DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 24, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

দুৰ্নীতি : বটদ্ৰবা সত্ৰ সমবায় সমিতিৰ ৬ জন সুলভ মূল্যৰ দোকানীক গ্ৰেপ্তাৰ

মিণ্টু দাস by মিণ্টু দাস
July 17, 2018 10:33 am
batadraba

বটদ্রবাত বিশেষ তদাৰকী শাখাৰ তদন্তকাৰী দল। ফটো : নৰ্থইষ্ট নাও

117
VIEWS
Share on FacebookShare on Twitter

কংগ্ৰেছৰ দখলত থকা বটদ্ৰবা সত্ৰ সমবায় সমিতিত দীৰ্ঘদিন ধৰি চাউল, আটা আদি বিতৰণৰ ক্ষেত্ৰত ব্যাপক অনিয়ম সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈ আহিছে। পূৰ্বে বিভিন্ন সময়ত বাতৰিৰ শিৰোনাম দখল কৰি অহাৰ পিছত সমবায়ত সংঘটিত দুৰ্নীতি অনিয়মৰ তদন্তৰ বাবে মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী শাখাই তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰে।

তদন্ত প্ৰক্ৰিয়াৰ মাজতে কালি আন এক নতুন কেলেংকাৰী উদঘাটন কৰিবলৈ সক্ষম হয় তদাৰকী শাখাই। ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ অধীনস্থ খাদ্য সুৰক্ষা আঁচনিৰ চাউল গ্ৰাহকক বিতৰণ কৰাৰ ক্ষেত্ৰত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ তথ্য পোহৰলৈ আহে।

বটদ্ৰবা সত্ৰ সমবায় সমিতিখন এখন বিয়াগোম সমবায় সমিতি য’ত একনায়কত্ববাদৰ লগতে দুৰ্নীতি আৰু অনিয়মেৰে লুতুৰি-পুতুৰি হৈ আছে। নগাঁও জিলাৰ এই বটদ্ৰবা সত্ৰ সমবায় সমিতি বিগত প্ৰায় ১৮টা বছৰে কংগ্ৰেছৰ দখলত আছে।

বটদ্ৰবা সত্ৰ সমবায়ৰ অন্তৰ্গত কেইবাখনো সুলভ মূল্যৰ দোকানত এনে অনিয়ম সংঘটিত হোৱা বুলি অংশীদাৰী ৰাইজে এক লিখিত অভিযোগ দাখিল কৰাৰ পিছত ঘটনাই নতুন মোৰ লাভ কৰে। কালি পুৱা মুখ্যমন্ত্ৰীৰ তদাৰকী শাখাৰ তদন্তকাৰী বিষয়াৰ দল এটি বটদ্ৰবা গড়কাপ্তানি পৰিদৰ্শন বাংলাত উপস্থিত হৈ সুলভ মূল্যৰ দোকানীসকলক সোধ পোছ আৰম্ভ কৰে আৰু দোকানী সকলৰ সাক্ষ্য গ্ৰহণ কৰে।

তদন্তকাৰী দলে বটদ্ৰৱাৰ সত্ৰ সমবায় সমিতিৰ দুৰ্নীতিৰ বিৰুদ্ধে অভিযান চলাই সকলোবোৰ নথি পত্ৰ আৰু তথ্য পৰীক্ষা কৰাৰ অন্তত প্ৰায় দুটা দশক জুৰি চলাই অহা একনায়কত্ববাদ আৰু খাদ্য সুৰক্ষা আঁচনিৰ নামত আৱন্টিত চাউল লুণ্ঠনৰ বৃহৎ কেলেংকাৰীৰ অভিযোগত ৬ জনক গ্ৰেপ্তাৰ কৰা হয়।

গ্ৰেপ্তাৰ হোৱা সুলভ মূল্যৰ দোকানী কেইজন আহমেদ আলী, কোবাছ আলী, মহৰ উদ্দিন, আব্দুল ৰহমান, কাছেম আলী আৰু ছমছেৰ আলী। গ্ৰেপ্তাৰ হোৱা লোক কেইজনৰ বিৰুদ্ধে  vps Case no 01/18 us-120(b)406/420/468/I PC R/W section 13 (c) PC Act.ৰ অধীনত গোচৰ ৰুজু কৰিছে।

জানিব পৰা মতে, বটদ্ৰবা সত্ৰ সমবায় সমিতিখন অবৈধভাৱে সমবায় আইনক ভেঙুচালি কৰি বিগত প্ৰায় ১৮টা বছৰ পৰিয়ালকেন্দ্ৰিকভাৱে কংগ্ৰেছে দখল কৰি আছে। উল্লেখ্য যে বটদ্ৰবা ব্লক কংগ্ৰেছৰ সাধাৰণ সম্পাদক জনৈক আবেদিনৰ পৃষ্ঠপোষকতাত ছোৰহাব উদ্দিন আৰু ছামচুল আলম (আবল)ৰ সভাপতিত্বৰ সময়ছোৱাত সমবায়ৰ সম্পাদকৰ দায়িত্বত থকা মোক্তাৰ হুছেইন আৰু বৰ্তমানৰ সম্পাদক আজিবুৰ ৰহমানে চাউল, আটা বিতৰণৰ ক্ষেত্ৰত ব্যাপক দুৰ্নীতি, অনিয়ম লুন্ঠন চলাই আহিছে বুলি অভিযোগ উত্থাপন হৈ আহিছে।

এনে প্ৰেক্ষাপটত বটদ্ৰবা সত্ৰ সমবায়ত বিগত সময় ছোৱাত সংঘটিত দুৰ্নীতি অনিয়মৰ তদন্তৰ বাবে মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী শাখাই চলোৱা তদন্ত প্ৰক্ৰিয়াত সোমবাৰে ছয়জনক গ্ৰেপ্তাৰ কৰা ঘটনাক সচেতন মহলে সন্তুষ্টি প্ৰকাশ কৰে।

Recent News

Dawood Ibrahim is in Karachi

ক’ত আছে আণ্ডাৰৱৰ্ল্ডৰ কুখ্যাত সম্ৰাট ডাউদ ইব্ৰাহিম! নিজ ভাগিনৰ ভাষ্যত বিস্ফোৰক তথ্য

Punjab CM Mann Sacks A Minister For Corruption

দুৰ্নীতিৰ অভিযোগ: নিজ কেবিনেটৰ স্বাস্থ্য মন্ত্ৰীক বৰ্খাস্ত কৰিলে পঞ্জাৱৰ মুখ্যমন্ত্ৰীয়ে, গ্ৰেপ্তাৰ অভিযুক্ত মন্ত্ৰী

Road Accident in Sipajhar

পূৰণ নহ’ল সেনাত ভৰ্তিৰ সপোন: ছিপাঝাৰত দ্ৰুতবেগী ট্ৰাকে প্ৰাণ ল’লে পাঁচজনৰ

বাহিৰৰ হস্তক্ষেপ সহ্য নকৰে! টাইৱানৰ সম্পৰ্কত বিডেনৰ বক্তব্যক উভতি ধৰিছে চীনে

বাহিৰৰ হস্তক্ষেপ সহ্য নকৰে! টাইৱানৰ সম্পৰ্কত বিডেনৰ বক্তব্যক উভতি ধৰিছে চীনে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd