• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 18, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

তৈল প্লাৱন : অএনজিচিৰ বিৰুদ্ধে বৰপথাৰৰ কৃষক ৰাইজৰ প্ৰতিবাদ

NE NOW NEWS ৰাজীৱ দত্ত
গৌৰীসাগৰ , August 2, 2018 8:19 pm

2 min read

articular_1
103
VIEWS
Share on FacebookShare on Twitter

তেল আৰু প্ৰাকৃতিক গেছ নিগমৰ ৰূদ্ৰসাগৰ তৈল ক্ষেত্ৰৰ অন্তৰ্গত গৌৰীসাগৰৰ ওচৰৰ বলীয়াঘাট ১ নং জি জি এছৰ পৰা নিগৰিত হোৱা খাৰুৱা তেলে জি জি এছটোৰ দাঁতিত থকা বৰপথাৰৰ বিস্তীৰ্ণ কৃষি ভূমি বিনষ্ট কৰিছে। অভিযোগ অনুসৰি গৌৰীসাগৰৰ ওচৰৰ বলীয়াঘাট ১ নং জি জি এছৰ পৰা নিগৰিত খাৰুৱা তেলে স্থানীয় ৰাইজৰ বাৰী ঘৰৰ গছগছনি আদিৰো ব্যাপক অনিষ্ট সাধন কৰিছে। ইয়াৰ ফলত অঞ্চলটোৰ খেতিয়ক ৰাইজ প্ৰতিবাদমুখৰ হৈ পৰিছে।

অঞ্চলটোৰ কৃষক ৰাইজে আজি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ৰূদ্ৰসাগৰ আঞ্চলিক সমিটিৰ সম্পাদক মনজিৎ দাসৰ নেতৃত্বত একত্ৰিত হৈ পুৱাৰে পৰা  জি জি এছটোৰ প্ৰৱেশদ্বাৰৰ সন্মূখত অৱস্থান কৰি  কৰ্মচাৰীসকলৰ ওলোৱা সোমোৱাত বাধা প্ৰদান কৰাৰ লগতে প্ৰতিষ্ঠানটোৰ কাম কাজ অচল কৰি তোলে।

উল্লেখ্য যে উক্ত জি জি এছটোৰ পৰা নিগৰিত খাৰুৱা তেল মিশ্ৰিত পানীয়ে দীৰ্ঘদিনৰ পৰা অঞ্চলটোত ব্যাপক অনিষ্ট সাধন কৰি আহিছে। জি জি এছটোৰ খাৰুৱা তেল মিশ্ৰিত পানী আদি ওলাই যোৱাৰ বাবে নলা নৰ্দমা আদিৰ কোনো সু ব্যৱস্থাত নথকাৰ ফলত চাৰিসীমাৰ দেৱাল সমূহৰ তলেদি  এজাক বৰষুণ দিলেই জি জি এছটোত ব্যৱহৃত বিভিন্ন ৰাসায়নিক পৰ্দাথ আৰু খাৰুৱা তেল মিশ্ৰিত পানী দাঁতিকাষৰীয়া পথটোৰ ওপৰেদি বাগৰি পথাৰলৈ আহে। গা

গাঁৱবাসীয়ে উক্ত খাৰুৱা তেল মিশ্ৰিত পানীৰ ওপৰেদি অহা যোৱা কৰিব লগা হয়। বাৰিষা খৰালি যি কোনো সময়তে ঠায়ে ঠায়ে বুৰাই ৰখা পথটোৱে কাষৰীয়া গাওঁৰ ৰাইজক জ্বলা-কলা খুৱাই আহিছে। তথাপিও নিগম কৰ্তৃপক্ষৰ চকু দিবলৈ আহৰি নাই। অন্যহাতে জি জি এছটোত ব্যৱহৃত   বিভিন্ন  ৰাসায়নিক দ্ৰব্য আৰু খাৰুৱা তেল মিশ্ৰিত পানী এডাল পাইপেৰে এটা সৰু নলাৰে লৈ গৈ ৰূপহীজানত পেলাই আহিছে। নলাটো অত্যন্ত ঠেক আৰু কোনো ওখ দেৱাল নথকাত এজাক বৰষুণতে পানী ভৰ্তি হৈ পথাৰলৈ বাগৰি আহি দীৰ্ঘদিনৰপৰা খেতি পথাৰ নষ্ট কৰি আহিছে।

খেতিয়ক ৰাইজে জি জি এছটোৰ কৰ্তৃপক্ষক বাৰম্বাৰ জনাই অহাৰ লগতে ইয়াৰ পূৰ্বেও বহু বাৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল। নিগম কৰ্তৃপক্ষৰ লগত ৰাইজ আলোচনাত মিলিত হৈ নিগমৰ পৰা ৰাইজে ক্ষতিপূৰণ আদায় দিয়াৰ লগতে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰাৰ লিখিত প্ৰতিশ্ৰুতিও আদায় কৰিছিল।

কিন্তু ৰাইজৰ অভিযোগ যে নিগম কৰ্তৃপক্ষই ৰাইজক দিয়া প্ৰতিশ্ৰুতি ৰক্ষা নকৰিলে। যাৰফলত ৰাইজ আজি দুগুণে জাঙুৰ খাই উঠি নিগমৰ প্ৰতিষ্ঠানটোৰ সন্মূখত তেওঁলোকৰ প্ৰতিবাদ সাব্যস্ত কৰে।

ৰাইজৰ প্ৰতিবাদৰ ওচৰত নতি স্বীকাৰ কৰি বিয়লি পুনৰ নিগমৰ কৰ্তৃপক্ষ ৰাইজৰ লগত আলোচনাত মিলিত হৈ পূৰ্বৰ প্ৰতিশ্ৰুতি সমূহ অতি শীঘ্ৰে পূৰণ কৰাৰ লগতে খেতি মাটিৰ পৰা খাৰুৱা তেলসমূহ উঠাই নিয়াৰ উপৰিও ক্ষতিগ্ৰস্ত সকলক ক্ষতিপূৰণ আদায় দিয়া হব বুলি লিখিত প্ৰতিশ্ৰুতি দিয়াত ৰাইজে প্ৰতিবাদ কায্যসূচী উঠাই লয়।

Recent News

Facebook-Twitter-1024x512

তথ্য সুৰক্ষাক লৈ প্ৰশ্ন! সংসদীয় কমিটিয়ে তলব কৰিলে ফেচবুক, টুইটাৰ কৰ্তৃপক্ষক

deadbody 1-715x375

দেশত এগৰাকী স্বাস্থ্যকর্মীৰ মত্যু; মাত্ৰ ২৪ ঘন্টা পূৰ্বে লৈছিল কৰ’নাৰ ভেকচিন

WhatsApp Image 2021-01-18 at 8.20.48 AM

গুৱাহাটীৰ বিভিন্ন স্থানত চিবিআইৰ অভিযান; উত্তৰ পূব সীমান্ত ৰে’লৱেৰ জ্যেষ্ঠ বিষয়াক গ্ৰেপ্তাৰ

election-commission-of-india

তিনিদিনীয়া ভ্ৰমণসূচীৰে আজি অসমলৈ নিৰ্বাচন আয়োগৰ পূৰ্ণাংগ দল; বুজ ল’ব নিৰ্বাচনী প্ৰস্তুতিৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd