DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, December 7, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ঢাকা-গুৱাহাটীৰ মাজত বিমানসেৱা আৰম্ভ কৰিবলৈ বাংলাদেশৰ অসামৰিক পৰিবহণ মন্ত্ৰীক সৰ্বানন্দ সোণোৱালৰ প্ৰস্তাৱ

এন ই নিউজ ব্যুৰো, গুৱাহাটী : by এন ই নিউজ ব্যুৰো, গুৱাহাটী :
November 22, 2017 11:06 am
129
VIEWS
Share on FacebookShare on Twitter

অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বাংলাদেশৰ অসামৰিক পৰিবহণ মন্ত্ৰী ৰছিদ খান মেননক অঞ্চলটোৰ যোগাযোগ ব্যৱস্থাৰ লগতে ব্যৱসায়-বাণিজ্যৰ উন্নয়নৰ বাবে ঢাকা-গুৱাহাটীৰ মাজত বিমানসেৱা আৰম্ভ কৰাৰ বাবে প্ৰস্তাৱ আগবঢ়াইছে। মেননে মুখ্যমন্ত্ৰী গৰাকীক প্ৰস্তাৱটো গুৰুত্ব সহকাৰে বিবেচনা কৰিব বুলি আশ্বাস দিয়ে। সোণোৱালে মণিপুৰৰ ইম্ফলত অনুষ্ঠিত উত্তৰ-পূব উন্নয়ন শীৰ্ষক এখন বৈঠকত অংশ গ্ৰহণ কৰে। সোণোৱালে উত্তৰ পূবৰ সকলোকেইখন ৰাজ্যকে উত্তৰ-পূবৰ বিকাশৰ বাবে সৰ্বাত্মক প্ৰয়াস কৰাৰ লগতে অঞ্চলটোক এক্ট ইষ্ট পলিচিৰ নতুন সম্ভাৱনাৰ এক কেন্দ্ৰ হিচাপে গঢ়ি তোলাত গুৰুত্ব আৰোপ কৰে। সোণোৱালে উল্লেখ কৰে যে ঢাকা আৰু গুৱাহাটীৰ মাজৰ বিমানসেৱাৰ উন্নয়নে অসম আৰু বাংলাদেশ উভয়কে লাভান্বিত কৰিব। মুখ্য মন্ত্ৰীগৰাকীয়ে লগতে বাংলাদেশৰ অসামৰিক পৰিবহণ মন্ত্ৰীগৰাকীক অসম আৰু বাংলাদেশ সীমান্তৰ ধুবুৰী জিলাৰ গোলকগঞ্জ, দক্ষিণ শালমাৰা জিলাৰ মানকাচৰ আৰু কৰিমগঞ্জ জিলাৰ সুতাৰকান্দিত থকা আন্তঃৰাষ্ট্ৰীয় বাণিজ্য কেন্দ্ৰসমূহৰ জৰিয়তে ব্যৱসায়-বাণিজ্যৰ সম্প্ৰসাৰণ ঘটোৱাৰ বাবেও অনুৰোধ  জনায়।

সোণোৱালে উত্তৰ-পূবৰ ৰাজ্যকেইখনক অঞ্চলটোৰ সম্ভাৱনাসমূহক তুলি ধৰি উন্নয়নৰ সপোন ৰচনা কৰাৰ আহ্বান জনায়। তেওঁ লগতে কয় যে শেহতীয়াকৈ বাংলাদেশৰ কক্স বজাৰৰ পৰা ত্ৰিপুৰালৈ সম্প্ৰসাৰণ ঘটোৱা ইণ্টাৰনেশ্যনেল ফাইবাৰ অ’পটিক গে’টৱেই ভৱিষ্যতে ডিজিটেল নৰ্থ-ইষ্টৰ স্বপ্ন সাৰ্থক কৰি তুলিব।

Recent News

Waiter beaten to death

বৰ্বৰ! বিয়াঘৰত ব্যৱহৃত প্লেট অতিথিৰ গাত লগাৰ বাবেই প্ৰাণ ল’লে ৱেইটাৰৰ

rain in guwahati

শীতৰ বাহক: ৯ ডিচেম্বৰলৈকে মহানগৰীত বৰষুণৰ আগজাননী

TV Actor Kills Man

চাঞ্চল্য! সীমাৰ গছ কটাৰ কাজিয়াৰ পৰিণতিত অভিনেতাই প্ৰাণ ল’লে এজনৰ, তিনিজন আহত

APSC scam

লক্ষণৰেখা পাৰ হ’বলৈ এতিয়াও বহু বাকী এপিএছচি কেলেংকাৰিৰ তদন্ত: ডি ৱাই এফ আই

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd