যোৱা ১ জুলাইত শিৱসাগৰ নগৰৰ আছুতীয়া পথত সংঘটিত হোৱা খাৰঘৰীয়া দম্পতীৰ চাঞ্চল্যকৰ আত্মহত্যাৰ গোচৰৰ মূল অভিযুক্ত দেৱাশিস খাৰঘৰীয়াক কালি শিৱসাগৰ আৰক্ষীয়ে গুৱাহাটী ছয়মাইলত গ্ৰেপ্তাৰ কৰাৰ পিছত আজি শিৱসাগৰ আদালতত হাজিৰ কৰোৱা হয়।
উল্লেখযোগ্য যে আত্মহত্যাৰ পূৰ্বে দেউতাক ৰজনী খাৰঘৰীয়াই লিখি থৈ গৈছিল বহুকেইটা টোকা। তাত নিজৰ পুতেক-বোৱাৰীয়েকে অৱহেলা আৰু মানসিক নিৰ্যাতন কৰাৰ অভিযোগ আছিল। তাৰ বাবেই এনেদৰে চৰম পথ লবলৈ বাধ্য হ’ল বুলি টোকাটোত স্পষ্টভাৱে লিখিছিল।
খাৰঘৰীয়া দম্পতীৰ মৃত্যুৰ দিনাই সৰু বায়েকে মণিকাই শিৱসাগৰ সদৰ থানাত দেৱাশিসক দোষাৰোপ কৰি এখন এজাহাৰ দাখিল কৰিছিল।
কালি দেৱাশিসক শিৱসাগৰলৈ নিয়া হৈছিল যদিও আজিহে স্বাস্থ্য পৰীক্ষা কৰোৱাৰ পিছত তেওঁক আদালতত হাজিৰ কৰে আৰক্ষীয়ে। আদালতে দেৱাশিসক তিনি দিনৰ বাবে আৰক্ষীৰ জিম্মাত প্ৰেৰণ কৰে। মন কৰিব লগীয়া যে আদালতত হাজিৰ কৰোৱাৰ সময়ত দেৱাশিসৰ কোনো অধিবক্তা নাছিল।
ইফালে দেৱাশিসেৰ ভাষ্য মতে তেওঁ কোনো ভুল কৰা নাই। ‘লাহে লাহে ৰাইজে সকলো সত্য গম পাব’ বুলিও তেওঁ তাৎপৰ্য্যপূৰ্ণ ইংগিত দিয়ে।
আনহাতে আজি দেৱাশিসৰ আন এগৰাকী বায়েক মৃদুস্মিতাই সংবাদ মাধ্যমৰ আগত কয় যে দেউতাকে লিখি যোৱা সকলো কথাই সত্য নহয়। তেওঁ ভনীয়েক মণিকাক দেৱাশিসৰ বিৰুদ্ধে দিয়া গোচৰটো উঠাই ল’বলৈও অনুৰোধ কৰে। মৃদুস্মিতাই ভায়েকৰ শাস্তি হোৱাটো নিবিচাৰে। তেওঁৰ মতে শহুৰেকৰ ঘৰৰ প্ৰৰোচনাত পৰিহে বিপথে গৈছিল দেৱাশিস।
ইয়াৰ বিপৰীতে কঠোৰ শাস্তি বিচাৰিছে সৰু বায়েকে। মণিকাই আৰক্ষীৰ ভূমিকাতো ৰহস্যৰ গোন্ধ পাইছে। একেলগে থকাৰ পিছতো গোপনে চলোৱা অভিযানত দেৱাশিসৰ পত্নী গীতাশ্ৰী দুৱৰা কিয় গ্ৰেপ্তাৰ নহ’ল বুলি প্ৰশ্ন কৰিছে মণিকাই।