DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 26, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

দেৱাশিস খাৰঘৰীয়াক ৩ দিনৰ আৰক্ষীৰ জিম্মাত; ভনীয়েকক গোচৰ প্ৰত্যাহাৰৰ অনুৰোধ বায়েকৰ

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
July 20, 2018 7:06 pm
Debashis

দেৱাশিস খাৰঘৰীয়া। ফাইল ফটো।

81
VIEWS
Share on FacebookShare on Twitter

যোৱা ১ জুলাইত শিৱসাগৰ নগৰৰ আছুতীয়া পথত সংঘটিত হোৱা খাৰঘৰীয়া দম্পতীৰ চাঞ্চল্যকৰ আত্মহত্যাৰ গোচৰৰ মূল অভিযুক্ত দেৱাশিস খাৰঘৰীয়াক কালি শিৱসাগৰ আৰক্ষীয়ে গুৱাহাটী ছয়মাইলত গ্ৰেপ্তাৰ কৰাৰ পিছত আজি শিৱসাগৰ  আদালতত হাজিৰ কৰোৱা হয়।

উল্লেখযোগ্য যে  আত্মহত্যাৰ পূৰ্বে দেউতাক ৰজনী খাৰঘৰীয়াই লিখি থৈ গৈছিল বহুকেইটা টোকা। তাত নিজৰ পুতেক-বোৱাৰীয়েকে অৱহেলা আৰু মানসিক নিৰ্যাতন কৰাৰ অভিযোগ আছিল। তাৰ বাবেই এনেদৰে চৰম পথ লবলৈ বাধ্য হ’ল বুলি টোকাটোত স্পষ্টভাৱে লিখিছিল।

খাৰঘৰীয়া দম্পতীৰ মৃত্যুৰ দিনাই সৰু বায়েকে মণিকাই শিৱসাগৰ সদৰ থানাত দেৱাশিসক দোষাৰোপ কৰি এখন এজাহাৰ দাখিল কৰিছিল।

কালি দেৱাশিসক শিৱসাগৰলৈ নিয়া হৈছিল যদিও আজিহে স্বাস্থ্য পৰীক্ষা কৰোৱাৰ পিছত তেওঁক আদালতত হাজিৰ কৰে আৰক্ষীয়ে। আদালতে দেৱাশিসক তিনি দিনৰ বাবে আৰক্ষীৰ জিম্মাত প্ৰেৰণ কৰে। মন কৰিব লগীয়া যে আদালতত হাজিৰ কৰোৱাৰ সময়ত দেৱাশিসৰ কোনো অধিবক্তা নাছিল।

ইফালে দেৱাশিসেৰ ভাষ্য মতে তেওঁ কোনো ভুল কৰা নাই। ‘লাহে লাহে ৰাইজে সকলো সত্য গম পাব’ বুলিও তেওঁ তাৎপৰ্য্যপূৰ্ণ ইংগিত দিয়ে।

আনহাতে আজি দেৱাশিসৰ আন এগৰাকী বায়েক মৃদুস্মিতাই সংবাদ মাধ্যমৰ আগত কয় যে দেউতাকে লিখি যোৱা সকলো কথাই সত্য নহয়। তেওঁ ভনীয়েক মণিকাক দেৱাশিসৰ বিৰুদ্ধে দিয়া গোচৰটো উঠাই ল’বলৈও অনুৰোধ কৰে। মৃদুস্মিতাই ভায়েকৰ শাস্তি হোৱাটো নিবিচাৰে। তেওঁৰ মতে শহুৰেকৰ ঘৰৰ প্ৰৰোচনাত পৰিহে বিপথে গৈছিল দেৱাশিস।

ইয়াৰ বিপৰীতে কঠোৰ শাস্তি বিচাৰিছে সৰু বায়েকে। মণিকাই আৰক্ষীৰ ভূমিকাতো ৰহস্যৰ গোন্ধ পাইছে। একেলগে থকাৰ পিছতো গোপনে চলোৱা অভিযানত দেৱাশিসৰ পত্নী গীতাশ্ৰী দুৱৰা কিয় গ্ৰেপ্তাৰ নহ’ল বুলি প্ৰশ্ন কৰিছে মণিকাই।

Recent News

কাশ্মীৰত নিৰাপত্তা বাহিনীৰে তুমুল সংঘৰ্ষত ৩ পাক সন্ত্ৰাসবাদী নিহত

কাশ্মীৰত নিৰাপত্তা বাহিনীৰে তুমুল সংঘৰ্ষত ৩ পাক সন্ত্ৰাসবাদী নিহত

জনজাতিকৰণ আৰু পৃথক কমতাপুৰৰ দাবীত আক্ৰাছুৰ আন্দোলনৰ কাৰ্যসূচী ঘোষণা

জনজাতিকৰণ আৰু পৃথক কমতাপুৰৰ দাবীত আক্ৰাছুৰ আন্দোলনৰ কাৰ্যসূচী ঘোষণা

অসমৰ বানপানী আৰু ডিমা হাচাও: বিভীষিকাৰ কাৰণ আৰু সমাধান সূত্ৰ কি?

অসমৰ বানপানী আৰু ডিমা হাচাও: বিভীষিকাৰ কাৰণ আৰু সমাধান সূত্ৰ কি?

অৱশেষত শাস্তি ঘোষণা: জম্মু-কাশ্মীৰৰ বিচ্ছিন্নতাবাদী নেতা য়াছিন মালিকক যাৱজ্জীৱন কাৰাদণ্ড

অৱশেষত শাস্তি ঘোষণা: জম্মু-কাশ্মীৰৰ বিচ্ছিন্নতাবাদী নেতা য়াছিন মালিকক যাৱজ্জীৱন কাৰাদণ্ড

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd