• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, March 8, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব ত্ৰিপুৰা

তিনি দিনীয়া বিজু উৎসৱৰ বাবে আশাৰে বাট চাইছে ত্ৰিপুৰাৰ উনাকোটিৰ চাকমাসকলে

NE NOW NEWS পান্না ঘোষ
ধৰ্মনগৰ , April 6, 2018 6:44 pm

2 min read

BijuFest

বিজু উৎসৱৰ বাবে সাজি উলিওৱা স্তূপ।

85
VIEWS
Share on FacebookShare on Twitter

ত্ৰিপুৰাৰ এটা প্ৰাচীন উৎসৱসমূহৰ এটা তথা চাকমা সম্প্ৰদায়ৰ ঘাই উৎসৱ বিজু উৎসৱৰ বাবে সাজু হৈছে ৰাজ্যখনৰ উনাকোটি জিলাৰ চাকমাসকল। উৎসৱটোৰ সৈতে সংগতি ৰাখি জিলাখনৰ পেচৰথাল ব্লকৰ অধীনৰ নবীনচাৰা হাই স্কুলৰ খেলপথাৰত এখন মেলাৰ আয়োজন কৰা হৈছে। ১৫ এপ্ৰিল পৰ্য্যন্ত চলিব লগীয়া এই মেলাখন মুখ্য মন্ত্ৰী বিপ্লৱ কুমাৰ দেবে অহা ১৩ এপ্ৰিলত উদ্বোধন কৰিব বুলি সূত্ৰটোৰ পৰা জানিব পৰা গৈছে।

উল্লেখযোগ্য যে চাকমাসকলৰ এই সামাজিক আৰু ধৰ্মীয় পৰম্পৰাৰ ভিতৰুৱা এই উৎসৱটো অসমীয়া মানুহৰ ৰঙালী বিহুৰ দৰেই উদযাপন কৰা হয়। ইয়াক কৃষিৰ সৈতে সম্পৰ্ক থকা বুলিও কোৱা হয়, যিটো খেতিৰ বতৰৰ আৰম্ভণিতে উদযাপন কৰা হয়। চ’তৰ শেহৰ দুদিন আৰু বহাগৰ প্ৰথম দিনটো ধৰি এই উৎসৱ পালন কৰা হয়। প্ৰথমৰ দিনটো ফুল বিজু আৰু দ্বিতীয় দিনটোক মূল বিজু বুলি কোৱা হয়। শেষৰ দিনটো হ’ল গচ্ছে-পচ্ছে (গছে-পাতে?) বিজু।

উৎসৱৰ দিনকেইটাত গীত-নৃত্য কৰাৰ উপৰি নতুন সাজপাৰ কৰা, পিঠাপনা বনোৱা আৰু অতিথি আপ্যায়ন কৰা, হিংসাৰ পৰা বিৰত থকা আদিবোৰ হ’ল ইয়াৰ মূল বৈশিষ্ট্য।

সূত্ৰটোৱে জনোৱামতে উৎসৱ অনুষ্ঠানটোলৈ অসম, ছিকিম, মণিপুৰ, নাগালেণ্ড আৰু বাংলাদেশকে ধৰি বিভিন্ন ঠাইৰ পৰা অতিথি অহাৰ কথা। অনুষ্ঠানটোৰ লগত সংগতি ৰাখি বিভিন্ন খেল-ধেমালিৰ কাৰ্য্যসূচীও লোৱা হৈছে।

উল্লেখ কৰিব পাৰি যে বিজু উৎসৱ বাংলাদেশৰ চাকমাসকলেও একেই পৰম্পৰাগত নীতি-নিয়মৰ মাজেৰে প্ৰতি বছৰে পাতি আহিছে। বাংলাদেশৰ চাকমাসকলৰো এইটো ঘাই উৎসৱ। বিশেষকৈ ৰঙামাটিত থকা চাকমাসকলে এই উৎসৱটো বেছ উলহ-মালহেৰে পাতে।

Recent News

index.jpga

‘পোন্ধৰ বছৰে এয়ুইউডিএফে ধিং সমষ্টিত কৰিব নোৱাৰা কাম মই আঢ়ৈ বছৰত কৰি দেখুৱাম’; ৰাইজৰ দলৰ প্ৰাৰ্থী মেহবুব মোক্তাৰ

index.jpgkkk

কা সমৰ্থিত বৰাক উপত্যকাতো অসম জাতীয় পৰিষদে নিৰ্বাচন খেলিব ৫ সমষ্টিত

নতুন কৃষি আইনৰ সংশোধন কৰিবলৈ সাজু কেন্দ্ৰ চৰকাৰ : কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং তোমাৰ

নতুন কৃষি আইনৰ সংশোধন কৰিবলৈ সাজু কেন্দ্ৰ চৰকাৰ : কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং তোমাৰ

index.jpgk

এইবাৰ আসনক লৈ কংগ্ৰেছ আৰু আঞ্চলিক গণ মৰ্চাৰ মতানৈক্য! : দাবী কৰা দুয়োখন আসনৰ পৰা বঞ্চিত মৰ্চা!

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd