• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 17, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

দুৰ্নীতি কেৱল বন বিভাগতে নহয়, সকলোতে চলি আছে; নিৰ্মূলৰ চেষ্টা কৰি আছে চৰকাৰে : পৰিমল শুক্লবৈদ্য

NE NOW NEWS কল্পজ্যোতি শইকীয়া
গুৱাহাটী , May 1, 2018 5:13 pm

2 min read

Parimal Suklabaidya forest minister assam
104
VIEWS
Share on FacebookShare on Twitter

অসম চৰকাৰৰ বিভিন্ন বিভাগসমূহ সম্পূৰ্ণৰূপে নিকা নহয় বুলি আজি ১ মে’ত স্বীকাৰ কৰিছে নৱনিযুক্ত বন মন্ত্ৰী পৰিমল শুক্লবৈদ্যই। এই সন্দৰ্ভত তেওঁ কয় ‘প্ৰতিটো ঠাইত ভাল-বেয়াৰ সংঘৰ্ষ থাকিবই। মোৰ দায়িত্বত আগতে তিনিটা দপ্তৰ আছিল। গড়কপ্তানি বিভাগতো বিভিন্ন ঠাইত দুৰ্নীতি চলি আছে, মই কোৱা নাই যে গোটেইখিনি পৰিস্কাৰ হৈছে। তথাপিও আমাৰ চৰকাৰে চেষ্টা চলাই আছো দুৰ্নীতি নিৰ্মূল কৰাৰ বাবে।’

‘কেৱল বন বিভাগতে নহয়, সকলো বিভাগতে চলি থকা দুৰ্নীতি নিৰ্মূল কৰা বাবে চৰকাৰে চেষ্টা কৰি আছে। বন বিভাগত চলি থকা দুৰ্নীতি ৰোধৰ ক্ষেত্ৰতো লোৱা হ’ব শূন্য সহনশীলতা নীতি। এই মূল মন্ত্ৰ লৈয়ে আমাৰ চৰকাৰখন আগুৱাই গৈছে’ সংবাদ মাধ্যমৰ সন্মুখত আজি এইদৰে মন্তব্য কৰে বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই।

বন বিভাগটোক এক গুৰুত্বপূৰ্ণ দপ্তৰ বুলি উল্লেখ কৰি শুক্লবৈদ্যই কয় ‘মই আজি সংকল্প লৈছো যে এই বিভাগত য’ত দুৰ্নীতি আছে, তাৰ বিৰুদ্ধে আমি যিমান প্ৰয়োজন হয়, সিমান সংগ্ৰাম কৰি যাম আৰু প্ৰয়োজনীয় ব্যৱস্থা হাতত ল’ম।’

বন বিভাগক মানৱ সভ্যতাৰ ৰক্ষক বুলি অভিহিত কৰি মন্ত্ৰীগৰাকীয়ে কয় যে ‘বন বিভাগৰ জৰিয়তেই মানৱ সভ্যতাই অগ্ৰগতি লাভ কৰিছে। আমাক গছ-বনে অক্সিজেন দি থাকে বাবে আমি জীয়াই থাকো। প্ৰকৃতিৰ জৈৱ বৈচিত্ৰ্যতা যদি সঁচাকৈ ৰক্ষা কৰিব লাগে, তাৰ সম্পূৰ্ণ দায়িত্ব নিৰ্ভৰ কৰিব বন বিভাগৰ ওপৰত।‘

অসম ৰাজ্যিক চিৰিয়াখানাত সীমাৰ দেৱাল ভাগি থকা সন্দৰ্ভত নৰ্থ ইষ্ট নাওৰ সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত শুক্লবৈদ্যই কয় ‘নিশ্চয়কৈ আমি ভগ্ন দেৱাল মেৰামতি কৰাৰ ব্যৱস্থা অনতিপলমে হাতত ল’ম। কেনেকৈ আমি জন্তুবিলাকৰ ৰক্ষণাৱেক্ষণ দিব পাৰো তাৰ ওপৰত গুৰুত্ব দিয়া হ’ব।‘

প্ৰাক্তন বন মন্ত্ৰী প্ৰমিলাৰাণী ব্ৰহ্মক প্ৰশংসা কৰি বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই কয় ‘বন মন্ত্ৰী প্ৰমিলাৰাণী ব্ৰহ্মই যোৱা দুবছৰে বহু পৰিশ্ৰম কৰিলে। তেওঁ সাফল্যও লাভ কৰিলে। বিভিন্ন দপ্তৰ দিয়াৰ ক্ষেত্ৰত বিভিন্ন চিন্তা কৰি দপ্তৰ দিয়া হয়।‘

আনহাতে, মন্ত্ৰিত্ব নিদিয়াৰ বাবে বৰাক উপত্যকাত ৰাজহুৱা মুণ্ডন হোৱা সন্দৰ্ভত তেওঁ কয় ‘আমাৰ কিছুমান নিৰ্দিষ্ট নিয়ম আছে তথা কিমানসংখ্যক মন্ত্ৰী ল’ম তাৰো নিৰ্ধাৰিত নিয়ম আছে। বৰাক-ব্ৰহ্মপুত্ৰ উপত্যকা হিচাপে ভাগ ভাগ কৰিব নালাগে। বৰাকখনো অসমতে আছে। মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ ৰাইজৰ মতে হ’ব লাগে। ৰাইজে যেনেকুৱা মন্ত্ৰী ভাল পায়, ৰাইজৰ প্ৰতিটো সমস্যা নিয়ন্ত্ৰণ কৰা মন্ত্ৰী বিচাৰে। মুখ্য মন্ত্ৰীয়ে আজি মোক এইটো দায়িত্ব দিছে, মই লৈছো, কাইলৈ যদি বেলেগ দায়িত্ব দিয়ে, মই ল’ব লাগিব। যদি মোক বিধায়ক হিচাপেও কাম কৰি যাবলৈ কয়, তেন্তে কৰিব লাগিব।’

Recent News

IMG-20210116-WA0054

বোকাখাতত প্ৰথম দিনা ৬৭ গৰাকী স্বাস্থ্য কৰ্মীক ক’ভিড১৯ৰ প্ৰতিষেধক প্ৰদান

WhatsApp Image 2021-01-16 at 6.46.28 PM

গুৱাহাটীত ক’ভিড-১৯ৰ টীকাকৰণ অভিযানৰ শুভাৰম্ভ স্বাস্থ্য মন্ত্ৰীৰ; তিনি বিশিষ্ট চিকিৎসকে ল’লে ভেকচিন

WhatsApp Image 2021-01-16 at 6.46.03 PM

অজাপৰ যোগদান সমাৰোহ; এইবাৰ অসমত জাতীয়তাবাদৰ চৰকাৰ অহাটো নিশ্চিত: লুৰীণজ্যোতি গগৈ

IMG-20210116-WA0008

কেৱল গোৰ্খা ভোটেৰে জয়ী হৈ দেখুৱাওক বিধায়ক ভাস্কৰ শৰ্মাই; লেখাপানীত ১০ সংগঠনৰ হুংকাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd