• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ডি এইচ্ছ ডিৰ সৈতে হোৱা এম অ’ এছ চুক্তিক লৈ কেন্দ্ৰীয় গৃহ দপ্তৰৰ যুটীয়া সচিবৰ উপস্থিতিত হাফলঙত গুৰুত্বপূৰ্ণ বৈঠক

NE NOW NEWS পংকজ কুমাৰ দেব
হাফলং , March 24, 2018 6:36 pm

2 min read

NCHAC-570x320
73
VIEWS
Share on FacebookShare on Twitter

ডি এইচ্ছ ডিৰ উভয় গোটৰ সৈতে স্বাক্ষৰিত এম অ’ এছ (memorandum of settlement)ৰ বাস্তৱায়ন পৰ্যালোচনাৰ কাৰণে শুকুৰবাৰে হাফলঙত উপস্থিত হয় কেন্দ্ৰীয় গৃহ দপ্তৰৰ যুটীয়া সচিব সত্যেন্দ্ৰ গাৰ্গ। আজি মণিপুৰ ভ্ৰমণ সামৰি পোনপটীয়াকৈ বিশেষ হেলিকপ্টাৰেৰে ডিমা হাচাও জিলাখনত উপস্থিত হয় সচিবজন। এই ভ্ৰমণত গাৰ্গৰ সংগী হয় অসম চৰকাৰৰ পাৰ্বত্য এলেকা উন্নয়ন বিভাগৰ আয়ুক্ত সচিব আনোৱাৰুদ্দিন চৌধুৰী, চৰকাৰৰ যুটীয়া সচিব বি পেগু, ছাউদার্ন অসমৰ ডি আই জি দেৱৰাজ উপাধ্যায়।

বিয়লি পাঁচ বজাত পাৰ্বত্য পৰিষদৰ চি ই এম কনফাৰেন্স হলত অনুষ্ঠিত হয় গুৰুত্বপূৰ্ণ বৈঠক। বৈঠকত স্থানীয়ভাৱে উপস্থিত থাকে পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য দেবোলাল গাৰ্লোচা, পৰিষদৰ অধ্যক্ষা ৰাণু লাংথাচা, কাৰ্য্যবাহী সদস্য কুলেন্দ্ৰ দাওলাগুপু, কাৰ্য্যবাহী সদস্য চ্যামুয়াল চাংছান প্ৰমুখ্যে পৰিষদৰ প্ৰধান সচিব নৰেশ ঘোষ, নৰ্মাল বিভাগৰ প্ৰধান সচিব মুকুট কেম্প্ৰাই আৰু বিভিন্ন বিভাগীয় প্ৰধানসকল। বৈঠকৰ আৰম্ভণিত পাৱাৰ পইণ্টৰ যোগেদি পাৰ্বত্য জিলাৰ বিভিন্ন ভৌগোলিক, ৰাজনৈতিক ক্ষেত্ৰৰ লগতে আন বিভিন্ন দিশ তুলি ধৰা হয়।

বৈঠকত বক্তব্য আগ বঢ়ায় পাৰ্বত্য পৰিষদৰ মুখ্য কাৰ্য্যবাহী দেবোলাল গাৰ্লোচাই। ইয়াৰ পাছত চৰকাৰৰ লগত ডি এইচ্ছ ডিৰ উভয় গোটৰ লগত স্বাক্ষৰিত এম অ’ এছ চুক্তিৰ আধাৰত হোৱা বিভিন্ন উন্নয়নমূলক কামকাজৰ পৰ্যালোচনা কৰে কেন্দ্ৰীয় গৃহ দপ্তৰৰ যুটীয়া সচিব গাৰ্গে।

লগতে পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ কাম-কাজ, উন্নয়ন আদিক লৈ চি ই এম, ই এম ৰ লগতে পৰিষদৰ প্ৰধান সচিবদ্বয়ৰ সৈতে বাৰ্তালাপ কৰে। এই বাৰ্তালাপত পৰিষদৰ কৰ্মচাৰীৰ সংখ্যা পৰিষদখনৰ আয়ৰ লগত সামঞ্জস্যহীন হোৱাত প্ৰশ্ন উত্থাপন কৰে যুটীয়া সচিব গাৰ্গে। অৱশ্যে এনে অৱস্থাত চি ই এম গাৰ্লোচাই কয় যে ইয়াৰ আগত পৰিষদৰ কৰ্মচাৰীৰ সংখ্যা চাৰি হাজাৰৰ ঘৰত থকাৰ বিপৰীতে বৰ্তমানে হ্ৰাস কৰি দুই ঘৰত নমাই আনা হৈছে। অনাগত দিনবোৰত স্বেচ্ছা অৱসৰ ব্যৱস্থা চালু হোৱাৰ লগে লগে কৰ্মচাৰী আৰু হ্ৰাস পাব।

শুকুৰবাৰৰ বৈঠকত বিজেপি শাসিত পৰিষদ কৰ্তৃপক্ষই সংবিধান সংশোধন কৰি পৰিষদৰ নামকৰণ এন চি হিল্‌ছ অট’ন’মাছ কাউন্সিলৰ পৰা ডিমা হাচাও টেৰিটোৰিয়েল্ অট’ন’মাছ কাউন্সিল কৰাৰ প্ৰস্তাৱ আগ বঢ়ায়।

Recent News

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

Modi-speech-696

প্ৰধানমন্ত্ৰী মোদীৰ শিৱসাগৰ ভ্ৰমণ আৰু কিছু প্ৰাসংগিক কথা…

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd