আজি ত্ৰিপুৰা আৰক্ষীয়ে ত্ৰিপুৰাৰ খায়েৰপুৰৰ পৰা ৮জন মুচলমান ৰহিঙীয়াক আটক কৰে। আটক কৰাকেইজনৰ ভিতৰত দুজন পুৰুষ, দুগৰাকী মহিলা আৰু ৪ টি কণমানি শিশু বুলি জানিব পৰা গৈছে। আটক কৰা আটাইকেইগৰাকীকে বৰ্তমান ৰাণীৰবজাৰ থানাত ৰখা হৈছে। আৰক্ষীৰ সূত্ৰই জনোৱামতে, তেওঁলোকক সোধা-পোছা কৰি আৰু তেওঁলোকৰ হাতত থকা নথি-পত্ৰ পৰীক্ষা কৰি তেওঁলোক ম্যানমাৰৰ পৰা ভাৰতত সোমোৱা বুলি সন্দেহ কৰা হৈছে। জেৰাৰ সময়ত তেওঁলোকে আৰক্ষীৰ আগত স্বীকাৰ কৰামতে ম্যানমাৰত নিৰ্য্যাতনৰ সন্মুখীন হৈ তেওঁলোকে প্ৰথমে বাংলাদেশত আৰু তাৰ পাছত পশ্চিমবংগ হৈ ভাৰতত প্ৰৱেশ কৰিছিল আৰু কেইবছৰ মান পূৰ্বে তেওঁলোকে কাশ্মীৰলৈ গৈছিল। কিন্তু এতিয়া ত্ৰিপুৰালৈ কামৰ সন্ধানত আহিছে। তেওঁলোকৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে কয় যে লোককেইজন ৰে’লেৰে প্ৰথমে গুৱাহাটীলৈ আৰু তাৰ পৰা বাছেৰে ত্ৰিপুৰালৈ কামৰ সন্ধানত আহিছে।