• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, March 4, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

দিল্লীত আন্না হাজাৰেৰ দুৰ্নীতি বিৰোধী আন্দোলনৰ কাৰ্যালয় উদ্বোধনী অনুষ্ঠানত অসমৰ দিব্যজ্যোতি শইকীয়া

NE NOW NEWS এন ই নাও নিউজ
নতুন দিল্লী , February 6, 2018 11:31 am

2 min read

dibyajyoti saikia
90
VIEWS
Share on FacebookShare on Twitter

সোমবাৰে নতুন দিল্লীৰ পাঞ্জাৱীবাগত আন্না হাজাৰেৰ টীম আন্নাৰ নেতৃত্বত জন লোকপাল বলবৎকৰণ তথা দুৰ্নীতি বিৰোধী আন্দোলনৰ নতুন কাৰ্যালয় উদ্বোধন কৰা হয়।

এই অনুষ্ঠানত  টীম আন্নাৰ কৰ্ণধাৰ সমিতিৰ সদস্য তথা উত্তৰ-পূৰ্বাঞ্চলৰ দায়িত্বত থকা অসমৰ মানৱ অধিকাৰ কৰ্মী দিব্যজ্যোতি শইকীয়া উপস্থিত থাকে।

উদ্বোধনী ভাষণত আন্নাই কয় যে অহা ২৩ মাৰ্চত দেশৰ প্ৰকৃত মালিক অৰ্থাৎ সাধাৰণ জনতা আৰু কৃষকৰ অধিকাৰৰ বাবে মই টীম আন্নাক লগত লৈ পুনৰ আন্দোলনত বহিম।

‘’দেশৰ প্ৰকৃত মালিকসকল এতিয়া টোপনিত আছে। সেয়ে প্ৰকৃত মালিক অৰ্থাৎ দোশৰ সাধাৰণ জনতাক মই জগাব বিচিৰিছো,’’-আন্নাই কয়।

লোকপাল বলবৎ নকৰালৈকে আন্দোলন জাৰি থকিব বুলিব উল্লেখ কৰি আন্নাই কয় যে মালিক টোপনিত থকা বাবে সেৱকে দেশখন লুটি পুটি খাইছে।

উক্ত উদ্বোধনী অনুষ্ঠানত অসমৰ টীম আন্নাৰ কৰ্ণধাৰ সমিতিৰ ৰাষ্ট্ৰীয় সদস্য মানৱ অধিকাৰ তথা সামাজিক কৰ্মী দিব্যজ্যোতি শইকীয়াই অংশগ্ৰহণ কৰে।

ভাষণ প্ৰসংগত দিব্যজ্যোতি শইকীয়াই কয় যে ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে আন্দোলন বা সংগ্ৰাম কৰিবলৈ যাওতে নিজে ভ্ৰষ্টাচাৰমুক্ত হৈ ল’ব লাগিব। আন্নাৰ এই দুৰ্নীতি বিৰোধী আন্দোলনত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ জনসাধাৰণে পূৰ্ণ সমৰ্থন আগবঢ়াব বুলি শইকীয়াই তেওঁৰ ভাষণত প্ৰকাশ কৰে।

আজিৰ যুৱ সমাজে অতন্দ্ৰ প্ৰহৰী হৈ দেশ আৰু সমাজৰ বাবে ত্যাগ স্বীকাৰ কৰি দেশৰ জনতাৰ বাবে সংগ্ৰাম অব্যাহত ৰাখিব লাগিব বুলি উল্লেখ কৰি শইকীয়াই কয় যে দেশৰ সত্তৰ শতাংশ কৃষক আজি সুৰক্ষিত নহয়।

এইবাৰ আন্দোলনত কাকো ৰাজনীতি কৰাৰ সুযোগ দিয়া নহ’ব বুলিও দোহাৰে শইকীয়াই।

আনহাতে, দেওবাৰে হাৰিয়ানাৰ ফৰিদাবাদত অনুষ্ঠিত এখন জনসভাত আন্না হাজাৰেৰ সৈতে অসমৰ টীম আন্নাৰ কৰ্ণধাৰ সমিতিৰ সদস্য দিব্যজ্যোতি শইকীয়াও উপস্থিত থাকি ভাষণ প্ৰদান কৰে।

Recent News

index.jpg

যৌন কেলেংকাৰিত অভিযুক্ত বিজেপি মন্ত্ৰীৰ পদত্যাগ : সত্যতাৰ প্ৰমাণৰ বাবে তদন্তৰ দাবী

IMG_20210304_104520

আই আই টিৰ নতুন পদ্ধতি প্লাষ্টিকেৰে ৰাস্তা নিৰ্মাণ; ৰঙাপানীত আৰম্ভ হ’ল নিৰ্মাণ কাৰ্য

deadbody recovered final

শালনাৰ সোণাজুৰিৰ শিলৰ কোঁৱাৰীত সন্ধানহীন হোৱা লোকৰ মৃতদেহ উদ্ধাৰ

tajmahal_web

তাজমহলত বোমাতংক : পৰ্যটকৰ মাজত হাহাকাৰ; এজন ব্যক্তিক আটক আৰক্ষীৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd