• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ডুমডুমাত মৰ্মান্তিক দুৰ্ঘটনা : ৰে’লত অহা আত্মীয়ক আনিবলৈ যাওঁতেই মৃত্যু

এন ই নাও নিউজ by এন ই নাও নিউজ
May 2, 2018 8:46 am
Road accident illustration

প্ৰতিনিধিত্বমূলক চিত্ৰ

130
VIEWS
Share on FacebookShare on Twitter

ৰাতিৰ ৰে’লত অহা আত্মীয়ক আগ বঢ়াই আনিবলৈ পুৱাই নিজৰ মাৰুতি গাড়ীখন লৈ ওলাই যোৱা এজন চফল ডেকা নিজেই মৃতদেহ হৈ আহিল। এই মৰ্মান্তিক দুৰ্ঘটনাটো ঘটিছে ডুমডুমাত। ৰাজ্যত প্ৰতিদিনে বৃদ্ধি পাই অহা পথ দুৰ্ঘটনাৰ মাজতে ১ মে’ দিনা এই ঘটনাটোত মৃত্যু হয় অঞ্চলটোৰ অবিনাশ দত্ত নামৰ এজন সৰবৰহী যুৱকৰ।

ঘটনাৰ বিৱৰণি মতে, অবিনাশে ৰে’লত অহা তেওঁৰ আত্মীয়ক আগ বঢ়াই আনিবলৈ নিজৰ মাৰুতি গাড়ীখন লৈ গৈ থাকোতেই গংগাবাৰী চাহ বাগিচাৰ আলি কেঁকুৰিটোতে তিনিচুকীয়াৰ ফালৰ পৰা তীব্ৰ গতিত অহা এখন আইটেন গাড়ীয়ে (নং এ এছ ০৬ এম ৮১৮৮) অবিনাশৰ কাৰখনত প্ৰচণ্ড জোৰত খুন্দা মাৰে। খুন্দাটো ইমানেই ডাঙৰ আছিল যে অবিনাশৰ থিতাতে মৃত্যু হয়।

অবিনাশ অঞ্চলটোৰ ৰূপাই লাচিত নগৰ নিৱাসী, অসম সাহিত্য সভাৰ তিনিচুকীয়া  জিলা সমিতিৰ প্ৰাক্তন সম্পাদক, ৰূপাই হাইস্কুলৰ প্ৰধান শিক্ষক প্ৰকাশ দত্তৰ একমাত্ৰ সন্তান আছিল।

তেওঁ এজন যুৱ ব্যৱসায়ী হোৱাৰ লগতে অঞ্চলটোৰ বহুকেইটা দল-সংগঠনৰ লগত জড়িত আছিল। বিভিন্ন ধৰণৰ সামাজিক কাম-কাজতো জড়িত আছিল।

আনহাতে দুৰ্ঘটনাটোৰ পিছত উত্তেজিত স্থানীয় লোকে গোট খাই ৰাষ্ট্ৰীয় পথটো কিছু সময়ৰ বাবে অৱৰোধ কৰে। দুৰ্ঘটনাটোত আইটেন গাড়ীখনৰ চালক চাবুৱা দিনজানৰ সুভাষ নায়ক (২৬) আৰু আৰোহী অৰূপজ্যোতি নায়ক (২৫) আৰু আন দুজন আৰোহী ক্ৰমে তিনিচুকীয়াৰ ৰাতুল বসু (২৫) আৰু ডুমডুমাৰ বিকাশ তাঁতী (২৬)ও আহত হয়। বিকাশ তাঁতীৰ বাদে বাকী ৩ জনৰ আঘাত গুৰুত্বভাৱে হোৱাত তেওঁলোকক ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়লৈ নিয়া হৈছে।

সৰবৰহী যুৱকজনৰ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ পিছত নিজ ঘৰলৈ অনা হয় আৰু বহুকেইটা স্থানীয় সংঘ-সংগঠন আদিয়ে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

Recent News

উচ্চ (কাৰিকৰী) শিক্ষা বিভাগৰ অধীনত ৩৪২ গৰাকী প্ৰাৰ্থীক নিযুক্তি-পত্র প্রদান মুখ্যমন্ত্ৰীৰ

উচ্চ (কাৰিকৰী) শিক্ষা বিভাগৰ অধীনত ৩৪২ গৰাকী প্ৰাৰ্থীক নিযুক্তি-পত্র প্রদান মুখ্যমন্ত্ৰীৰ

ফুটবলত বৃহৎ পৰিৱৰ্তন: ২০২৬ বিশ্বকাপৰ পূৰ্বে ১৩৪ বছৰীয়া পেনাল্টি নিয়ম সলনিৰ প্ৰস্তুতি

ফুটবলত বৃহৎ পৰিৱৰ্তন: ২০২৬ বিশ্বকাপৰ পূৰ্বে ১৩৪ বছৰীয়া পেনাল্টি নিয়ম সলনিৰ প্ৰস্তুতি

অসমত গতি লাভ কৰিছে বিত্তীয় অন্তৰ্ভূক্তি অভিযানে : ৰাজ্যিক বেংকাৰ সমিতি

অসমত গতি লাভ কৰিছে বিত্তীয় অন্তৰ্ভূক্তি অভিযানে : ৰাজ্যিক বেংকাৰ সমিতি

ৰূপালী পৰ্দাত দেখিবলৈ পাব ৭০-৮০ দশকৰ অসমৰ নক্সাল আন্দোলনৰ কাহিনী: ১ আগষ্টত মুক্তি লাভ কৰিব নতুন অসমীয়া ছবি “কলাজ”

ৰূপালী পৰ্দাত দেখিবলৈ পাব ৭০-৮০ দশকৰ অসমৰ নক্সাল আন্দোলনৰ কাহিনী: ১ আগষ্টত মুক্তি লাভ কৰিব নতুন অসমীয়া ছবি “কলাজ”

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd