DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 27, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

দুৰ্নীতিগ্ৰস্ত আমোলা, প্ৰভাৱশালী ৰাজনীতিকৰ স্বাৰ্থতে গুৱাহাটীৰ খোৱাপানী যোগানৰ আঁচনিৰ কাম মন্থৰ কৰা হৈছে : অসম সংগ্ৰামী মঞ্চ

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
August 3, 2018 11:31 pm
দুৰ্নীতিগ্ৰস্ত আমোলা, প্ৰভাৱশালী ৰাজনীতিকৰ স্বাৰ্থতে গুৱাহাটীৰ খোৱাপানী যোগানৰ আঁচনিৰ কাম মন্থৰ কৰা হৈছে : অসম সংগ্ৰামী মঞ্চ

গুৱাহাটীৰ খোৱাপানী যোগানৰ সমস্যাটোক লৈ অসম সংগ্ৰামী মঞ্চৰ সংবাদমেল।

97
VIEWS
Share on FacebookShare on Twitter

“গুৱাহাটীৰ খোৱাপানী যোগানৰ সমস্যাটোক এটা নিৰ্বাচনী ইচ্ছ্যু হিচাপে ব্যৱহাৰ কৰি আহিছে প্ৰতিটো ৰাজনৈতিক দলে। কিন্তু নিৰ্বাচন পাৰ হৈ যোৱাৰ পাছত বিষয়টো গুৰুত্বহীন হৈ পৰে।” -এই মন্তব্য অসম সংগ্ৰামী মঞ্চৰ সাধাৰণ সম্পাদক সমৰজ্যোতি বেজবৰুৱাৰ।

আজি ৩ আগষ্টত দলটোৰ গুৱাহাটীৰ মুখ্য কাৰ্যালয়ত এখন সংবাদমেল সম্বোধন কৰি বেজবৰুৱাই কয় যে মহানগৰীত পানীযোগান আঁচনিসমূহৰ কাম অতি লেহেমীয়া গতিত চলি আছে। ইয়াৰ আঁৰত এচাম প্ৰভাৱশালী লোকৰ চক্ৰান্তও নিহিত থকাৰ সন্দেহ ব্যক্ত কৰে তেওঁ।

“JNNURM, JICA, AUIIP ৰ অন্তৰ্গত গুৱাহাটী মহানগৰীত চলি থকা পানীযোগান আঁচনিৰ কাম লেহেমীয়া গতিত আগ বঢ়াৰ আঁৰত এচাম দুৰ্নীতিগ্ৰস্ত আমোলা আৰু প্ৰভাৱশালী ৰাজনীতিকৰ স্বাৰ্থ নিহিত হৈ আছে। AUIIP ৰ অন্তৰ্গত ২০১৫ চনৰ ২৯ জুলাইত আহ্বান কৰা নিবিদা সম্পৰ্কে অনুষ্ঠানটোৱে যোৱা প্ৰায় ছাৰে তিনি বছৰতকৈও অদিক কাল কোনো সিদ্ধান্ত ল’ব নোৱৰা এক নিৰুপায় অৱস্থাটোৱেই তাৰ উৎকৃষ্ট উদাহৰণ।” এইদৰে কয় বেজবৰুৱাই।

তেওঁ লগতে এচাম উচ্চপদস্থ আমোলা আৰু শাসনাধিষ্ঠিত চৰকাৰৰ প্ৰভাৱশালী নেতাৰ প্ৰত্যক্ষ হস্তক্ষেপত এই আঁচনিৰ কামৰ আৱণ্টন দিয়া হোৱা নাই বুলিও আপত্তি দৰ্শায়।

ইপিনে, সন্দেহজনক প্ৰতিষ্ঠানক নিবিদাৰ কাম আৱণ্টন দিয়াৰ বাবে নিৰ্বাচন কৰা বুলি এক অভিযোগ উত্থাপন কৰে সাধাৰণ সম্পাদক বেজবৰুৱাই। GDCL-JKM-BSEE নামৰ অন্যতম সহযোগী ফাৰ্ম M/S GDCL নামৰ ফাৰ্মখনৰ বিষয়ে বিভিন্ন আপত্তিজনক তথ্য লাভ কৰা বুলি তেওঁ সংবাদমেলত প্ৰকাশ কৰে। লগতে চত্তিছগড়, মধ্য প্ৰদেশ আদি ৰাজ্যত এই ফাৰ্মে নিম্নমানৰ কাম কৰা বুলিও তেওঁ জানিবলৈ দিয়ে।

“মধ্য প্ৰদেশ চৰকাৰৰ গড়কাপ্তানী বিভাগে ২০১৮ চনৰ ৯ মে’ তাৰিখে এক জাননীযোগে এই ফাৰ্মখনৰ পঞ্জীয়ন দুবছৰৰ বাবে বাতিল কৰিছে। অসমতো NHIDCL ৰ অন্তৰ্গত চাৰিলেনযুক্ত মৰাণ-ডিমৌ পথৰ কামতো এই প্ৰতিষ্ঠানটোৱে হেমাহি কৰাৰ তথ্য সংবাদ মাধ্যমত প্ৰকাশিত হৈছে। এই ধৰণৰ প্ৰতিষ্ঠানক আমি কিমান গ্ৰহণযোগ্য বুলি ভাবিব পাৰো”, তেওঁ কয়।

ইয়াৰ উপৰি আজিৰ সংবাদমেলত অসম সংগ্ৰামী মঞ্চই নিৰ্বাচনৰ পূৰ্বে ‘গুৱাহাটীবাসী ৰাইজৰ বাবে ২৪ ঘণ্টাই খোৱাপানী যোগান ধৰা’ প্ৰতিশ্ৰুতিৰ বিষয়টো আঙুলিয়াই দি এই সম্পৰ্কত এখন পূৰ্ণাংগ শ্বেতপত্ৰ প্ৰকাশৰো দাবী জনায়। লগতে খোৱাপানী যোগান আঁচনিৰ কাম লেহেমীয়া হৈ থকা বিষয়টোৰ মুখ্য মন্ত্ৰীক এক তদন্তৰ ব্যৱস্থা কৰাৰো দাবী জনায়।

Recent News

বিধায়ক অখিল গগৈৰ সমষ্টিত পথ নিৰ্মাণত অনিয়ম; নিৰ্মাণৰ সময়তে ঠায়ে ঠায়ে খহিছে পথ

বিধায়ক অখিল গগৈৰ সমষ্টিত পথ নিৰ্মাণত অনিয়ম; নিৰ্মাণৰ সময়তে ঠায়ে ঠায়ে খহিছে পথ

Booker Prize: প্ৰথমবাৰৰ বাবে ভাৰতীয় ভাষাত লিখা উপন্যাসলৈ সন্মান! গীতাঞ্জলি শ্ৰী-লৈ বুকাৰ বঁটা

Booker Prize: প্ৰথমবাৰৰ বাবে ভাৰতীয় ভাষাত লিখা উপন্যাসলৈ সন্মান! গীতাঞ্জলি শ্ৰী-লৈ বুকাৰ বঁটা

কুকুৰক খোজ কঢ়াবৰ বাবেই এথলীটকক ষ্টেডিয়াম এৰিবলৈ কোৱা আইএএছ দম্পতীক বদলি

কুকুৰক খোজ কঢ়াবৰ বাবেই এথলীটকক ষ্টেডিয়াম এৰিবলৈ কোৱা আইএএছ দম্পতীক বদলি

যুদ্ধ অপৰাধ! ইউক্ৰেইনৰ আদালতত আৰু দুজন ৰাছিয়ান সৈনিক দোষী সাব্যস্ত

যুদ্ধ অপৰাধ! ইউক্ৰেইনৰ আদালতত আৰু দুজন ৰাছিয়ান সৈনিক দোষী সাব্যস্ত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd