• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 20, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ত্ৰিপুৰাৰ নিৰ্বাচনী বিষয়া ছুটীত : বিৰোধীৰ প্ৰতিক্ৰিয়া

NE NOW NEWS এন ই নাও নিউজ
আগৰতলা , December 23, 2017 5:39 pm

2 min read

ত্ৰিপুৰাৰ নিৰ্বাচনী বিষয়া ছুটীত : বিৰোধীৰ প্ৰতিক্ৰিয়া

ত্ৰিপুৰাৰ নিৰ্বাচনী বিষয়া শ্ৰীৰাম তৰনীকান্তৰ ফাইল ফটো

71
VIEWS
Share on FacebookShare on Twitter

ত্ৰিপুৰাৰ নিৰ্বাচনী বিষয়া শ্ৰীৰাম তৰনীকান্তে হঠাতে ছুটী লৈ ৰাজ্যখনৰ পাৰ প্ৰস্থান কৰাৰ বাতৰিয়ে ৰাজ্যখনৰ ৰাজনৈতিক মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

নিৰ্বাচন বিভাগৰ কাৰ্যালয়ৰ সূত্ৰই জানিব দিয়া মতে তৰনীকান্তে ছুটীত যোৱাৰ পূৰ্বে ভাৰতৰ নিৰ্বাচন আয়োগৰ পৰা অনুমতি লৈছিল।

কিন্তু তৰনীকান্তে ছুটী লৈ ৰাজ্যখনৰ পৰা গুচি যোৱাটো গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে কিয়নো অহা ৫ জানুৱাৰীত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশৰ দিন ঘোষণা কৰা হৈছিল।

কাৰ্যালয়ৰ সূত্ৰসমূহৰ মতে তৰনীকান্তৰ ছুটীত যোৱা কাৰ্যত কোনো অস্বাভাৱিকতা নাই কিয়নো তেওঁৰ জটিল ব্যক্তিগত সমস্যা আছিল আৰু পৰিয়ালৰ কিছু জৰুৰী কাৰণত উপস্থিত থকাৰ প্ৰয়োজন হৈছিল।

অৱশ্যে, বিৰোধী কংগ্ৰেছ আৰু বিজেপি দলে এনে গুৰুত্বপূৰ্ণ মুহুৰ্তত তেওঁৰ ছুটীত যোৱা বিষয়টোত ৰহস্যৰ গোন্ধ পাইছে।

অহা বছৰৰ প্ৰথমাৰ্দ্ধতে ত্ৰিপুৰাত নিৰ্বাচন অনুষ্ঠিত হ’ব। ত্ৰিপুৰা বিধানসভাৰ কাৰ্যকাল ২০১৮ ৰ ৬ মাৰ্চত অন্ত পৰিব। জানুৱাৰীত নিৰ্বাচন আয়োগে ত্ৰিপুৰাৰ নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ সম্ভাৱনা আছে। ৰাজ্যখনৰ নিৰ্বাচন মেঘালয় আৰু নাগালেণ্ডৰ লগতে ফেব্ৰুৱাৰীৰ শেহৰ পিনে অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে।

বিৰোধী কংগ্ৰেছ আৰু বিজেপি দলে বিষয়টোৰ ওপৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি প্ৰশ্ন উত্থাপন কৰে যে যিসময়ত সমগ্ৰ ৰাজ্য তথা ৰাজনৈতিক দলে চূড়ান্ত ভোটাৰ তালিকাৰ বাবে অপেক্ষা কৰি আছে, তেনে সময়তে মুখ্য নিৰ্বাচনী বিষয়াগৰাকী কেনেকৈ ছুটীত যাব পাৰে।

‘’ আমি ভাবো যে শাসনাধীস্থ বাওঁমৰ্চা চৰকাৰখনে নিয়ন্ত্ৰণ কৰা প্ৰশাসনে নিৰ্বাচন আয়োগৰ নিৰ্দেশ অনুসৰি ভোটাৰ তালিকা সংশোধনৰ কামত বাধাৰ সৃষ্টি কৰিছে। আমি বিষয়টো ভাৰতৰ নিৰ্বাচন আয়োগৰ সন্মুখত উত্থাপন কৰিম,’’- কংগ্ৰেছৰ মুখপাত্ৰ তথা প্ৰাক্তন বিধায়ক তাপস দেই এইদৰে কয়।

Recent News

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

স্মিথক অব্যাহতি, সঞ্জু ছেমছন ৰাজস্থান ৰোয়েলছৰ নতুন অধিনায়ক

স্মিথক অব্যাহতি, সঞ্জু ছেমছন ৰাজস্থান ৰোয়েলছৰ নতুন অধিনায়ক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd