• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দীপালী বৰঠাকুৰলৈ তাই আহোম যুৱ পৰিষদৰ বীৰাংগনা মূলাগাভৰু বঁটা

এন ই নাও নিউজ by এন ই নাও নিউজ
May 2, 2018 11:28 am
Dipali_Barthakur_2

২০১৮ বৰ্ষৰ মূলাগাভৰু বঁটা প্ৰাপক, বিশিষ্ট গায়িকা দীপালী বৰঠাকুৰ। ফাইল ফটো।

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ বিশিষ্ট সংগীত শিল্পী, সুকণ্ঠী গায়িকা দীপালী বৰঠাকুৰক চলিত বৰ্ষৰ বীৰাংগনা মূলাগাভৰু বঁটা প্ৰদান কৰা হয়। তাই আহোম যুৱ পৰিষদ অসম (টাইপা)ৰ চৰাইদেউ জিলা সমিতিৰ উদ্যোগত সোমবাৰে সোণাৰিত অনুষ্ঠিত হোৱা বীৰাংগনা মূলাগাভৰু স্মৃতি দিৱসত এই বঁটা প্ৰদান কৰা হয়।

অসুস্থাতাৰ বাবে সোঁশৰীৰে বঁটা গ্ৰহণৰ বাবে উপস্থিত থাকিব নোৱৰা দীপালী বৰঠাকুৰৰ হৈ তেওঁৰ ভতিজাক সুৰুজ বৰঠাকুৰে টাইপাৰ সভাপতি দিলীপ গগৈৰ পৰা বঁটাটো গ্ৰহণ কৰে। বঁটাত আছে এযোৰ যুদ্ধৰ সাজ, এটা পাগুৰি, এখন চেলেং, এখন হেংদাং, মানপত্ৰ, এখন মূলাগাভৰুৰ স্মাৰক আৰু নগদ ৩০ হাজাৰ টকা।

Apply Now

সোণাৰিৰ ভগৱতী প্ৰসাদ বৰুৱা সোঁৱৰণী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আয়োজন কৰা বীৰাংগনা মূলাগাভৰু স্মৃতি দিৱস অনুষ্ঠানটোত উপস্থিত আছিল অসমৰ বিদ্যুৎ আৰু গড়কাপ্টানী বিভাগৰ ৰাজ্যিক মন্ত্ৰী তথা সোণাৰিৰ বিধায়ক তপন কুমাৰ গগৈ। গগৈয়ে সভাত ভাষণ দি কয়, “অসমৰ বহু কেইজন বীৰ-বীৰাংগনাই শত্ৰুৰ বিৰুদ্ধে  অদম্য সাহস আৰু চতুৰ ৰণ-কৌশলেৰে যুঁজ দিছিল আৰু সেইদৰে দেশক শত্ৰুৰ হাতৰ পৰা ৰক্ষাৰ সংগ্ৰামত ইতিহাস ৰচনা কৰি গৈছে।”

মন্ত্ৰী গৰাকীয়ে লগতে কয় যে আহোম স্বৰ্গদেউ আৰু ডা-ডাঙৰীয়াসকলে দেখুৱাই থৈ যোৱা ঐক্য আৰু সংহতিৰ পথ অৱলম্বন কৰি আমি সকলোনে এক সুস্থ-সবল অসমীয়া জাতি গঠন কৰাৰ প্ৰচেষ্টা চলোৱা উচিত।

উল্লেখযোগ্য যে তাই আহোম যুৱ পৰিষদ, অসমৰ চৰাইদেউ জিলা সমিতিয়ে ২০১৩ চনৰ পৰাই অসমৰ জাতীয় বীৰাংগনা মূলাগাভৰুৰ বীৰত্ব আৰু দেশৰ স্বাৰ্থত কৰা ত্যাগক শ্ৰদ্ধা আৰু মর্য্যাদাৰে সুঁৱৰি প্ৰতি বছৰে সোণাৰি চহৰত ‘বীৰাংগনা মূলাগাভৰু স্মৃতি দিৱস আৰু বঁটা প্ৰদান অনুষ্ঠান’ অনুষ্ঠিত কৰি আহিছে৷ তেওঁলোকে অসমৰ সমাজ জীৱন, শিক্ষা, সাহিত্য আৰু নাৰীৰ উত্তৰণৰ বাবে বিশেষ অৱদান আগ বঢ়োৱা মহিলাক এই বঁটা দি আহিছে। আগৰ কেইবছৰ প্ৰয়াত চিত্ৰলতা ফুকন(২০১৩), বীৰুবালা ৰাভা(২০১৪), নিৰুপমা বৰগোহাঞি(২০১৫), ড০ অনিমা গুহ(২০১৬) আৰু ড০ সুখ বৰুৱা(২০১৭)ক এই বঁটা দিয়া হৈছিল। এইবাৰ বিশিষ্টা গায়িকা দীপালী বৰঠাকুৰক এই বঁটাৰ বাবে নিৰ্বাচন কৰা বুলি সংগঠনটোৰ তৰফৰ পৰা জনোৱা হৈছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিৰ্মাণ শ্ৰমিকৰ কল্যাণৰ বাবে থকা ৭০,৭৪৪ কোটি টকা এতিয়াও ব্যৱহাৰ কৰা নাই ৰাজ্য চৰকাৰসমূহে

নিৰ্মাণ শ্ৰমিকৰ কল্যাণৰ বাবে থকা ৭০,৭৪৪ কোটি টকা এতিয়াও ব্যৱহাৰ কৰা নাই ৰাজ্য চৰকাৰসমূহে

July 4, 2026 6:00 pm
বাথৰুমৰ টাইলছৰ তলত পুতি থোৱা আছিল স্বামীৰ মৃতদেহ! ৪৫ দিনৰ পাছত ৰহস্যৰ অন্ত, পত্নী গ্ৰেপ্তাৰ

বাথৰুমৰ টাইলছৰ তলত পুতি থোৱা আছিল স্বামীৰ মৃতদেহ! ৪৫ দিনৰ পাছত ৰহস্যৰ অন্ত, পত্নী গ্ৰেপ্তাৰ

July 4, 2026 5:49 pm
১১ বছৰীয়া শিশুৱে মহতিয়াই নিলে বৌদ্ধ ভিক্ষুক, ৮ জনৰ মৃত্যু

১১ বছৰীয়া শিশুৱে মহতিয়াই নিলে বৌদ্ধ ভিক্ষুক, ৮ জনৰ মৃত্যু

July 4, 2026 5:33 pm
পাহৰণিৰ গৰ্ভত থকা ইতিহাস: আমেৰিকাৰ স্বাধীনতাত মহীশূৰৰ হাইদৰ আলী আৰু টিপু চুলতানৰ অৱদান

পাহৰণিৰ গৰ্ভত থকা ইতিহাস: আমেৰিকাৰ স্বাধীনতাত মহীশূৰৰ হাইদৰ আলী আৰু টিপু চুলতানৰ অৱদান

July 4, 2026 5:19 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিৰ্মাণ শ্ৰমিকৰ কল্যাণৰ বাবে থকা ৭০,৭৪৪ কোটি টকা এতিয়াও ব্যৱহাৰ কৰা নাই ৰাজ্য চৰকাৰসমূহে

নিৰ্মাণ শ্ৰমিকৰ কল্যাণৰ বাবে থকা ৭০,৭৪৪ কোটি টকা এতিয়াও ব্যৱহাৰ কৰা নাই ৰাজ্য চৰকাৰসমূহে

July 4, 2026 6:00 pm
বাথৰুমৰ টাইলছৰ তলত পুতি থোৱা আছিল স্বামীৰ মৃতদেহ! ৪৫ দিনৰ পাছত ৰহস্যৰ অন্ত, পত্নী গ্ৰেপ্তাৰ

বাথৰুমৰ টাইলছৰ তলত পুতি থোৱা আছিল স্বামীৰ মৃতদেহ! ৪৫ দিনৰ পাছত ৰহস্যৰ অন্ত, পত্নী গ্ৰেপ্তাৰ

July 4, 2026 5:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd