• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দুৰ্নীতি কেৱল বন বিভাগতে নহয়, সকলোতে চলি আছে; নিৰ্মূলৰ চেষ্টা কৰি আছে চৰকাৰে : পৰিমল শুক্লবৈদ্য

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
May 1, 2018 5:13 pm
Parimal Suklabaidya forest minister assam
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম চৰকাৰৰ বিভিন্ন বিভাগসমূহ সম্পূৰ্ণৰূপে নিকা নহয় বুলি আজি ১ মে’ত স্বীকাৰ কৰিছে নৱনিযুক্ত বন মন্ত্ৰী পৰিমল শুক্লবৈদ্যই। এই সন্দৰ্ভত তেওঁ কয় ‘প্ৰতিটো ঠাইত ভাল-বেয়াৰ সংঘৰ্ষ থাকিবই। মোৰ দায়িত্বত আগতে তিনিটা দপ্তৰ আছিল। গড়কপ্তানি বিভাগতো বিভিন্ন ঠাইত দুৰ্নীতি চলি আছে, মই কোৱা নাই যে গোটেইখিনি পৰিস্কাৰ হৈছে। তথাপিও আমাৰ চৰকাৰে চেষ্টা চলাই আছো দুৰ্নীতি নিৰ্মূল কৰাৰ বাবে।’

‘কেৱল বন বিভাগতে নহয়, সকলো বিভাগতে চলি থকা দুৰ্নীতি নিৰ্মূল কৰা বাবে চৰকাৰে চেষ্টা কৰি আছে। বন বিভাগত চলি থকা দুৰ্নীতি ৰোধৰ ক্ষেত্ৰতো লোৱা হ’ব শূন্য সহনশীলতা নীতি। এই মূল মন্ত্ৰ লৈয়ে আমাৰ চৰকাৰখন আগুৱাই গৈছে’ সংবাদ মাধ্যমৰ সন্মুখত আজি এইদৰে মন্তব্য কৰে বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই।

Apply Now

বন বিভাগটোক এক গুৰুত্বপূৰ্ণ দপ্তৰ বুলি উল্লেখ কৰি শুক্লবৈদ্যই কয় ‘মই আজি সংকল্প লৈছো যে এই বিভাগত য’ত দুৰ্নীতি আছে, তাৰ বিৰুদ্ধে আমি যিমান প্ৰয়োজন হয়, সিমান সংগ্ৰাম কৰি যাম আৰু প্ৰয়োজনীয় ব্যৱস্থা হাতত ল’ম।’

বন বিভাগক মানৱ সভ্যতাৰ ৰক্ষক বুলি অভিহিত কৰি মন্ত্ৰীগৰাকীয়ে কয় যে ‘বন বিভাগৰ জৰিয়তেই মানৱ সভ্যতাই অগ্ৰগতি লাভ কৰিছে। আমাক গছ-বনে অক্সিজেন দি থাকে বাবে আমি জীয়াই থাকো। প্ৰকৃতিৰ জৈৱ বৈচিত্ৰ্যতা যদি সঁচাকৈ ৰক্ষা কৰিব লাগে, তাৰ সম্পূৰ্ণ দায়িত্ব নিৰ্ভৰ কৰিব বন বিভাগৰ ওপৰত।‘

অসম ৰাজ্যিক চিৰিয়াখানাত সীমাৰ দেৱাল ভাগি থকা সন্দৰ্ভত নৰ্থ ইষ্ট নাওৰ সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত শুক্লবৈদ্যই কয় ‘নিশ্চয়কৈ আমি ভগ্ন দেৱাল মেৰামতি কৰাৰ ব্যৱস্থা অনতিপলমে হাতত ল’ম। কেনেকৈ আমি জন্তুবিলাকৰ ৰক্ষণাৱেক্ষণ দিব পাৰো তাৰ ওপৰত গুৰুত্ব দিয়া হ’ব।‘

প্ৰাক্তন বন মন্ত্ৰী প্ৰমিলাৰাণী ব্ৰহ্মক প্ৰশংসা কৰি বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই কয় ‘বন মন্ত্ৰী প্ৰমিলাৰাণী ব্ৰহ্মই যোৱা দুবছৰে বহু পৰিশ্ৰম কৰিলে। তেওঁ সাফল্যও লাভ কৰিলে। বিভিন্ন দপ্তৰ দিয়াৰ ক্ষেত্ৰত বিভিন্ন চিন্তা কৰি দপ্তৰ দিয়া হয়।‘

আনহাতে, মন্ত্ৰিত্ব নিদিয়াৰ বাবে বৰাক উপত্যকাত ৰাজহুৱা মুণ্ডন হোৱা সন্দৰ্ভত তেওঁ কয় ‘আমাৰ কিছুমান নিৰ্দিষ্ট নিয়ম আছে তথা কিমানসংখ্যক মন্ত্ৰী ল’ম তাৰো নিৰ্ধাৰিত নিয়ম আছে। বৰাক-ব্ৰহ্মপুত্ৰ উপত্যকা হিচাপে ভাগ ভাগ কৰিব নালাগে। বৰাকখনো অসমতে আছে। মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ ৰাইজৰ মতে হ’ব লাগে। ৰাইজে যেনেকুৱা মন্ত্ৰী ভাল পায়, ৰাইজৰ প্ৰতিটো সমস্যা নিয়ন্ত্ৰণ কৰা মন্ত্ৰী বিচাৰে। মুখ্য মন্ত্ৰীয়ে আজি মোক এইটো দায়িত্ব দিছে, মই লৈছো, কাইলৈ যদি বেলেগ দায়িত্ব দিয়ে, মই ল’ব লাগিব। যদি মোক বিধায়ক হিচাপেও কাম কৰি যাবলৈ কয়, তেন্তে কৰিব লাগিব।’

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লেইলন ভাইফেই হত্যাকাণ্ডৰ প্ৰতিবাদত উত্তাল ইম্ফল! ছাছপেনচন অৱ অপাৰেচন চুক্তি বাতিলৰ দাবী

লেইলন ভাইফেই হত্যাকাণ্ডৰ প্ৰতিবাদত উত্তাল ইম্ফল! ছাছপেনচন অৱ অপাৰেচন চুক্তি বাতিলৰ দাবী

June 20, 2026 5:40 pm
মূৰত নাই হিজাব! মুকলিমূৰীয়া পোছাকত গান গোৱাৰ অপৰাধত ইৰাণৰ গায়িকাক ৭৪টা চাবুকৰ কোবৰ শাস্তি

মূৰত নাই হিজাব! মুকলিমূৰীয়া পোছাকত গান গোৱাৰ অপৰাধত ইৰাণৰ গায়িকাক ৭৪টা চাবুকৰ কোবৰ শাস্তি

June 20, 2026 5:13 pm
বিনা টিকটে ৰেল ভ্ৰমণ কৰিলে ভৰিব লাগিব দুগুণ জৰিমনা, ৰেল বিভাগৰ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত

বিনা টিকটে ৰেল ভ্ৰমণ কৰিলে ভৰিব লাগিব দুগুণ জৰিমনা, ৰেল বিভাগৰ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত

June 20, 2026 4:54 pm
 ৬ জুলাইৰ পৰা আৰম্ভ অসম বিধানসভাৰ বাজেট অধিৱেশন! ১০ জুলাইত দাখিল হ’ব ৰাজ্যৰ ২০২৬-২৭ বিত্তীয় বৰ্ষৰ বাজেট

 ৬ জুলাইৰ পৰা আৰম্ভ অসম বিধানসভাৰ বাজেট অধিৱেশন! ১০ জুলাইত দাখিল হ’ব ৰাজ্যৰ ২০২৬-২৭ বিত্তীয় বৰ্ষৰ বাজেট

June 20, 2026 4:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লেইলন ভাইফেই হত্যাকাণ্ডৰ প্ৰতিবাদত উত্তাল ইম্ফল! ছাছপেনচন অৱ অপাৰেচন চুক্তি বাতিলৰ দাবী

লেইলন ভাইফেই হত্যাকাণ্ডৰ প্ৰতিবাদত উত্তাল ইম্ফল! ছাছপেনচন অৱ অপাৰেচন চুক্তি বাতিলৰ দাবী

June 20, 2026 5:40 pm
মূৰত নাই হিজাব! মুকলিমূৰীয়া পোছাকত গান গোৱাৰ অপৰাধত ইৰাণৰ গায়িকাক ৭৪টা চাবুকৰ কোবৰ শাস্তি

মূৰত নাই হিজাব! মুকলিমূৰীয়া পোছাকত গান গোৱাৰ অপৰাধত ইৰাণৰ গায়িকাক ৭৪টা চাবুকৰ কোবৰ শাস্তি

June 20, 2026 5:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd