• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

তৃতীয় সংখ্যক নুমলীগড় মাৰাথন প্ৰতিযোগিতাত কেনিয়াৰ খেলুৱৈৰ আধিপত্য

ৰিতুপল্লৱ শইকীয়া by ৰিতুপল্লৱ শইকীয়া
February 11, 2018 7:55 pm
Participants of Numaligarh Marathon 2018
186
VIEWS
Share on FacebookShare on Twitter

নুমলীগড় ৰিফাইনেৰী লিমিটেডে আয়োজন কৰি অহা তৃতীয় সংখ্যক নুমলীগড় মাৰাথন ২০১৮ৰ দেওবাৰে নুমলীগড় টাউনশ্বীপত সফলতাৰে অনুষ্ঠিত হৈ যায়। ‘ৰান টু কীপ ফীট’ শীৰ্ষক মন্ত্ৰৰে আয়োজিত মাৰাথনত ৰিফাইনেৰী অঞ্চলবাসী, এনআৰএল কৰ্মচাৰীৰ পৰিয়ালৰ লগতে দেশ তথা ৰাজ্যৰ মাৰাথন খেলুৱৈৰ উপৰি কেনিয়া আৰু নেপালৰ পৰা অহা প্ৰতিযোগীয়েও অংশগ্ৰহণ কৰা পৰিলক্ষিত হয়।

উল্লেখ্য যে প্ৰতিযোগিতাখন তিনিটা শাখাত অনুষ্ঠিত কৰা হোৱা বুলি আয়োজকে আমাক জানিবলৈ দিয়ে। পুৰুষ আৰু মহিলা দুয়োটা শাখাৰ বাবে হাফ মাৰাথন ২১.১ কিলোমিটাৰ, এনডিউৰেন্সত ১০ কিলোমিটাৰ আৰু ড্ৰিম ৰানত ৫ কিলোমিটাৰ দৈৰ্ঘৰ লক্ষ্য স্থান নিৰ্ধাৰণ কৰি দিয়ে।

এই তিনিটা শাখাৰ মাৰাথন প্ৰতিযোগিতা সমূহ উদ্বোধন কৰে এনআৰএলৰ এমডি এছ কে বৰুৱা, এনআৰএলৰ ইন্ডিপেনডেণ্ট ডিৰেক্টৰ স্নেহ লতা কুমাৰ আৰু এনআৰএলৰ ডিৰেক্টৰ(টেকনিকেল) বি জে ফুকনে।

লক্ষ্যণীয় যে ২১.১ কিলোমিটাৰ প্ৰতিযোগিতাৰ পুৰুষৰ শাখাত প্ৰথম কেনিয়াৰ জেমছ নিডি ন্যইৰা(১.১৩.২৬ মিণিটত) আৰু মেঘালয়ৰ তীৰ্থ পুনে(১.১৫.৪০ মিণিট) দ্বিতীয় স্থান দখল কৰিবলৈ সক্ষম হৈছে।

আনহাতে মহিলাৰ ২১.১ কিলোমিটাৰত কেনিয়াৰ চেচিলিহ ৱাংগুই ৱাৰুটুমোই(১.৩৯.১৩মিণিটত) প্ৰথম স্থান দখল কৰিছে।

ইয়াৰ উপৰি পুৰুষৰ ১০ কিলোমিটাৰ শাখাত প্ৰথম হৈছে মেঘালয়ৰ ষ্টিলিন জিৰৱা(৩২.৩২মিণিট) আৰু মহিলাৰ প্ৰথম হৈছে শ্বিলঙৰ ডাটেইবেংকিনমাউ মাৰউইন(৪০.২৫মিণিট)।

তদুপৰি পুৰুষৰ ৫ কিলোমিটাৰ শাখাত গোলাঘাটৰ জয়মংগল ওৰাঙে(২৩.২২.১৩ মিণিট) প্ৰথম আৰু গোলাঘাটৰে সীমা বেগমে(৩১.৫৭.১০মিণিট) মহিলাৰ শাখাত প্ৰথম স্থান দখল কৰিছে।

প্ৰতিযোগিতাৰ শেষত ডিপিএছ নুমলীগড় খেলপথাৰত আয়োজিত বঁটা বিতৰণী অনুষ্ঠানত খেলুৱৈ সকলক পুৰস্কাৰ সমূহ প্ৰদান কৰা হয়। আনহাতে বঁটা বিতৰণী অনুষ্ঠানতে আয়োজক সন্থাই ঘোষণা কৰে যে আগন্তুক বৰ্ষত নুমলীগড় মাৰাথন প্ৰতিযোগিতাখন সম্পূৰ্ণ পূৰ্ণ মাৰাথন প্ৰতিযোগিতালৈ ৰূপান্তৰিত কৰা হ’ব।

স্মৰ্তব্য যে সামৰণি অনুষ্ঠানত অৰ্জুন বঁটা প্ৰাপ্ত তথা এছিয়ান গেমছৰ সোণৰ পদক বিজয়ী ভোগেশ্বৰ বৰুৱা আৰু আৰ্ম ৰেষ্টলিং চেম্পিয়ন যবি মেথিউজো উপস্থিত আছিল। তেওঁলোক দুয়োজনে ভাষণ প্ৰসংগত খেলুৱৈ সকলৰ মনোবল বৃদ্ধি কৰাৰ উদ্দেশ্যে নিজৰ নিজৰ অভিজ্ঞতা সমূহ খেলুৱৈ সকলৰ ব্যক্ত কৰে।

Recent News

গৰুখুটি বহুমুখী কৃষি প্ৰকল্পৰ গীৰ গাই প্ৰসংগত চিপিআই(এম)ৰ সংবাদমেল

গৰুখুটি বহুমুখী কৃষি প্ৰকল্পৰ গীৰ গাই প্ৰসংগত চিপিআই(এম)ৰ সংবাদমেল

অসমলৈ অসুস্থ গীৰ গাই অনাৰ বাবে জগৰীয়া কোন? গৰুখুঁটি প্ৰকল্পৰ কেলেংকাৰীৰ চিবিআই তদন্ত বিচাৰিলে কংগ্ৰেছে

অসমলৈ অসুস্থ গীৰ গাই অনাৰ বাবে জগৰীয়া কোন? গৰুখুঁটি প্ৰকল্পৰ কেলেংকাৰীৰ চিবিআই তদন্ত বিচাৰিলে কংগ্ৰেছে

গুৱাহাটীৰ পানীযোগানৰ দাবীত নাগৰিক ঐক্য মঞ্চ

গুৱাহাটীৰ পানীযোগানৰ দাবীত নাগৰিক ঐক্য মঞ্চ

পাকিস্তান সীমান্তত মোতায়েনৰ বাবে আপাচী হেলিকপ্টাৰ লাভ কৰিলে ভাৰতে

পাকিস্তান সীমান্তত মোতায়েনৰ বাবে আপাচী হেলিকপ্টাৰ লাভ কৰিলে ভাৰতে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd