DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, January 28, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

দুৰ্লভ আৰু মূল্যৱান ৪ হাজাৰ ঐতিহাসিক নথিপত্ৰ ডিজিটেলি উপলব্ধ কৰিলে তেজপুৰ বিশ্ববিদ্যালয়ে

প্ৰণৱ কুমাৰ দাস by প্ৰণৱ কুমাৰ দাস
January 30, 2018 10:40 pm
TUAssam
218
VIEWS
Share on FacebookShare on Twitter

তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ অসমীয়া অধ্যয়ন কেন্দ্ৰই আজি এটা উল্লেখযোগ্য পদক্ষেপ লৈ অসমৰ দুৰ্লভ ঐতিহাসিক পুথি-পাঁজি কিছুমান ডিজিটেল জগতত পোৱাৰ ব্যৱস্থা কৰে। অধ্যাপক ৰঞ্জিত কুমাৰ দেৱগোস্বামীৰ নেতৃত্বত এই বৃহৎ আৰু আদৰণীয় কামটো সম্পন্ন হৈছে বুলি আমাক এটা সূত্ৰই জানিবলৈ দিছে।

আজি বিশ্ববিদ্যালয়খনৰ কাউন্সিল হলত অনুষ্ঠিত এটা কাৰ্য্যসূচীত বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য্য এম এম শৰ্মাই এই ডিজিটাইজড ঐতিহাসিক নথিবোৰ আনুষ্ঠানিকভাৱে মুকলি কৰে। এইবোৰ এতিয়াৰ পৰা বিশ্ববিদ্যালয়খনৰ ৱেবছাইত মানুহে চাব পাৰিব।

কেন্দ্ৰটোৰ অধ্যাপক দেৱগোস্বামীৰ উপৰি ড০ জুৰি দত্ত, আৰু গৱেষণা সহায়ক ড০ সঞ্জীৱ ডেকাই এই বৃহৎ প্ৰকল্পটো হাতত লৈছিল বুলি সূত্ৰটোৱে কয়। জানিব পৰামতে প্ৰায় ৪ হাজাৰ নথিপত্ৰ এই প্ৰকল্পৰ জৰিয়তে ডিজিটেলাইজড কৰা হৈছে। ইয়াৰ মাজত বহুতো মূল্যৱান তথা সহজে নোপোৱা পুৰণি নথিপত্ৰ আৰু কিতাপ তথা সাঁচিপাতৰ পুথিও আছে।

১৮৭৬ চনত প্ৰকাশ কৰা কীৰ্তন আৰু নামঘোষাৰ প্ৰথম সংস্কৰণ, সাঁচিপাতৰ পাণ্ডুলিপি, দশম স্কন্ধ ভাগৱত(বৰপেটা সত্ৰ), অনন্ত কন্দলীৰ ৰামায়াণ (বৰপেটা সত্ৰ), নামঘোষা (ব্ৰহ্মপুৰ বীণাপাণি লাইব্ৰেৰী, জামুগুৰি), হেমচন্দ্ৰ বৰুৱাৰ হেমকোষৰ প্ৰথম সংস্কৰণ, সাহিত্য কাণ্ডাৰী পদ্মনাথ গোহাঞিবৰুৱা আৰু কৃষ্ণকান্ত সন্দিকৈৰ ব্যক্তিগত দিনলিপি, জ্যোতিপ্ৰসাদ আগৰৱালাৰ হাতেলিখা পাণ্ডুলিপি আদি অতি দুৰ্লভ আৰু মূল্যৱান নথিপত্ৰ এই প্ৰকল্পৰ জৰিয়তে ডিজিটেল জগতত উপলব্ধ কৰা হৈছে।

কেন্দ্ৰটোৱে গুৱাহাটী বিশ্ববিদ্যালয় প্ৰতিষ্ঠা সম্পৰ্কীয় (১৯৪৮) চৰকাৰী নথিপত্ৰও এই পদ্ধতিৰে উপলব্ধ কৰি তুলিছে।

কাৰ্য্যসূচীটোত ভাষণ দি অধ্যাপক দেৱগোস্বামীয়ে কয় যে ইয়াৰ জৰিয়তে গৱেষক, ছাত্ৰ, শিক্ষাবিদসকল যথেষ্ট উপকৃত হ’ব।

Recent News

আদানীৰ বিত্তীয় কেলেংকাৰী! ক্ষতিগ্ৰস্ত হৈছে LIC, কিয় আৰু কেনেকৈ? জানিবলৈ চাওক…

আদানীৰ বিত্তীয় কেলেংকাৰী! ক্ষতিগ্ৰস্ত হৈছে LIC, কিয় আৰু কেনেকৈ? জানিবলৈ চাওক…

বায়ুসেনাৰ দুই যুদ্ধ বিমান দুৰ্ঘটনাগ্ৰস্ত : আকাশমাৰ্গতে মুখামুখি সংঘৰ্ষ হোৱাৰ সন্দেহ!

বায়ুসেনাৰ দুই যুদ্ধ বিমান দুৰ্ঘটনাগ্ৰস্ত : আকাশমাৰ্গতে মুখামুখি সংঘৰ্ষ হোৱাৰ সন্দেহ!

কিমান বছৰ বয়সত এগৰাকী কন্যা মাতৃ হ’ব লাগে? ক’লে বহুবল্কী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

কিমান বছৰ বয়সত এগৰাকী কন্যা মাতৃ হ’ব লাগে? ক’লে বহুবল্কী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

BBCৰ গুজৰাট সংঘৰ্ষৰ তথ্যচিত্ৰ : কংগ্ৰেছ নেতাৰ শশী থাৰুৰক আক্ৰমণ কাৰ?

BBCৰ গুজৰাট সংঘৰ্ষৰ তথ্যচিত্ৰ : কংগ্ৰেছ নেতাৰ শশী থাৰুৰক আক্ৰমণ কাৰ?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd