DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 21, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

তিনিচুকীয়াৰ ডিৰাকত ২০ জন সন্দেহজনক বাংলাদেশী আটক

এন ই নাও নিউজ by এন ই নাও নিউজ
June 25, 2018 11:34 am
bangladeshi_26
89
VIEWS
Share on FacebookShare on Twitter

সমগ্ৰ অসমতে অবৈধ বাংলাদেশী নাগৰিকৰ বিৰুদ্ধে ৰাজ্যখনৰ জাতীয় দল-সংগঠনসমূহে সৰৱ হৈ থকাৰ সময়তে তিনিচুকীয়া জিলাৰ ডিৰাক সীমান্তত স্থানীয় ৰাইজে ২০ জন সন্দেহজনক বাংলাদেশী নাগৰিকক আটক কৰাৰ ঘটনাই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

এন আৰ চিৰ খচৰা প্রকাশৰ বাবে প্ৰস্তুতি চলাই থকাৰ সময়তে দেওবাৰে  তিনিচুকীয়া জিলাৰ ডিৰাক সীমান্তত ৰাইজে ২০জনকৈ সন্দেহজনক বাংলাদেশীক আটক কৰি আৰক্ষীক গতাই দিয়ে।

এই ঘটনাই কৰিমগঞ্জ অঞ্চলৰ এজেণ্টৰ জৰিয়তে অসম-অৰুণাচলৰ বিভিন্ন স্থানলৈ সন্দেহজনক বাংলাদেশী নাগৰিকৰ সোঁত বর্তমানেও অব্যাহত থকাৰ কথাকেই স্পষ্ট কৰে।

অৰুণাচল প্রদেশৰ তেজু জিলাৰ ৱাক্রত মিস্ত্রী ৰূপে কর্মৰত ৰচিদ আহমেদ (৫৫) নাম লোকজনে কমিছনৰ অংকত ১৯জন সন্দেহজনক বাংলাদেশী নাগৰিকক অৰুণাচলত দিন-হাজিৰা কৰিবলৈ আনি অসম-অৰুণাচল সীমান্ত ডিৰাক গে’টত আবদ্ধ হৈ পৰে।

অৰুণাচলৰ প্রৱেশ পথ ডিৰাক গে’টত আৰক্ষীয়ে আন্তঃৰাজ্যিক পাৰপত্র পৰীক্ষা কৰোঁতেই জোলোঙাৰ মেকুৰী ওলাই পৰে। লগত কোনো নথি-পত্র নথকা লোককেইজনক প্রৱেশত বাধা দিয়াৰ পিছত ইফালে-সিফালে ঘূৰি ফুৰোঁতে স্থানীয় ৰাইজৰ সন্দেহ হোৱাত লোককেইজনক আবদ্ধ কৰে।

সন্দেহজনক বাংলাদেশী লোককেইজনৰ বয়স ১৪ বছৰৰ পৰা ৫৫ বছৰৰ ভিতৰত হ’ব। জানিব পৰা মতে তেওঁলোকে ভুৱা ভোটাৰ কার্ড আৰু পঞ্চায়তৰ পৰিচয়-পত্র লগত ৰাখিছিল। তাৎপৰ্যপূৰ্ভাৱে ইয়াৰে অধিকাংশই নিজৰ গাঁও আৰু থানাৰ নাম কব নোৱাৰিলে।

উক্ত লোককেইজন বর্তমান বৰডুমচা আৰক্ষী থানাৰ জিম্মাত থকা বুলি জানিব পৰা গৈছে।

 

Recent News

ৰাজ্যত ভয়াৱহ বান পৰিস্থিতি; মৃতকৰ সংখ্যা ১৪ লৈ বৃদ্ধি, ৮লাখতকৈয়ো অধিক লোক ক্ষতিগ্ৰস্ত

ৰাজ্যত ভয়াৱহ বান পৰিস্থিতি; মৃতকৰ সংখ্যা ১৪ লৈ বৃদ্ধি, ৮লাখতকৈয়ো অধিক লোক ক্ষতিগ্ৰস্ত

Elon Musk in Sex Controversy: এলন মাস্কৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ বিস্ফোৰক অভিযোগ; বিমানত সেই যুৱতীৰ সৈতে কি ঘটিছিল?

Elon Musk in Sex Controversy: এলন মাস্কৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ বিস্ফোৰক অভিযোগ; বিমানত সেই যুৱতীৰ সৈতে কি ঘটিছিল?

Ukraine war: জেলেনস্কিৰ মতে ডনবাছ সম্পূৰ্ণৰূপে ধ্বংসস্তূপত পৰিণত হৈছে

Ukraine war: জেলেনস্কিৰ মতে ডনবাছ সম্পূৰ্ণৰূপে ধ্বংসস্তূপত পৰিণত হৈছে

জ্ঞানৱাপী মছজিদ বিতৰ্ক: উচ্চতম ন্যায়ালয়ে বাৰাণসী জিলা ন্যায়াধীশৰ ওচৰলৈ পঠিয়ালে গোচৰ

জ্ঞানৱাপী মছজিদ বিতৰ্ক: উচ্চতম ন্যায়ালয়ে বাৰাণসী জিলা ন্যায়াধীশৰ ওচৰলৈ পঠিয়ালে গোচৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd