• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, April 18, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব ত্ৰিপুৰা

ত্ৰিপুৰাত ৰাজনাথ সিঙৰ নিৰ্বাচনী প্ৰতিশ্ৰুতিক লৈ প্ৰতিক্ৰিয়া

NE NOW NEWS এন ই নাও নিউজ
আগৰতলা , February 4, 2018 8:27 pm

2 min read

Rajnath_Tripura_2

ত্ৰিপুৰাত নিৰ্বাচনী প্ৰচাৰৰ সময়ত কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিং।

67
VIEWS
Share on FacebookShare on Twitter

 

নিৰ্বাচন অভিমুখী ত্ৰিপুৰাত বিজেপিয়ে শাসনাধিষ্ঠিত বাওঁমৰ্চাক প্ৰধানকৈ লক্ষ্য কৰি লৈ তাৰ জনসাধাৰণক নিজৰ ফালে টানিবলৈ চেষ্টা কৰি আছে। সৰু ৰাজ্যখনত বিজেপিয়ে জোৰদাৰ প্ৰচাৰ চলোৱাও দেখা গৈছে একেটা কাৰণতে। যোৱা শনিবাৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিঙে ৰাজ্যখন ভ্ৰমণ কৰি নিৰ্বাচনী সভাত অংশ গ্ৰহণ কৰিছিল। কিন্তু নিৰ্বাচনী সভাখনত কেন্দ্ৰীয় গৃহ মন্ত্ৰীজনে ত্ৰিপুৰাবাসীলৈ আগ বঢ়োৱা বুলি কোৱা এটা নিৰ্বাচনী প্ৰতিশ্ৰুতিক লৈ সমগ্ৰ দেশৰে সচেতন নাগৰিকসকলৰ চকু কপালত উঠিছে।

বিজেপি দলৰ টুইটাৰ হেণ্ডল bjp4tripura ৰ পৰা মন্ত্ৰীজনৰ ফটোৰ সৈতে আপল’ড কৰা এটা পোষ্টত কোৱা হৈছে ত্ৰিপুৰাত বিজেপি শাসনলৈ আহিলে বিদ্যুৎ সংযোগ নথকা প্ৰতিটো ঘৰত বিদ্যুৎ যোগান ধৰা হ’ব।

চাবলৈ গ’লে প্ৰতিশ্ৰুতিটোত আচৰিত হ’ব লগীয়া একো নাই যদিও উত্তৰ-পূবৰ ভিতৰতে বিদ্যুৎ ৰাহিৰ ক্ষেত্ৰত প্ৰথম স্থানত থকা ৰাজ্য এখনত কেন্দ্ৰীয় মন্ত্ৰীজনৰ এই নিৰ্বাচনী প্ৰতিশ্ৰুতিয়ে হাঁহিৰো খোৰাক যোগাইছে বহুতক। ৰাজ্যখনত বিদ্যুৎ সংকটৰ বাদে আন ঢেৰ সমস্যা আছে। নিবনুৱা সমস্যা, পথ যোগাযোগ ব্যৱস্থা আদি ইয়াৰ ভিতৰত ধৰিব পাৰি। কিন্তু ৰাজ্যবাসীয়ে অন্ততঃ কোনো ৰাজনৈতিক দলৰ পৰাই এনেকুৱা এটা প্ৰতিশ্ৰুতি নিশ্চয় আশা কৰি থকা নাই, যিটো প্ৰকৃততে তেওঁলোকৰ সমস্যাৰ ভিতৰতে নপৰে।

 

উল্লেখযোগ্য যে চৰকাৰী তথ্যমতেই উত্তৰ-পূবৰ ৰাজ্যকেইখনকে ধৰি দেশৰ ১৯খন ৰাজ্যৰ বিদ্যুৎ সংযোগ থকা আৰু নথকা গাৱঁৰ সংখ্যাৰ ক্ষেত্ৰত ত্ৰিপুৰাই দেশৰ একমাত্ৰ ৰাজ্য, য’ত সকলো গাৱঁতে বিদ্যুৎ সংযোগ দিয়া হৈছে। ত্ৰিপুৰাত পূৰ্বে ২৬ খন বিদ্যুৎ সংযোগবিহীন গাওঁ আছিল যদিও সেইবোৰতো ইতিপূৰ্বে বিদ্যুৎ সংযোগ দিয়াৰ কাম সম্পূৰ্ণ কৰা হৈছে। তেনেস্থলত কেন্দ্ৰীয় মন্ত্ৰী তথা দেশৰ এজন জ্যেষ্ঠ মন্ত্ৰীৰ এই আজৱ প্ৰতিশ্ৰুতি তেওঁৰ অজ্ঞতাৰ চিন বুলি মত দিছে সচেতন নাগৰিকসকলে।

তথ্য মতে, যোৱা বছৰৰ মাৰ্চৰ পৰা ত্ৰিপুৰাই নিজৰ উৎপাদিত বিদ্যুতৰ ১৬০ মেগাৱট বাংলাদেশলৈ ৰপ্তানি কৰিছে আৰু কেন্দ্ৰীয় চৰকাৰৰ অনুমতি পালে ওপৰঞ্চি ৪০ মেগাৱট ৰপ্তানি কৰিবলৈ সাজু হৈ আছে।

আনহাতে ৰাজনাথ সিঙৰ গৃহ ৰাজ্য উত্তৰ প্ৰদেশত এতিয়াও বিদ্যুতৰ সংকট এটা ডাঙৰ সমস্যা হৈ আছে। ইয়াৰ বিপৰীতে ২০১৪ চনৰ পৰাই ত্ৰিপুৰাই বিদ্যুৎ ৰাহি কৰি আহিছে, যিটোৰ ক্ষেত্ৰত ৰাজ্যখন সমগ্ৰ উত্তৰ-পূবৰ ভিতৰতে আগত আছে।

উল্লেখযোগ্য যে সিঙে দলৰ প্ৰাৰ্থী দিলীপ দাসৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাইছিল।

আনহাতে নিৰ্বাচনী সভাত কেন্দ্ৰীয় গৃহ মন্ত্ৰীজনে এই প্ৰতিশ্ৰুতিও দিয়ে যে বিজেপি শাসনলৈ আহিলে সাংবাদিক হত্যাৰ চি বি আই তদন্ত দিয়াব।

Recent News

দাদা চাহেব ফাল্কে চলচ্চিত্ৰ মহোৎসৱলৈ অসমীয়া চুটি ছবি ‘মঙহ দহাৰ গোন্ধ’ৰ মনোনয়ন লাভ

দাদা চাহেব ফাল্কে চলচ্চিত্ৰ মহোৎসৱলৈ অসমীয়া চুটি ছবি ‘মঙহ দহাৰ গোন্ধ’ৰ মনোনয়ন লাভ

index.jpgaa

ৰঙালীৰ উছাহৰ মাজতে বজালীত কোভিডৰ আগ্ৰাসন : শনিবাৰে জিলাখনত আৰু ৫ গৰাকী আক্ৰান্ত

টি২০ বিশ্বকাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তান ক্ৰিকেট টীম, নিশ্চয়তা প্ৰদান বিচিচিআইৰ

টি২০ বিশ্বকাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তান ক্ৰিকেট টীম, নিশ্চয়তা প্ৰদান বিচিচিআইৰ

ক’ভিড নিয়ন্ত্ৰণৰ বাবে সকলো জীৱনদায়িনী ঔষধৰ জিএছটি বাতিলৰ বাবে কেন্দ্ৰক কংগ্ৰেছৰ দাবী

ক’ভিড নিয়ন্ত্ৰণৰ বাবে সকলো জীৱনদায়িনী ঔষধৰ জিএছটি বাতিলৰ বাবে কেন্দ্ৰক কংগ্ৰেছৰ দাবী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd