• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 27, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ডি পি আৰ প্ৰস্তুতৰ কাম আৰম্ভ গুৱাহাটীত নতুনকৈ নিৰ্মাণ হ’ব লগীয়া ৩খন ফ্লাই অ’ভাৰৰ

NE NOW NEWS ভৱেশ মেধি
গুৱাহাটী , August 1, 2018 10:54 am

3 min read

Flyover
182
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটী মহানগৰীত পুনৰ নিৰ্মাণ হ’ব তিনিখন ফ্লাই অভাৰ। যানজঁট-প্ৰৱণ এলেকা হিচাপে চিহ্নিত গণেশগুৰি, দিচপুৰ, ছুপাৰ মাৰ্কেট আৰু চাৰাবভাতীত নিৰ্মাণ হ’ব এই তিনিখন ফ্লাই অ’ভাৰ। গড়কাপ্তানী বিভাগক এই ফ্লাই অ’ভাৰকেইখনৰ নিৰ্মাণৰ দায়িত্ব ইতিমধ্যেই দিয়া হৈছে।

২০০১-০২ চনত নিৰ্মিত গণেশগুৰিৰ ফ্লাই অ’ভাৰত যানজঁট বেছি নহয় যদিও ইয়াৰ তলেৰে যোৱা জি এছ ৰ’ডৰ দুয়ো দিশত আৰু নাৰ্ছাৰীৰ পৰা ফ্লাই অ’ভাৰৰ তলেৰে গণেশ মন্দিৰলৈ যোৱা পথটোত যানজঁটৰ সমস্যাই ক্ৰমে ভয়াৱহ ৰূপ ধাৰণ কৰিছে।

এই যানজঁটৰ সমস্যা লাঘৱ কৰাৰ বাবে গড়কাপ্তানী বিভাগে গণেশগুৰিত পুনৰ আন এখন উৰণীয়া সেতু (ফ্লাই অ’ভাৰ) নিৰ্মাণৰ পৰিকল্পনা কৰিছে। এই সেঁতুখন আৰ জি বৰুৱা পথৰ নাৰ্ছাৰীৰ পৰা গণেশগুৰিত থকা উৰণীয়া সেতুখনৰ ওপৰেৰে ৰাজেন্দ্ৰ প্ৰসাদ পথৰ গণেশ মন্দিৰলৈ নিৰ্মাণ কৰা হ’ব। সেঁতুখনৰ দৈৰ্ঘ্য প্ৰায় ১ কিলোমিটাৰ নিৰ্ধাৰণ কৰা হৈছে। এই সেঁতুখনেৰে যান-বাহন দুয়োদিশত অহা-যোৱা কৰিব পাৰিব।

ইপিনে, দিচপুৰ ছুপাৰ মাৰ্কেটৰ ওচৰত নিৰ্মাণ কৰিব লগীয়া উৰণীয়া সেঁতুখন ভঙাগড়ত থকা উৰণীয়া সেঁতুখনৰ নিচিনাকৈ নিৰ্মাণ কৰা হ’ব। এই সেঁতুখনেৰে গণেশগুৰিৰ দিশৰ পৰা অহা বাহনবোৰ পোনে পোনে খানাপাৰালৈ আৰু সোঁফালে ঘূৰি দিচপুৰ লাষ্ট গেইটৰ দিশলৈও যাব পাৰিব। অৰ্থাৎ গণেশগুৰিৰ দিশৰ পৰা অহা বাহনবোৰ খানাপাৰা আৰু দিচপুৰ লাষ্ট গেইটলৈ দুটা দিশত যাব পাৰিব। অৱশ্যে সেঁতুখনৰ ওপৰেৰে খানাপাৰা আৰু লাষ্ট গেইটৰ দিশৰ পৰা গণেশগুৰিলৈ অহাৰ ব্যৱস্থা নাথাকিব। খানাপাৰা আৰু লাষ্ট গেইটৰ দিশৰ পৰা অহা বাহনবোৰ সেঁতুখনৰ তলৰ পথৰে গণেশগুৰিৰ দিশলৈ যোৱাৰ ব্যৱস্থা থাকিব। টি আকৃতিৰ এই সেঁতুখনৰ দৈৰ্ঘ্য প্ৰায় ১ কিলোমিটাৰ হ’ব। আনহাতে, চাৰাবভাতী চাৰিআলিত নিৰ্মাণ হ’বলগীয়া উৰণীয়া সেঁতুখনৰ আকৃতি যোগ চিনৰ দৰে হ’ব। অৰ্থাৎ তাত দুখন সেঁতু একেলগে নিৰ্মাণ হ’ব। এই সেঁতু বি কে কাকতী পথৰ দিশৰ পৰা চাৰাবভাতী চাৰিআলিৰ ওপৰেৰে চাবিপুলৰ সতী জয়মতী পথলৈ নিৰ্মাণ কৰা হ’ব। আনখন গুৱাহাটী গড়ভাংগা পথৰ ওপৰেৰে অৰ্থাৎ ৰিহাবাৰীৰ দিশৰ পৰা চাৰিআলি হৈ ডাঃ বি বৰুৱা কৰ্কট ৰোগ প্ৰতিষ্ঠানৰ দিশলৈ নিৰ্মাণ কৰা হ’ব। দুয়োখন সেঁতুৰে দুয়োদিশত অহা-যোৱা কৰিব পাৰিব।

গড়কাপ্তানী বিভাগে জনায় যে সেঁতুকেইখনৰ নিৰ্মাণৰ বাবে ‘ফিজিবিলিটী ষ্টাডি’ আৰু ‘ছইল টেষ্টিং’ ইতিমধ্যে সম্পূৰ্ণ কৰা হৈছে। বৰ্তমান তিনিওখন সেঁতুৰ বিস্তৃত প্ৰকল্প প্ৰতিবেদন (ডি পি আৰ) প্ৰস্তুত কৰাৰ কাম আৰম্ভ কৰা হৈছে। গণেশগুৰিত নিৰ্মাণ কৰিব লগীয়া সেঁতুখনৰ ডি পি আৰ বেংগালুৰুৰ আৰ্কিটেক্ট  কনছালটেণ্ট প্ৰাইভেট লিমিটেডে (এ চি পি এলে) প্ৰস্তুত কৰি আছে।

আনপিনে ছুপাৰ মাৰ্কেট আৰু চাৰাবভাতীত নিৰ্মাণ কৰিব লগীয়া সেঁতু দুখনৰ ডি পি আৰ দিল্লীৰ ৰাইটছে প্ৰস্তুত কৰি আছে। তিনিওখন সেঁতুৰ ডি পি আৰ প্ৰস্তুত কৰাৰ বাবে ডেৰ কোটি টকা নিৰ্ধাৰণ কৰা হৈছে। গড়কাপ্তানী বিভাগৰ সূত্ৰটোৱে জনোৱা মতে অহা দুমাহৰ ভিতৰত ডি পি আৰ প্ৰস্তুত সম্পূৰ্ণ কৰাৰ সময় নিৰ্ধাৰণ কৰা হৈছে। ডি পি আৰ প্ৰস্তুত কৰাৰ পিছতহে সেঁতুকেইখনৰ নিৰ্মাণৰ কাম আনুষ্ঠানিকভাৱে আৰম্ভ হ’ব। সূত্ৰটোৱে জনায় যে ডি পি আৰ সময়ত হ’লে অহা বছৰৰ পৰা সেঁতুকেইখনৰ নিৰ্মাণৰ কাম আৰম্ভ কৰিব পৰা যাব। উৰণীয়া সেঁতুকেইখন নিৰ্মাণত  কিছু ভূমি অধিগ্ৰহণৰ প্ৰয়োজন হ’ব। ছুপাৰ মাৰ্কেটৰ সেঁতুখন নিৰ্মাণৰ চৰকাৰী ভূমি কিছু অধিগ্ৰহণৰ প্ৰয়োজন হ’ব। আকৌ গণেশগুৰি আৰু চাৰাবভাতীত সেঁতু দুখনৰ নিৰ্মাণৰ বাবে কিছু ব্যক্তিগত ভূমি অধিগ্ৰহণৰ প্ৰয়োজন হ’ব।

Recent News

দেৰগাঁও সমষ্টিৰ প্ৰাক্তন কংগ্ৰেছ বিধায়িকা আৰতি হাজৰিকা কছাৰীৰ দেহাৱসান

দেৰগাঁও সমষ্টিৰ প্ৰাক্তন কংগ্ৰেছ বিধায়িকা আৰতি হাজৰিকা কছাৰীৰ দেহাৱসান

মিছন ১০০ প্লাছ; পুনৰ অসম ভ্ৰমণলৈ আহিব প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী

মিছন ১০০ প্লাছ; পুনৰ অসম ভ্ৰমণলৈ আহিব প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী

AIUDF-কে ধৰি মিত্ৰ দল সমূহক উচটনিমূলক মন্তব্য কৰাৰ পৰা বিৰত থাকিবলৈ আহ্বান কংগ্ৰেছৰ

AIUDF-কে ধৰি মিত্ৰ দল সমূহক উচটনিমূলক মন্তব্য কৰাৰ পৰা বিৰত থাকিবলৈ আহ্বান কংগ্ৰেছৰ

দিল্লীত কৃষকৰ হিংসাত্মক প্ৰতিবাদৰ পাছতে হাৰিয়ানাৰ তিনিখন জিলাত মোবাইল ইণ্টাৰনেট সেৱা কৰ্তন

দিল্লীত কৃষকৰ হিংসাত্মক প্ৰতিবাদৰ পাছতে হাৰিয়ানাৰ তিনিখন জিলাত মোবাইল ইণ্টাৰনেট সেৱা কৰ্তন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd