অসমৰ বিশিষ্ট সংগীত শিল্পী, সুকণ্ঠী গায়িকা দীপালী বৰঠাকুৰক চলিত বৰ্ষৰ বীৰাংগনা মূলাগাভৰু বঁটা প্ৰদান কৰা হয়। তাই আহোম যুৱ পৰিষদ অসম (টাইপা)ৰ চৰাইদেউ জিলা সমিতিৰ উদ্যোগত সোমবাৰে সোণাৰিত অনুষ্ঠিত হোৱা বীৰাংগনা মূলাগাভৰু স্মৃতি দিৱসত এই বঁটা প্ৰদান কৰা হয়।
অসুস্থাতাৰ বাবে সোঁশৰীৰে বঁটা গ্ৰহণৰ বাবে উপস্থিত থাকিব নোৱৰা দীপালী বৰঠাকুৰৰ হৈ তেওঁৰ ভতিজাক সুৰুজ বৰঠাকুৰে টাইপাৰ সভাপতি দিলীপ গগৈৰ পৰা বঁটাটো গ্ৰহণ কৰে। বঁটাত আছে এযোৰ যুদ্ধৰ সাজ, এটা পাগুৰি, এখন চেলেং, এখন হেংদাং, মানপত্ৰ, এখন মূলাগাভৰুৰ স্মাৰক আৰু নগদ ৩০ হাজাৰ টকা।
সোণাৰিৰ ভগৱতী প্ৰসাদ বৰুৱা সোঁৱৰণী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আয়োজন কৰা বীৰাংগনা মূলাগাভৰু স্মৃতি দিৱস অনুষ্ঠানটোত উপস্থিত আছিল অসমৰ বিদ্যুৎ আৰু গড়কাপ্টানী বিভাগৰ ৰাজ্যিক মন্ত্ৰী তথা সোণাৰিৰ বিধায়ক তপন কুমাৰ গগৈ। গগৈয়ে সভাত ভাষণ দি কয়, “অসমৰ বহু কেইজন বীৰ-বীৰাংগনাই শত্ৰুৰ বিৰুদ্ধে অদম্য সাহস আৰু চতুৰ ৰণ-কৌশলেৰে যুঁজ দিছিল আৰু সেইদৰে দেশক শত্ৰুৰ হাতৰ পৰা ৰক্ষাৰ সংগ্ৰামত ইতিহাস ৰচনা কৰি গৈছে।”
মন্ত্ৰী গৰাকীয়ে লগতে কয় যে আহোম স্বৰ্গদেউ আৰু ডা-ডাঙৰীয়াসকলে দেখুৱাই থৈ যোৱা ঐক্য আৰু সংহতিৰ পথ অৱলম্বন কৰি আমি সকলোনে এক সুস্থ-সবল অসমীয়া জাতি গঠন কৰাৰ প্ৰচেষ্টা চলোৱা উচিত।
উল্লেখযোগ্য যে তাই আহোম যুৱ পৰিষদ, অসমৰ চৰাইদেউ জিলা সমিতিয়ে ২০১৩ চনৰ পৰাই অসমৰ জাতীয় বীৰাংগনা মূলাগাভৰুৰ বীৰত্ব আৰু দেশৰ স্বাৰ্থত কৰা ত্যাগক শ্ৰদ্ধা আৰু মর্য্যাদাৰে সুঁৱৰি প্ৰতি বছৰে সোণাৰি চহৰত ‘বীৰাংগনা মূলাগাভৰু স্মৃতি দিৱস আৰু বঁটা প্ৰদান অনুষ্ঠান’ অনুষ্ঠিত কৰি আহিছে৷ তেওঁলোকে অসমৰ সমাজ জীৱন, শিক্ষা, সাহিত্য আৰু নাৰীৰ উত্তৰণৰ বাবে বিশেষ অৱদান আগ বঢ়োৱা মহিলাক এই বঁটা দি আহিছে। আগৰ কেইবছৰ প্ৰয়াত চিত্ৰলতা ফুকন(২০১৩), বীৰুবালা ৰাভা(২০১৪), নিৰুপমা বৰগোহাঞি(২০১৫), ড০ অনিমা গুহ(২০১৬) আৰু ড০ সুখ বৰুৱা(২০১৭)ক এই বঁটা দিয়া হৈছিল। এইবাৰ বিশিষ্টা গায়িকা দীপালী বৰঠাকুৰক এই বঁটাৰ বাবে নিৰ্বাচন কৰা বুলি সংগঠনটোৰ তৰফৰ পৰা জনোৱা হৈছিল।