাদ সাব্যস্ত কৰে।
ইফালে ৰঙিয়া সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ গ্ৰাম্য উন্নয়ণ দপ্তৰৰ মন্ত্ৰী ভৱেশ কলিতাই পুঠিমাৰীৰ এক অনুষ্ঠানত এই ঘটনা সম্পৰ্কে কিছু তিৰ্যক আৰু আপত্তিকৰ মন্তব্য কৰা কাৰ্যত প্ৰতিবাদকাৰী যুৱক-যুৱতী সকল ক্ষুণ্ণ হৈ পৰা দেখা যায়। কিন্তু প্ৰতিবাদকাৰীসকলে ধৈৰ্য্য আৰু সংযমতাৰ পৰিচয় দি উত্তেজিত হোৱাৰ বিপৰীতে গণতান্ত্ৰিকভাৱে প্ৰতিবাদ সাব্যস্ত কৰি যায়।
উল্লেখ্য যে অনুষ্ঠানটোৰ উদ্যোক্তাই অনাগত দিনতো বিভেদকামী অপশক্তিৰ বিৰুদ্ধে প্ৰতিবাদ আৰু জনসচেতনতা কাৰ্য্যসূচী গ্ৰহণ কৰি যাব বুলি সাংবাদিকসকলক জানিবলৈ দিয়ে।
